অনিৰ্দিষ্ট কাললৈ পিছুৱালে এছিয়ান গেমছ

0 27

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে’:png transparent china 2022 asian games hangzhou jakarta palembang 2018 asian games 2022 winter olympics olympic council of asia multisport event sports thumbnail

এছিয়াৰ অলিম্পিক কমিটীয়ে আজি ঘোষণা কৰা মতে, চীনৰ হাংঝাও অনুষ্ঠিত হ’বলগীয়া আগন্তুক ১৯তম এছিয়ান গেমছ অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হৈছে। পূৰ্বৰ সূচী অনুযায়ী অহা ছেপ্টেম্বৰ মাহৰ ১০ ৰ পৰা ২৫ তাৰিখলৈকে এছিয়াৰ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন চীনৰ মহানগৰখনত অনুষ্ঠিত হোৱাৰ কথা আছিল। প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ কোনো কাৰণ দৰ্শোৱা হোৱা নাই যদিও ধাৰণা কৰা হৈছে চীনে সম্প্ৰতি পুনৰ বৃহৎ হাৰত সন্মুখীন হোৱা ক’ভিড-১৯ সংক্ৰমণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে, গেমছ অনুষ্ঠিত হ’বলগীয়া হাংঝাও মহানগৰখন চীনৰ বৃহত্তম মহানগৰ চাংহাইৰ পৰা মাথোন ২০০ কিলোমিটাৰ নিলগত আৰু ক’ভিড সংক্ৰমণৰ বাবে চাংহাইৰ অধিকাংশ এলেকা এতিয়াও ল’ক ডাউনৰ কৱলত। ক’ভিড সংক্ৰমণৰ মাজতে চীনে বেইজিং শীতকালীন অলিম্পিকৰ আয়োজন কৰিছিল যদিও তেতিয়া এটা শ্বাসৰুদ্ধ পৰিৱেশত কোনোমতে প্ৰতিযোগিতাখনৰ সমাপ্তি ঘটাইছিল কিন্তু এইবাৰ সংক্ৰমণৰ তীব্ৰতা বৃদ্ধি পোৱাত চীনে এছিয়ান গেমছ আয়োজন কৰাৰ ক্ষেত্ৰত বিপদ চপাই ল’বলৈ ৰাজী নহয়। ইতিমধ্যে পূব চীনৰ হাংঝাও মহানগৰৰ ৫৬ টা ক্ৰীড়াস্থলীৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More