বিনয়কৃষ্ণ তামুলী ফুকন
চোতালত কোনোৱা এজন আলহীয়ে “ৰেলী”, “এটলচ”, “হিৰ'”, “এভন”, “বি এছ এ” চাইকেল এখন ৰাখিলে মনে মনে ধামত চলোৱাটো আমাৰ কৈশোৰ কালৰ প্ৰত্যাহ্বানৰ আছিল। মটৰ চাইকেল বা ঢেপঢেপি দূৰৈৰ কথা। যি ‘ৰাজদূত’, ‘ ই এছ ডি ‘, ‘ ৰয়েল এণ্ডফিল”, ‘বাজাজ ছুপাৰ’, ‘লেম্বেডা’ চলাই গাঁৱলৈ আহিছিল, সেই সকল যেন দেৱদূত। কাৰোবাৰ ঘৰত কেনেবাকৈ ‘এম্বেচাদৰ’ গাড়ী এখন চোতালত ৰ’লে গাড়ীৰ মালিকত কৈ গৃহস্থৰহে ওজন বাঢ়িছিল। আমি গাঁৱৰ ওখোৰা মোখোৰা পথত চাইকেলৰ টায়াৰ দৌৰাই দৌৰাই খেলিছিলোঁ। খুন্দিয়াবলৈ কোনো নাছিল।
পিছে, যোৱা তিনিটা দশকত অসমৰ ৰাজপথত যন্ত্ৰ চালিত বাহনৰ সংখ্যা ইমানেই বাঢ়িল যে বাহনৰ মূল্যইহে গুৰুত্ব পালে। কেৱল সেয়াই নহয় চাইকেলৰ চকা দৌৰোৱাৰ কথা বাদ দিয়ক, ঘৰৰ সমুখৰ গাঁৱলীয়া পথটোৰে খোজকাঢ়িবলৈও ভয় হ’ল। চাইকেলবোৰ প্ৰায় ইতিহাস হোৱাৰ উপক্ৰম।
বাকী কথা বাদ। ‘ছাবচিডি’ত পোৱা ট্ৰেক্টৰ সমূহে গাঁৱৰ পথত বিভীষিকাৰ সৃষ্টি কৰিছে। এই ট্ৰেক্টৰ সমূহৰ চালকৰ অনুজ্ঞাপত্ৰ মাৰক গুলী। যিটো ভয়ানক গতিত খালি ট্ৰলী খন লৈ ‘ ধম্ ধম্, ধাম্ ধাম্ ঘেটেংকৈ পৰিৱেশ বিনষ্ট কৰে সেয়া পিছলৈ থলোঁ। ল’ৰা ছোৱালীক পদূলিলৈ ওলাই যাবলৈ দিবলৈ ভয় লাগে।
আজি ছিপাঝাৰ কাণ্ডটো উদণ্ড বাহন চালকৰ গাফিলতি নহয় জানো ? তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আজি অসমৰ মুখ্যমন্ত্ৰীৰ উদ্যোগত ৰাজপথত কি বাহন কিমান গতিত চলিব তাৰ নিৰ্দ্দিষ্ট গতি নিৰ্ধাৰণ কৰি কেবিনেট সিদ্ধান্ত লৈছে। ইমানেই যথেষ্ট নে? বিধায়ক-মন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ গতিবেগ ইয়াৰ আওটিত পৰিব নে?
এম্বুলেঞ্চৰ সৰ্বোচ্চ গতি কিমান হ’ব? প্ৰতি ঘন্টাত ২০ কিলোমিটাৰ বেগত চলাব নোৱাৰা ওখোৰা মোখোৰা ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাজ্যিক ঘাইপথত বাহনৰ গৰাকীয়ে অতিৰিক্ত ভাৱে জ্বলাব লগীয়া হোৱা ইন্ধন খৰছ চৰকাৰে বহন কৰিব নে ?