অনলাইনত চলিছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা

দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) এজাহাৰ

0 90

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ মে’ : অসমৰ একাংশ অকৰ্মণ্য বন বিষয়াৰ জ্ঞাতাসাৰেই বৃহৎ পৰিসৰত মুকলিকৈ চলি আছে বনজ সম্পদৰ চোৰাং বেহা । বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ সম্পূৰ্ণৰূপে উলংঘা কৰি এটা দুষ্ট চক্ৰই অনলাইনযোগে চলাই আছে অসমৰ দুষ্প্ৰাপ্য অৰ্কিডৰ কলা বেহা । এইক্ষেত্ৰত বন বিভাগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহাৰ বিপৰীতে দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) তৰফৰ পৰা তিনিচুকীয়া সদৰ থানাত তথ্যসহ দাখিল কৰা হৈছে এখন এজাহাৰ ।IMG 20220516 182736 দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) মুখ্য উপদেষ্টা তথা বিশিষ্ট অৰ্কিড বিশেষজ্ঞ ক্ষণজিৎ গগৈ, উপ-সভাপতি দেৱজিৎ ডেকা, কোষাধ্যক্ষ মানস প্ৰতীম দত্ত আৰু প্ৰচাৰ সম্পাদক নীপ সন্দিকৈয়ে তিনিচুকীয়া সদৰ থানাত আজি দাখিল কৰা এজাহাৰত উল্লেখ কৰে যে অসমৰ অৰ্কিডৰ চোৰাং বেহা অনলাইনযোগে মুকলিকৈ অব্যাহত আছে । অনলাইন পৰ্টেলৰ জৰিয়তে অসাধু চক্ৰই ৰাজ্যখনৰ বনৰীয়া অৰ্কিড চোৰাংকৈ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি থকাৰ তথ্য দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) অনুসন্ধানত পোহৰলৈ আহিছে । তেওঁলোকে এজাহাৰত কয় যে শেহতীয়াকৈ বাপ্পা মণ্ডল নামৰ এজন লোকে সক্ৰিয়ভাৱে অসমৰ বনৰীয়া অৰ্কিডৰ অনলাইন বেহা চলাই যাবলৈ সক্ষম হৈছে । ’মেঘালয়া অৰ্কিড’ নামেৰে সামাজিক মাধ্যমত এটা গ্ৰুপ খুলি মণ্ডলে অবৈধভাৱে এই কলা বেহা অব্যাহত ৰাখিছে । জনচক্ষুৰ অলক্ষিতে চলি অহা অবৈধ বেহাৰ ফলত ইতিমধ্যে একাধিক দুষ্প্ৰাপ্য অৰ্কিড বিলুপ্তিৰ গৰাহত উপনীত হৈছে । এনে পৰিস্থিতিত অৰ্কিডৰ দৰে বনজ সম্পদৰ সংৰক্ষণৰ হেতুকে ইয়াৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰটোৰ বিৰুদ্ধে তৎকালে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দা অৰ্কিড ছ’চাইটি অৱ ইষ্টাৰ্ন হিমালয়াৰ (আছাম চাৰ্কোল) তৰফৰ পৰা আৰক্ষীক আহ্বান জনোৱা হয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More