ৰেষ্টুৰেণ্টৰ ১০% ছাৰ্ভিচ চাৰ্জ আইনবিৰুদ্ধ : গ্ৰাহক পৰিক্ৰমা বিভাগ

0 50

শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে’ :

কোনো এখন ৰেষ্টুৰেণ্টত আপুনি আহাৰ গ্ৰহণ কৰাৰ পাছত আহাৰৰ মূল্যৰ লগতে সেৱা কৰ বা ছাৰ্ভিচ চাৰ্জ পৰিশোধ কৰে নেকি ? বা অতিৰিক্ত ভাবে এই কৰ পৰিশোধ কৰিবলৈ আপোনাক বাধ্য কৰাই নেকি ? যদি এনে পৰিস্থিতিৰ মুখামুখি হৈছে তেন্তে গ্ৰাহক পৰিক্ৰমা বিভাগত অভিযোগ দিয়ক নতুবা হেল্পলাইন ব্যৱহাৰ কৰক।

কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা বিভাগে ৰেষ্টুৰেণ্ট সমূহক গ্ৰাহকৰ পৰা সেৱা প্ৰদান কৰাৰ বিনিময়ত কোনো ছাৰ্ভিচ চাৰ্জ নল’বলৈ শেহতীয়াকৈ পুনৰ সকীয়াই দিছে আৰু সোঁৱৰাই দিছে যে, ই সম্পূৰ্ণ ঐচ্ছিক বা স্বেচ্ছামূলক। আইন অনুসৰি ই বাধ্যতামূলক নহয়। কিন্তু দেখা গৈছে, দেশৰ বিভিন্ন প্ৰান্তত বহুতো ৰেষ্টুৰেণ্টে আহাৰৰ মূল্যৰ উপৰিও গ্ৰাহকৰ পৰা অতিৰিক্ত ১০ শতাংশ ধন ছাৰ্ভিচ চাৰ্জ হিচাপে দাবী কৰি আহিছে। কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা বিভাগে ২০১৭ চনৰ এপ্ৰিল মাহতেই ৰেষ্টুৰেণ্ট সমূহক গ্ৰাহকৰ পৰা অতিৰিক্ত ১০ শতাংশ ছাৰ্ভিচ চাৰ্জ ধাৰ্য নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। গ্ৰাহকে ইচ্ছানুসৰি সেৱা প্ৰদানত সন্তুষ্ট হ’লে অতিৰিক্ত ভাবে যিকোনো পৰিমাণৰ ধন আগবঢ়াব পাৰে, কিন্তু ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই গ্ৰাহকক ইয়াৰ বাবে বাধ্য কৰাব নোৱাৰে। তৎস্বতেও বহুতো ৰেষ্টুৰেণ্টে গ্ৰাহকৰ পৰা জোৰ-জুলুমকৈ ছাৰ্ভিচ চাৰ্জৰ নামত বৰ্তমানেও অবৈধ ভাবে ধন সংগ্ৰহ কৰি থকা বিষয়টো উপভোক্তা পৰিক্ৰমা বিভাগৰ দৃষ্টিগোচৰ হৈছে। সংবাদ পত্ৰ আৰু ৰাষ্ট্ৰীয় উপভোক্তা হেল্পলাইনৰ যোগেদি উত্থাপন কৰা এনে অসংখ্য অভিযোগৰ ভিত্তিত বিভাগটোৰ সচিব ৰোহিত কুমাৰ সিঙে সোমবাৰে নেশ্যনেল ৰেষ্টুৰেণ্ট এছোছিয়েশ্যন অৱ ইণ্ডিয়ালৈ এই মৰ্মে এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত কোৱা হৈছে যে, ই সম্পূৰ্ণ আইনবিৰুদ্ধ আৰু ইয়ে গ্ৰাহকৰ অধিকাৰ খৰ্ব কৰিছে। এই বিষয়টো আলোচনাৰ বাবে উপভোক্তা পৰিক্ৰমা বিভাগে নেশ্যনেল ৰেষ্টুৰেণ্ট এছোছিয়েশ্যন অৱ ইণ্ডিয়াৰ লগত অহা ২ জুন তাৰিখে এখন বৈঠকৰ আহ্বান কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More