অনিশ্চয়তাত ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ আৰ্থিক ভৱিষ্যৎ

মৃত্যুৰ পাছত চৰম বিপৰ্যয়ত পৰিয়ালঃশোণিতপুৰ জিলা সন্হাৰ সাহায্য প্ৰদান

0 10
শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৪জুনঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত ২০১০ত নিযুক্তি প্ৰদান কৰা হাইস্কুল ঠিকাভিত্তিক শিক্ষকসকলৰ ভৱিষ্যত কেনেদৰে অনিশ্চয়তাৰে ভৰা সেয়া সম্প্ৰতি বিশ্বনাথ জিলাৰ গহপুৰ নিবাসী তথা শোণিতপুৰৰ বিন্দুকুৰি হইস্কুলত কৰ্মৰত পুলক ভূঞা নামৰ এগৰাকী শিক্ষকৰ অকাল মৃত্যুৱে উন্মোচিত কৰিছে। উল্লেখযোগ্য যে, যোৱা ১২বছৰে পৰ্যাপ্ত সা-সুবিধা তথা আৰ্থিক নিৰাপত্তা অবিহনেই শিক্ষতা কৰি যোৱা ভূঞাৰ যোৱা ৩০ এপ্ৰিলত অকাল বিয়োগ ঘটে। পৰৱৰ্তী সময়ত প্ৰয়াত শিক্ষকজনৰ দুবছৰীয়া শিশু সন্তান তথা তেওঁৰ পৰিবাৰ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হয়। এই সন্দৰ্ভত ২০১০ত গঠিত  শোণিতপুৰ জিলা হাইস্কুল ঠিকাভিত্তিক শিক্ষক সন্থাই প্ৰকাশ কৰে যে, ২০২০ৰ জুলাই মাহৰ পৰা স্কেল অনুসৰি দৰমহা লাভ কৰি আহিছে যদিও মৃত্যুকালীন অন্যান্য সা সুবিধাসমূহৰ পৰা বৰ্তমানেও বঞ্চিত এইসকল শিক্ষক।সংগঠনটোৱে লগতে প্ৰকাশ কৰে যে, ২০২০ত ৰাজ্য চৰকাৰে এইসকল শিক্ষকক প্ৰায়  নিয়মীয়াকৰণ  কৰাৰ এক ব্যৱস্থা উদ্ভাৱন কৰি স্কেল পে দিয়াৰ লগতে নিয়মীয়া শিক্ষকে পোৱা সকলো সুবিধা লাভ কৰিব বুলি বিভাগৰ ফালৰ পৰা তেনে নথি প্ৰদান কৰিছিল যদিও এইসকল ঠিকাভিত্তিক হাইস্কুল শিক্ষকে কেৱল স্কেল পে’ লাভৰ বাহিৰে যেনে এন পি এছ বা মৃত্যুকালীন সুবিধাসমূহ পাবলৈ সক্ষম হোৱা নাই। এনে অৱস্থাত  গহপুৰ, বিশ্বনাথ, তেজপুৰ, ৰঙাপৰা, বৰছলা, বিহালী, ঢেকিয়াজুলি আৰু চতিয়াৰ শতাধিক ঠিকাভিত্তিক হাইস্কুল শিক্ষকে নিজৰ ভিতৰতে ধন সংগ্ৰহ কৰি ২৩জুনত সংগঠনটোৱে এক লাখ ১৪ হাজাৰ টকা প্ৰয়াত ভূঞাৰ পৰিবাৰক সাহায্য হিচাপে প্ৰদান কৰে। একেদৰে যোৱা ক’ভিডকালীন পৰিস্থিতিৰ মাজতে হুগ্ৰাজুলি হাইস্কুলৰ আন এগৰাকী ঠিকাভিত্তিক শিক্ষক মাৰিয়াচ কুজুৰৰো বিয়োগ ঘটিছিল। হুগ্ৰাজুলি নিবাসী এইজন শিক্ষকৰ পৰিয়ালেও তেওঁৰ বিয়োগৰ পাছত কোনোধৰণৰ চৰকাৰী সহায় লাভ নকৰিলে। এনে পৰিস্থিতিত অবিভক্ত শোণিতপুৰৰ ঠিকাভিত্তিক শিক্ষকসকলেই অহা জুলাইত নিজৰ ভিতৰতে ধন সংগ্ৰহ কৰি কুজুৰৰ পৰিয়াললৈ আগবঢ়াব বুলি প্ৰকাশ কৰিছে। শোণিতপুৰ জিলা ঠিকাভিত্তিক হাইস্কুল শিক্ষক সন্হাৰ সভাপতি অমিত নাৰ্জাৰী আৰু সম্পাদক বিমান নাথে আজি এক বিবৃতিৰ জৰিয়তে কয় যে,বৰ্তমান শিক্ষক সন্থা সমূহৰ বিভিন্ন নেতিবাচক দিশ চৰকাৰে নিৰীক্ষণত ৰাখে যদিও এনেধৰণৰ মানবীয় চিন্তাধাৰা এই শিক্ষকসকলে অব্যাহত ৰাখিছে। সন্হাই লগতে ঠিকাভিত্তিক হাইস্কুল শিক্ষকসকলক মৃত্যুকালীন সুবিধাৰ লগতে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ লগতে আন সুবিধা সমূহ প্ৰদান কৰিবলৈ দাবী জনাইছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More