অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰশাসনৰ

আছুৰ প্ৰতিবাদী কাৰ্য্যসূচী সাময়িক ভাৱে স্থগিত

0 14

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩১ মে : যোৰহাটত অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত চলি অহা প্ৰহসনে ৰাইজক দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভূগাই আহিছে । এই সন্দৰ্ভত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্যত NHIDCLৰ দ্বায়িত্বজ্ঞানহীনতাৰ বিষয়ে অৱগত কৰাৰ লগতে যোৱা ১১ মাৰ্চত মুখ্যমন্ত্ৰী আৰু ১৮ মে’ত জিলা উপায়ুক্তক এই পথচোৱাৰ সুচল যাতায়াত ব্যৱস্থা প্ৰদানৰ লগতে নতুনকৈ কাম লাভ কৰা প্ৰতিষ্ঠানটোৱে যাতে ইতিমধ্যে হোৱা বিসংগতিসমূহ আঁতৰাই অতি খৰতকীয়াকৈ আৰু আসোঁৱাহবিহীন ভাৱে ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণৰ কাম চলাই সেইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী পত্ৰ প্ৰদান কৰিছিল । ছাত্ৰ সন্থাৰ দাবী সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰাত ৩১ মে’ আৰু ২ জুন তাৰিখে জিলা ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু NHIDCL ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যোৰহাট জিলা ছাত্ৰ সন্থাই। কিন্তু জিলা প্ৰশাসনৰ নিমন্ত্ৰণমৰ্মে এই সন্দৰ্ভত আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্ত:গাঁথনি উন্নয়ন নিগম লিমিটেডৰ মহাপ্ৰবন্ধক বিজয় কুমাৰ, NHIDCLৰ মনোজ কুমাৰ সিং, বিজেতা প্ৰজেক্টচ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড এণ্ড চুইটি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ প্ৰকল্প পৰিচালক জাভেদ খানৰ উপস্থিতিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল আৰু টীয়ক নাগৰিক সমিতি আলোচনাত মিলিত হয়। আলোচনাকালত কালিলৈৰ পৰা অজন্তা বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ যাতায়াতৰ সুচল হোৱাকৈ লাহদৈগড়ৰ পৰা মেৰামতিৰ কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ উপৰি ছাত্ৰ সন্থাৰ অন্যান্য দাবী সন্দৰ্ভত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে । ফলস্বৰূপে যোৰহাট জিলা ছাত্ৰ সন্থাই ঘোষণা কৰা প্ৰতিবাদী কাৰ্যসূচী সাময়িক ভাৱে স্থগিত ৰাখে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More