বিমল বৰগোহাঁই
আমি প্ৰত্যেকেই এখন এখন সমাজত বাস কৰোঁ। সৰুতে পঢ়িছিলোঁ যে এখন সমাজত বাস কৰিলে, কিদৰে আমি এজনে আনজনক বা ইঘৰে-সিঘৰক সহায় কৰিব লাগে, বিপদৰ সময়ত মাত এষাৰ দিব লাগে, সেই কথা তেতিয়া আমাক মা-দেউতাই আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষক সকলে শিকাইছিল। কিন্তু, আজিকালি সময় যেন সলনি হল। আমিবোৰে আমাৰ চৌপাশে বাস কৰা নিজৰ বন্ধু-বান্ধৱী, আত্মীয় -কুটুম, ৰুগীয়া লোকসকল খবৰ এটা লবলৈও আমাৰ অকণমান সময়ৰ অভাৱ। এনে লাগে যেন আজিকালি আমাৰ সমাজৰ বেছিভাগ মানুহেই একমাত্ৰ নিজৰ নিজৰ কামক লৈয়ে সাংঘাতিক ধৰণে ব্যস্ত হৈ থকা যায়। ভালদৰে কথা এটা পাতিবলৈ কাৰোৰে ওচৰত সময় নাই। কি কি কামত মানুহবোৰ আজিকালি ব্যস্ত হৈ থাকে, সেয়া বুজিবলৈকে বৰ অসুবিধা হয়। এনে লাগে সময়ৰ প্রতিটো চেকেণ্ডৰ মূল্য আমিবোৰে বৰ বাৰুকৈয়ে উপলব্ধি কৰিব পাৰো, সেয়েহে সকলোৰে সময়ৰ বিৰাট অভাৱ। কেতিয়াবা কেতিয়াবা নিজকেই প্ৰশ্ন কৰোঁ আমিবোৰ কিয় বাৰু ইমান ব্যস্ত, কিয় স্বাৰ্থপৰ ! যদি অলপ ভালকৈ বিশ্লেষণ কৰোঁ, তেন্তে আমি সঁচাকৈ দেখিবলৈ পাম যে আমিবোৰে আচলতে এক প্ৰতিযোগিতাত নামি পৰিছোঁ। কেৱল ধন, টকা-পইচা, ক্ষমতা, সম্পত্তি, ষ্টে’টাছ, বিলাসী গাড়ী, বৃহৎ অট্টালিকা আদিবোৰ আহৰণ কৰিবলৈহে আমিবোৰ দৌৰি আছোঁ, মাথোঁ দৌৰি আছোঁ, যাৰ বাবে আমাৰ প্ৰত্যেকৰে মনৰ ভিতৰত এটা অহংকাৰী মনৰ মানুহৰ জন্ম লৈছে আৰু আমি হেৰুৱাই পেলাইছোঁ প্ৰকৃত মৰম, ভালপোৱা, আন্তৰিকতা, কৃতজ্ঞতা, মানৱীয় প্ৰমূল্য বোধ, সামাজিক দায়বদ্ধতা, সহিষ্ণুতা আৰু সম্পৰ্কৰ এনাজৰী ডাল। যদিও কাৰোবাৰ ওচৰলৈ গৈছো, তেন্তে একমাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে গৈছোঁ। তাত নাই কোনো আন্তৰিকতা বা হৃদয়ৰ আকুলতা। আমি হয়তো পাহৰি গৈছো এটা সুউচ্চ কংক্ৰিট অট্টালিকাৰ ভিতৰত বাস কৰা মানুহৰ হৃদয়বোৰো যে লাহে কংক্ৰিটৰ দৰে টান আৰু কঠোৰ হবলৈ ধৰিছে। এই খন্তেকীয়া জীৱনত এইবোৰৰ জানো কিবা মূল্য আছে ! এজন মানুহৰ মৃত্যুৰ লগে লগে যিদৰে তেওঁৰ গৰ্ব-অহংকাৰ সকলো শ্মশানৰ জুইত নিঃশেষ হৈ যায়, ঠিক সেইদৰে গোটেই জীৱন কালত তেওঁ অৰ্জন কৰা ধন-সম্পত্তি সকলোবোৰ মূল্যহীন হৈ পৰে। মাথোঁ, স্থায়ী হৈ থাকি যায় তেওঁৰ কৰি যোৱা ভাল-বেয়াৰ খতিয়ানবোৰ। গতিকে, আমি এইবোৰক লৈ অহংকাৰ বা এইবোৰৰ পাছত দৌৰি থকাৰ কিবা যুক্তি আছে জানোঁ ! এটা সময় আছিল, যেতিয়া মানুহৰ ঘৰলৈ আলহী অহাৰ কোনো নিদিষ্ট সময় নাছিল। যেতিয়াই মন যায় তেতিয়াই আহিছিল। একেবাৰে ৰাতিপুৱাই আহি নিশাৰ ভাত সাজ খাইহে আলহী উভতি গৈছিল। দূৰৰ সম্পৰ্কীয় মানুহ আহিলেতো কিমান দিনলৈ থাকে তাৰ কোনো দিন বাৰ নাছিল। আলহী আহিলে ঘৰত এটা আনন্দৰ-ফুৰ্তিৰ পৰিবেশে বিৰাজ কৰিছিল। ঘৰত যি আছে তাকেই গৃহস্থই ৰান্ধি খুৱাইছিল আৰু আলহীয়েও তৃপ্তিৰে খাইছিল। কাৰো মনত কোনো আক্ষেপ নাছিল। মুঠতে, সেই সময়ত মানুহৰ মাজত যি সম্পৰ্ক আছিল, তাত কোনো কৃত্ৰিমতা নাছিল। আজিৰ দিনত জানো সেইটো সম্ভৱ। আজিকালি ঘৰলৈ আলহী আহিলেও বহু গৃহস্থই বেয়াই পায়। ফোন কৰি কিয় নাহিলে? আমি এফালে যাবলৈ ওলাইছোঁ, বেলেগ এদিন আহিব লাগিছিল ইত্যাদি ইত্যাদি। বৰ্তমান সময়ত ঘৰলৈ আলহী আহিলে, মে’নো তৈয়াৰ কৰিহে ভাতৰ যোগাৰ কৰিব লগা হয়। নহলে আলহীক ভাত খাবলৈ মাতিলে গৃহস্থই লাজ পাব লগা পৰিস্থিতিৰ সৃষ্টি হোৱাৰো সম্ভাৱনা থাকে। আজিকালি যিদৰে প্রতিঘৰ মানুহৰ ঘৰে ঘৰে ৰঙীন এল.ই.ডি বা এল.চি.ডি টি. ভি উপলব্ধ। আমাৰ দিনত কিন্তু ৰঙীন টিভি গাঁৱৰ বা চুবুৰীয়াৰ মাত্ৰ দুই-এঘৰ মানুহৰ ঘৰতহে আছিল। সেই সময়ত আমাৰ দিনত দূৰদৰ্শনত ওচৰ চুবুৰীয়াৰ সৈতে একেলগে বহি ৰামায়ণ-মহাভাৰত চোৱাৰ আনন্দই আছিল সুকীয়া। তেতিয়া আমাৰ গাঁৱত একমাত্ৰ বৰদেউতাৰ ঘৰতহে ৰঙীন টিভি আছিল। গতিকে, দেওবাৰৰ দিনা ৰামায়ণ-মহাভাৰত চাবলৈ বৰদেউতাৰ ঘৰলৈ গাঁৱৰ মানুহৰ সোঁত বৈছিল। সেই সময়ৰ গাঁৱৰ মানুহৰ বা ওচৰ চুবুৰীয়াৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ এনাজৰীডাল এক নিভাঁজ আন্তৰিকতাৰ আৰু মৰমৰ দোলেৰে কটকটীয়া কৰি ৰাখিছিল। ইয়াৰ উপৰি সেই সময়ত খুব কম সংখ্যক লোকৰ ঘৰতহে টেলিফোন আছিল। আমাৰ সেই বৰদেউতাৰ ঘৰতেই পোন প্ৰথম টেলিফোনৰ সংযোগ হৈছিল। মোৰ মনত পৰে ওচৰ চুবুৰীয়াই দূৰৰ কোনোবা আত্মীয়ৰ সৈতে কথা পাতিব লগা হলে, এই ফোনৰ যোগেদিয়ে যোগাযোগ হৈছিল। ট্ৰাংক কল বুক কৰি বহু দেৰি বোন্দাপৰ দি অপেক্ষা কৰিব লগা হৈছিল। কেতিয়া কল আহে তাৰো ঠিকনা নাছিল। কল আহিলে পুনৰ চিঞৰি চিঞৰি মাতি পঠাইছিল। আজিকালি মানুহৰ ঘৰৰ পৰিয়ালৰ সকলো সদস্যৰ হাতত স্মাৰ্ট ফোন হল। কিন্তু, আগতে এটা টেলিফোন কলতে ঘৰৰ সকলো লোকে গোট খাই এজনৰ পাছত এজনকৈ কথা পতাৰ আমেজেই আছিল সুকীয়া। ই পৰিয়ালৰ মানুহক একত্ৰিত কৰি ৰাখিছিল। এতিয়া স্মাৰ্ট ফোনৰ বাবেই নিজৰ সুবিধা অনুযায়ী পৰিয়ালৰ লোক সকলে আছুতীয়াকৈ কথা পাতিব পৰা হল। ইয়াৰ লগে লগে সেই টেলিফোনত কথা পতাৰ যি মাদকতা আছিল, সেয়া নাইকিয়া হল। নিজৰ ঘৰখনতেই আজি সম্পৰ্কবোৰ যেন দুৰ্বল হৈ পৰিল। আজি মই এই কথাখিনি এই কাৰণেই কৈছোঁ যে আগৰ সেই সঁচা মৰম, ভালপোৱা, আন্তৰিকতা, সুখ আৰু আনন্দবোৰ যেন লাহে লাহে কৰবাত হেৰাই যোৱাৰ উপক্ৰম হৈছে। বর্তমানৰ ভোগবাদী জীৱন আৰু যান্ত্ৰিকতাৰ কোলাহলত যেন আমিবোৰ আত্মকেন্দ্ৰিক হৈ পৰিছো, মনবোৰ যেন বিষাদেৰে ভৰি পৰিছে। পাহৰি পেলাইছোঁ আমাৰ নৈতিক দায়িত্ব, সামাজিক দায়বদ্ধতা, মানৱীয় প্ৰমূল্যবোধৰ গুণবোৰ। গতিকে, আমাৰ বিষাদপূৰ্ণ জীৱনৰ পৰা হেৰাই যাব ধৰা অলপ মৰম, অলপ হাঁহি আৰু অলপ সুখৰ সন্ধান কৰি আমাৰ সম্পৰ্কৰ এনাজৰীডাল পুনৰ কটকটীয়া কৰি তুলিব নোৱাৰি নে? এনে কৰিলে নিশ্চয়কৈ এক নতুন দিগন্তৰ ৰেঙনিয়ে আমাৰ সমাজখন পুনৰ আলোকিত কৰি আমাৰ সকলোৰে মুখত যে হাঁহি বিৰিঙাব, সেয়া মোৰ দৃঢ় বিশ্বাস।
ঠিকনাঃ বৰবিল নং২ ডিগবৈ, তিনিচুকীয়া ফোন:৯৪৩৫০৩৫১৭৭