অইলৰ ‘প্ৰজেক্ট স্বাৱলম্বন’ : দেশে বিদেশে সংস্থাপিত বহুজন

 আশাৰ বতৰা হৈ আহিছে অইলৰ নতুন প্ৰকল্প 

0 17

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩০ এপ্ৰিলঃ যোৱা দুটা বছৰে ক’ভিডপিষ্ট পৰিৱেশৰ লগতে অন্যান্য কাৰণত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । মুম্বাইৰ ‘চেন্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি প্ৰাইভেট লিমিটেড’ নামৰ প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি লাখ লাখ ভাৰতীয় নিবনুৱাই যোগ্য কৰ্মসংস্থাপনৰ অভাৱত হতাশাগ্ৰস্ততাত ভুগিছে । অসমো ইয়াৰ ব্যতিক্ৰম নহয় । কৰ্মসংস্থাপনৰ অভাৱত বহু সম্ভাৱনাময় নিবনুৱাই ড্ৰাগছৰ দৰে বৰবিহ আঁকোৱালি লৈছে । কোনোবা যদি এনে বৰবিহৰ বেহাত জড়িত হৈ পৰিছে কোনোবা আকৌ লিপ্ত হৈছে অসামাজিক কামকাজত । আনফালে একাংশ প্ৰতিভাৱান যুৱক, যুৱতীয়ে সশস্ত্ৰ পন্থাৰ বাট লৈ যোগদান কৰিছে নিষিদ্ধ ঘোষিত সংগঠনত । এনেবোৰ নিৰাশাৰ মাজতে অইল ইণ্ডিয়া লিমিটেডৰ ‘প্ৰজেক্ট স্বাৱলম্বনে’ বিনামূলীয়া প্ৰশিক্ষণৰ জৰিয়তে যোগ্য নিবনুৱাক দেশৰ লগতে বিদেশতো হোটেল আৰু পৰ্যটনৰ ক্ষেত্ৰখনত নিযুক্ত হ’বলৈ সুবিধা প্ৰদান কৰিছে । জানিব পৰা মতে প্ৰজেক্ট স্বাৱলম্বনৰ অধীনত প্ৰশিক্ষণ লাভ কৰা শদিয়াৰ বিতু দেউৰীয়ে ইটালীৰ কষ্টা-ভেনিজিয়া ক্ৰুইজ, শদিয়াৰ দশৰথ দেৱনাথে মালদ্বীপৰ এটম’স্ফিয়েৰ ৰিজ’ৰ্ট, মাকুমৰ কৰিস্মা বৰাই আল জৰাহ (ইউ এ ই) আৰু নিপু কুৰ্মীয়ে ডুবাইৰ ম’ভেনপিক ন’ভোটেল এডাজিঅ, মাৰ্ঘেৰিটাৰ পৰী বৰুৱাই মালদ্বীপৰ কুৰেডু ৰিজ’ৰ্ট, তিনিচুকীয়াৰ গোবিন গগৈয়ে স্পেইনৰ আইদাবেল্লা ক্ৰুইজ, ডিব্ৰুগড়ৰ মিটু শইকীয়াই ৰিয়াধৰ ফেয়াৰমন্ট, শিৱসাগৰৰ কংকন শৰ্মাই ইউনাইটেড কিংডমৰ পি এণ্ড অ’ ক্ৰুইজ, পেঙেৰীৰ ৰুবুল মৰাণে ইউ এ ই চৰকাৰৰ অধীনৰ ট্যুৰিজিম এণ্ড কালচাৰ বিভাগত চাকৰি কৰি আছে । বিদেশৰ উপৰি দেশৰ পৰ্যটন ক্ষেত্ৰখনতো নিযুক্ত হৈ আছে হাজাৰোধিক যুৱক, যুৱতী । যোগ্য নিবনুৱাৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত অইল ইণ্ডিয়াই গ্ৰহণ কৰা পদক্ষেপে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More