‘অচিনাক্ত উৰন্ত প্ৰপঞ্চ’ৰ সন্ধানত এইবাৰ আমেৰিকাৰ জনপ্ৰতিনিধি

0 19

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে’ :

প্ৰায় অৰ্ধ শতিকাৰ অধিক সময়ৰ পাছত কালি প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছত অনুষ্ঠিত কৰা হয় ব্যাখ্যাতীত উৰন্ত প্ৰপঞ্চ(Unexplained Aerial Phenomena) ৰ ওপৰত ৰাজহুৱা শুনানী। আকাশত হঠাতে দৃশ্যমান হোৱা এনে ৰহস্যময় যান সদৃশ আহিলাৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা বিঘ্নিত হ’ব পাৰে নেকি তাৰ অনুসন্ধান কৰিবলৈকে দেশখনৰ আইনপ্ৰণেতা সকলে কালি এই শুনানীৰ আহ্বান কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা চোৰাংচোৱা বিভাগৰ দুগৰাকী উচ্চপদস্থ বিষয়া ৰ’নাল্ড মৌলট্ৰি আৰু স্কট ব্ৰে’ই ‘হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ’ৰ চোৰাংচোৱা বিষয়ক উপসমিতিখনৰ সন্মুখত এই সম্পৰ্কে সাক্ষ্য প্ৰদান কৰে। বিষয়া দুগৰাকীয়ে আইনপ্ৰণেতা সকলক জনোৱা মতে ২০০০ চনৰ পৰা এনেধৰণৰ চিনাক্ত তথা ব্যাখ্যা কৰিব নোৱাৰা প্ৰপঞ্চৰ আৱিৰ্ভাৱ খুউব সঘনাই হোৱা পৰিলক্ষিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ চোৰাংচোৱা বিভাগৰ উপ সঞ্চালক স্কট ব্ৰে’ ই কয় যে, এনেধৰণৰ অচিনাক্ত যান বা উৰন্ত অৱস্থাত থকা আহিলাসমূহ সামৰিক বাহিনী নিয়ন্ত্ৰিত এলেকা সমূহৰ কাষে-পাজৰেই সচৰাচৰ দেখিবলৈ পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান আৰু এনে ৰহস্যময় আহিলা সমূহৰ লগত কথমপিহে ৰক্ষা পৰা ধৰণৰ এঘাৰটা সংঘৰ্ষ হোৱাৰ ঘটনা ইতিমধ্যে লিপিৱদ্ধ হৈছে। ২০২১ চনত আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা আৰু নৌসেনা বাহিনীৰ টাস্ক ফ’ৰ্চ এ যুটীয়া ভাৱে প্ৰস্তুত কৰা ৯ পৃষ্ঠাৰ এখন প্ৰতিৱেদনত উল্লেখ কৰা হৈছিল যে, ২০০৪ চনৰ পৰা প্ৰায় ১৪০ টা এনেধৰণৰ ৰহস্যময়, সন্দেহজনক আহিলা দৃশ্যমান হৈছিল। বিষয়া দুগৰাকীয়ে প্ৰথমবাৰৰ বাবে উপসমিতি খনৰ সদস্য সকলৰ সন্মুখত এনেধৰণৰ দুখন গোপনীয় চিহ্নিত ভিডিঅ’ ছবিও প্ৰদৰ্শন কৰে। অৱশ্যে এনে বহু ঘটনাৰ দৃশ্যগ্ৰহণৰ মান উচ্চ পৰ্যায়ৰ নোহোৱা বাবে আৰু লগতে সঠিক তথ্য-পাতিৰ অভাৱৰ বাবে এনে প্ৰপঞ্চ সমূহৰ প্ৰকৃতি বা ইহঁতৰ উদ্দেশ্য সম্পৰ্কে সঠিক সিদ্ধান্ত গ্ৰহণ সম্ভৱ হোৱা নাই। বিষয়া দুগৰাকীয়ে সমিতিৰ সদস্য সকলৰ আগত অঙ্গীকাৰ কৰি কয়, এই আহিলা সমূহ অন্য গ্ৰহৰ প্ৰাণী বা যিয়েই নহ’ওক তাৰ সবিশেষ ৰহস্য পেণ্টাগনে উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিব। উপ সমিতি খনৰ অধ্যক্ষ এন্দ্ৰে কাৰ্ছনে মন্তব্য প্ৰকাশ কৰি কয় যে, এই ব্যাখ্যাতীত উৰন্ত প্ৰপঞ্চ সমূহক গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজনীয়। এই প্ৰপঞ্চসমূহ যদিও ব্যাখ্যা বিহীন, কিন্তু ই প্ৰকৃততে সত্য আৰু বাস্তৱ। ১৯৬৬ চনৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কালিৰ শুনানীত অৱশ্যে অন্য গ্ৰহৰ প্ৰাণীৰ অৱস্থিতি সম্পৰ্কে কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নগ’ল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More