অচিৰেই বজাৰলৈ ‘আমূল’ৰ আটা

জানি লওক প্রতি পেকেটৰ মূল্য

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ মে’ : গুজৰাট ক’অপাৰেটিভ মিল্ক মার্কেটিং ফেডাৰেচন লিমিটেডে (GCMMF) আমূল ব্রেণ্ডৰ অধীনত পণ্য উৎপাদন কৰে। কিন্তু এইবাৰ এই সংস্থাই দুগ্ধ পণ্যৰ গণ্ডী চেৰাই অর্গেনিক গমৰ আটা বজাৰত মুকলি কৰিবলৈ অগ্ৰসৰ হৈছে। জিচিএমএমএফে জনাইছে যে, এই পণ্যবিধ ‘আমূল অর্গেনিক হ’ল হুইট আটা’ নামেৰে বজাৰত মুকলি কৰা হ’ব। কোম্পানীটোৱে ভৱিষ্যতে মুগৰ দাইলকে ধৰি একাধিক দাইল আৰু বাচমতি চাউলৰ দৰে পণ্যও বজাৰলৈ আনিব। জুনৰ প্রথম সপ্তাহৰ পৰাই গুজৰাটৰ সমস্ত আমূল পার্লাৰ আৰু খুচৰা আউটলেটবোৰত অর্গেনিক আটা পোৱা যাব। জুনৰ পিছৰ পৰা গুজৰাট, দিল্লী-এনচিআৰ, মুম্বাই আৰু পুনেতো অনলাইনযোগে অর্ডাৰ কৰিব পাৰিব এই আটা। এক কেজি আটাৰ দাম হ’ব ৬০ টকা আৰু পাঁচ কেজি আটাৰ পেকেটৰ দাম পৰিব ২৯০ টকা। কোম্পানীটোৰ পৰিচালন সঞ্চালক আৰএছ সোধিয়ে কৈছে যে, জৈৱ কৃষিৰ কৃষকসকলক একত্রিত কৰা হ’ব আৰু এই ব্যৱসায়তো গাখীৰ সংগ্রহৰ মডেল গ্রহণ কৰা হ’ব। এই পদক্ষেপে জৈৱিক কৃষকসকলৰ আয় বৃদ্ধি কৰিব আৰু জৈৱিক খাদ্য শিল্পক আৰু গণতান্ত্রিক কৰি তুলিব। জৈৱিক কৃষি কৰা কৃষকসকলক বজাৰৰ লগত সংযুক্ত কৰাৰ সমানে সমানে আমূলে গোটেই দেশৰ পাঁচটা স্থানত জৈৱিক পৰীক্ষাগাৰো স্থাপন কৰিব বুলি জনাইছে সংস্থাটোৱে। আহমেদাবাদৰ আমূল ফেড ডেইৰিত এই ধৰণৰ প্রথম পৰীক্ষাগাৰ স্থাপন কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More