অভিলেখ পৰিমাণৰ লাভেৰে অইল ইণ্ডিয়া লিমিটেড

0 70

শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে’ : ভাৰতৰ ৰাজহুৱা খণ্ডৰ দ্বিতীয় বৃহৎ তেল-গেছ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে ২০২১-২২ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ লাভ অৰ্জন কৰিছে। প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ চি মিশ্ৰই কালি সংবাদ মাধ্যমক জনোৱা মতে ২০২২ চনৰ মাৰ্চ মাহত অন্ত পৰা বছৰটোত অইল ইণ্ডিয়া লিমিটেডে ৩৮৮৭.৩১ কোটি টকাৰ মুঠ লাভ অৰ্জন কৰিছে। পূৰ্বৰ বছৰটোতকৈ ইয়াৰ পৰিমাণ ১২৩.২০ শতাংশ বেছি। ২০২০-২১ চনৰ বছৰটোত প্ৰতিষ্ঠানটোৰ লাভৰ পৰিমাণ আছিল ১৭৪১.৫৯ কোটি টকা। ইয়াৰ সমান্তৰালকৈ টাৰ্ণ অ’ভাৰৰ পৰিমাণো পূৰ্বৰ বছৰটোৰ ৮৬০৪.৯০ কোটি টকাৰ বিপৰীতে এই বিত্তীয় বৰ্ষটোত হয়গৈ ১৪,৫৩০.১৮ কোটি টকা।
উল্লেখযোগ্য যে, এই বিত্তীয় বৰ্ষটোত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মূল্য যথেষ্ট বৃদ্ধি পোৱাৰ হেতুকে প্ৰতিষ্ঠানটোৰ লাভৰ মাত্ৰাও আনুপাতিক হাৰত বৃদ্ধি হৈছে। ২০২১-২২ বিত্তীয় বৰ্ষটোত অইল ইণ্ডিয়া লিমিটেডে প্ৰতি বেৰেল খাৰুৱা তেলত লাভ কৰিছিল ৭৮.৯৬ ডলাৰ। ইয়াৰ আগৰ বছৰটোত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল ৪৩.৯৮ ডলাৰ। অৰ্থাৎ প্ৰায় ৮০ শতাংশ বৃদ্ধিৰে প্ৰতিষ্ঠানটোৱে খাৰুৱা তেলৰ পৰা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেনেদৰে প্ৰাকৃতিক গেছৰ ক্ষেত্ৰতো প্ৰতি মেট্ৰিক মিলিয়ন ব্ৰিটিছ থাৰ্মেল ইউনিটত পূৰ্বৰ বছৰটোত লাভ কৰা মূল্য ২.০৯ ডলাৰৰ বিপৰীতে ২০২১-২২ বৰ্ষটোত লাভ কৰিছে ২.৩৫ ডলাৰ।
খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদনৰ ক্ষেত্ৰতো অইল ইণ্ডিয়া লিমিটেডে এই বছৰটোত উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৱে এই সময়ছোৱাত খাৰুৱা তেল উৎপাদন কৰিছিল ৩.০১ নিযুত মেট্ৰিক টন আৰু প্ৰাকৃতিক গেছ যোৱা বছৰতকৈ ১৫.২৫ শতাংশ বৃদ্ধিৰে উৎপাদন কৰিছিল ৩০৪৫ নিযুত ষ্টেণ্ডাৰ্ড ঘন মিটাৰ। ২০২১-২২ বৰ্ষটোত অইল ইণ্ডিয়াই তিনিচুকীয়া জিলাত দুখন নতুন তৈলক্ষেত্ৰও আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More