অচিৰেই গুৱাহাটী আৰু ডিব্ৰুগড়ত বৈদ্যুতিক জলযানৰ প্ৰৱৰ্তন

0 25

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে’ : ভাৰতবৰ্ষৰ স্থলপথত বৈদ্যুতিক বাহন চলাচলৰ জনপ্ৰিয়তা বৃদ্ধিৰ পাছত এতিয়া দেশখনৰ জলপথতো বৈদ্যুতিক নাও চলাচলৰ বাবে কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ৰোৱা ৬ মে’ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হোৱা ‘সাগৰমালা শীৰ্ষ কমিটী’ৰ সভাত এই সম্পৰ্কীয় প্ৰস্তাৱটোৰ বিষয়ে আলোচনা কৰা হয়। ecffd4db 0c8b 4c42 a0b6 e1660efffb8e2021123116295420211231170852কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উচ্চস্তৰীয় বৈঠকখনত দেশত প্ৰথমবাৰৰ বাবে গঙ্গা আৰু ব্ৰহ্মপুত্ৰ নদীত এনে বৈদ্যুতিক নাও চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জল পৰিৱহণ প্ৰাধিকৰণে দিয়া প্ৰস্তাৱ অনুযায়ী বাৰানসী, পাটনা, কলকতা, গুৱাহাটী আৰু ডিব্ৰুগড়ত অচিৰেই এনেধৰণৰ বৈদ্যুতিক জলযানৰ চলাচল আৰম্ভ হ’ব। বিদ্যুৎ শক্তিৰে চলাচল কৰিব লগা এই জলযানৰ আৰ্হি প্ৰস্তুত কৰিছে কোচিন শ্বিপ য়াৰ্ড লিমিটেডে। এনে এখন নাৱত সৰ্বাধিক এশজন যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব। ইতিমধ্যে কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰীদপ্তৰে এই আৰ্হিত অনুমোদন জনাইছে। পৰিৱেশ অনুকূল আৰু কম ব্যয় সাপেক্ষ বৈদ্যুতিক নাৱৰ প্ৰৱৰ্তনে জল পৰিৱহণ খণ্ডত আমূল পৰিৱৰ্তন ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যাত্ৰীৰ উপৰি সা-সামগ্ৰী পৰিৱহণত ব্ৰহ্মপুত্ৰৰ জলপথ ব্যৱহাৰৰ ওপৰত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰাটো অঞ্চলটোৰ সমৃদ্ধিৰ বাবেই শুভ লক্ষণ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More