অভিভাৱকক ‘অভিযোগ’ দিয়া বাবেই গৰ্ভৱতী শিক্ষয়িত্ৰীক ছাত্ৰৰ আক্ৰমণ

মৰাণ অঞ্চলৰ বিদ্যালয়খনৰ দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰৰ এটা দলে আন এজন শিক্ষকৰ সৈতে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ উপাধ্যক্ষকো অপদস্থ কৰে।

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰ : ডিব্ৰুগড় জিলাত এগৰাকী পাঁচমহীয়া গৰ্ভৱতী শিক্ষয়িত্ৰীক বিদ্যালয়খনত শৈক্ষিক প্ৰদৰ্শন আৰু আচৰণৰ শোচনীয় প্ৰদৰ্শন কৰা ছাত্ৰৰ বিষয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে ছাত্ৰৰ এটা দলে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। মৰাণ অঞ্চলৰ বিদ্যালয়খনৰ দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰৰ এটা দলে আন এজন শিক্ষকৰ সৈতে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ উপাধ্যক্ষকো অপমান কৰে। উপাধ্যক্ষ ৰথীছ কুমাৰে জনোৱা মতে, ২৯ নৱেম্বৰ দেওবাৰে সন্ধিয়া ভুক্তভোগী বুৰঞ্জী বিষয়ৰ শিক্ষকে সেইদিনা অভিভাৱক আৰু শিক্ষক পৰিষদৰ বৈঠক (Parents Teachers Council (PTC) Meeting)ৰ সময়ত এজন বিশেষ ছাত্ৰৰ শৈক্ষিক প্ৰদৰ্শনৰ দুৰ্বলতাৰ বিষয়ে অভিভাৱকক অৱগত কৰাৰ পিছতে এই ঘটনাটো সংঘটিত হয়। “সভাৰ অন্তত একাংশ ছাত্ৰ-ছাত্ৰীয়ে এটা গোট গঠন কৰি মূল একাডেমিক ব্লকৰ সন্মুখত শিক্ষয়িত্ৰীগৰাকীক হাৰাশাস্তি কৰিবলৈ ধৰে। দুই এজনে তেওঁক ঠেলি দিয়ে আৰু চুলিত ধৰি টনাৰ চেষ্টা কৰিছিল।’’ ল’ৰাকেইটাৰ আক্ৰমণৰ পৰা আন শিক্ষয়িত্ৰী, স্কুলৰ কৰ্মচাৰী আৰু কেইগৰাকীমান ছাত্ৰীয়ে তেওঁক ৰক্ষা কৰিছিল বুলি কুমাৰে জানিবলৈ দিয়ে। ঘটনাত স্তম্ভিত হৈ পৰা শিক্ষয়িত্ৰীগৰাকীৰ ইতিমধ্যে গৰ্ভাৱস্থাৰ বাবে কিছু জটিলতা আহি পৰাৰ বাবে ভাঙি পৰে। সেয়ে লগে লগে এগৰাকী পৰিচাৰিকাৰ সৈতে স্কুলৰ গাড়ীত এখন চিকিৎসালয়লৈ পঠিওৱা হয়। ‘’সোধা-পোছাৰ পৰা আমি জানিব পাৰিলোঁ যে এই কাণ্ডৰ সৈতে দশম আৰু একাদশ শ্ৰেণীৰ ২২ জন ছাত্ৰ-ছাত্ৰী জড়িত আছিল আৰু পিছদিনা পুৱা মোৰ বাসগৃহত জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰাৰ পিছত তেওঁলোকৰ পিতৃ-মাতৃক ফোন কৰিলোঁ। এই বিষয়ে জানিব পাৰি এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে মোক ফোনযোগে ভাবুকি দি মোক আক্ৰমণ কৰিবলৈ মোৰ কোৱাৰ্টাৰৰ ফালে আগবাঢ়িবলৈ ধৰিলে।’’— কুমাৰে কয়। ইয়াৰ পিছতে তেওঁ নিজৰ কোৱাৰ্টাৰ পলায়ন কৰি আন কেইজনমান শিক্ষকৰ সৈতে মৰাণ থানাত উপস্থিত হয়। আৰক্ষীয়ে বিদ্যালয় চৌহদত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সকীয়াই দিয়ে। আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে নাবালক ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ এতিয়াও দাখিল নোহোৱাত এতিয়ালৈকে কোনো এফআইআৰ ৰুজু হোৱা নাই। কুমাৰে কয়— ‘‘আমি ডিব্ৰুগড় উপাযুক্তৰ কাৰ্যালয়ক এই ঘটনাৰ বিষয়ে অৱগত কৰিছোঁ। শিক্ষা সংশ্লিষ্ট এডিচিয়ে এই ঘটনাৰ দণ্ডাধীশৰ তদন্তৰ আশ্বাস দি ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কয়।” তেওঁ আৰু কয় যে জে এন ভি পৰিচালনাৰ উচ্চপদস্থ বিষয়াসকলক পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে আৰু সিদ্ধান্তৰ বাবে অপেক্ষা কৰা হৈছে। ইফালে, নৱোদয় বিদ্যালয় সমিতিৰ উপ আয়ুক্ত (উত্তৰ-পূব) কে ভি সুৰেশে এই কাণ্ডক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াক ‘অতি দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰে। ‘’মই জেএনভি সমিতিৰ সহকাৰী আয়ুক্তক ডিব্ৰুগড়লৈ পঠিয়াই বিষয়টো সন্দৰ্ভত তদন্ত কৰি আছোঁ। শেহতীয়া সময়ত বিশেষকৈ লকডাউনৰ পিছত কেইবাটাও কাৰকৰ বাবে ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক হ্ৰাস পোৱাটো আমি লক্ষ্য কৰিছোঁ।’’— শ্বিলঙৰ পৰা প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক তেওঁ এইদৰে কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More