অলীক যেন সভ্যতা ! কৃষ্ণগহ্বৰতো থাকিব মানুহ ! কার্দাচেভ স্কেলৰ কথা…

0 53

দাদুল দেৱকৃষ্ণ বৰুৱা

অনেক বিজ্ঞানীয়েই ধাৰণা কৰে, পৰৱর্তী ১০০ বছৰে নির্ধাৰণ কৰিব আধুনিক বিজ্ঞানে মানুহক ধ্বংস কৰিব নে আৰু উন্নত কৰিব। সভ্যতাৰ যি স্তৰত আমি আছোঁ তাতেই থাকিম নে আৰু অগ্রসৰ হ’ব সভ্যতা? আমি এই নক্ষত্রমণ্ডলৰ পৰা অন্য নক্ষত্রমণ্ডলত প্রৱেশ কৰিব পাৰিম নেকি? বিশেষজ্ঞসকলে দাবী কৰে— একোটা সভ্যতা যিমানেই ডাঙৰ হয়, সিমানেই উন্নত হয়। বৃদ্ধি পায় জনসংখ্যাও। বিজ্ঞানৰ উন্নতি হ’লে প্রাকৃতিক শক্তিৰ চাহিদাও দ্রুত বৃদ্ধি পায়। এই সভ্যতাৰ কথা মনত ৰাখিয়েই সৃষ্টি হৈছিল কার্দাচেভ স্কেল।1653832146044

  •  কি এই কাৰ্দাচেভ স্কেল
    এই স্কেল সভ্যতাৰ প্রযুক্তিগত অগ্রগতিৰ মাপকাঠি হিচাবে সৃষ্টি কৰা হৈছিল। একোটা সভ্যতাৰ ওচৰত কিমান ব্যৱহাৰযোগ্য শক্তি আছে তাৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হৈছে এই স্কেল। ১৯৬৪ চনত ৰাছিয়াৰ জ্যোতি পদার্থবিদ নিকোলাই কার্দাচেভে এই স্কেল সৃষ্টি কৰে। কার্দাচেভে মহাজাগতিক সঙ্কেতৰ সহায়ত পৃথিৱীৰ বাহিৰে প্রাণ (ভিন্নগ্রহী) আছেনে নাই তাৰ সন্ধান চলাইছিল। এই স্কেলত সভ্যতাৰ তিনিটা মাপকাঠি আছে। প্রতিটো মাপকাঠিতে একোটা শক্তি নিষ্পত্তি স্তৰ আছে। এই তিনি সভ্যতা হ’ল— টাইপ-১, টাইপ-২ আৰু টাইপ-৩। অন্যান্য জ্যোতির্বিজ্ঞানীসকলে এই স্কেলত সভ্যতাৰ আৰু দুটা মাপকাঠি যোগ কৰিছে— টাইপ-৪ আৰু টাইপ-৫। টাইপ-৪ আৰু টাইপ-৫ সভ্যতাৰ অর্থ, এই ধৰণৰ সভ্যতাত উপলব্ধ শক্তি কেৱল আমাৰ নক্ষত্রমণ্ডলতে নহয়, সমস্ত মহাবিশ্বত আৰু সমস্ত সময়-ৰেখায় উপলব্ধ সমস্ত শক্তিৰ সমান।
  •  কাৰ্দাচেভ স্কেল আৰু মানৱ সভ্যতা
    মানৱ সভ্যতাই এতিয়াও এই স্কেলত ঠাই পোৱা নাই। কাৰণ মানুহ এতিয়াও মৃত গছ-গছনি আৰু প্রাণীৰ পৰা প্রাপ্ত ইন্ধনৰ (জীৱাশ্ম ইন্ধন) পৰাই শক্তিৰ চাহিদা পূৰায়। সেয়ে মানৱজাতি এতিয়াও পৰি আছে টাইপ-০ সভ্যতাত। তাত্ত্বিক পদার্থবিদ মিচিঅ’ কাকুৰ মতে, আমাৰ সভ্যতা এক বিশেষ কেঁকুৰিত আহি উপনীত হৈছে। কাকুৰ বিশ্বাস, খুব শীঘ্রেই মানৱ সভ্যতাৰ মানোন্নয়ন হ’ব। আগন্তুক এশ-দুশ বছৰত মানৱ সভ্যতা টাইপ-১ সভ্যতাত উপনীত হ’ব। এই স্কেল অনুযায়ী, একোটা টাইপ-১ সভ্যতা বুলি সেই সভ্যতাক ধৰা হয়, যি সভ্যতাই শক্তিৰ ক্রমবর্ধমান চাহিদা পূৰাবলৈ অন্য নক্ষত্রৰ পৰা শক্তি সংগ্রহ আৰু সঞ্চয় কৰিবলৈ সক্ষম হয়।
  •  টাইপ-১ সভ্যতালৈ এতিয়াও বহুদূৰ
    পৃথিৱীক টাইপ-১ সভ্যতাত উপনীত হ’বলৈ হ’লে বর্তমানৰ তুলনাত এক লাখ গুণ বেছি শক্তি উৎপাদন কৰিব লাগিব। আৰু ইয়াৰ অর্থ হ’ল, মানুহে তেতিয়া অগ্ন্যুৎপাত, ভূমিকম্প আৰু বতৰৰ শক্তিকো নিয়ন্ত্রণ আৰু সংগ্রহ কৰিব পাৰিব। পৰৱর্তী ধাপত, অর্থাৎ টাইপ-২ সভ্যতাৰ প্রাণীসমূহে নিজৰ নক্ষত্রৰ সমস্ত শক্তিক কামত লগাব পাৰে। এই সভ্যতাৰ মানুহে নক্ষত্রৰ পোহৰক শক্তিত ৰূপান্তৰিত কৰাৰ সমানে সমানে সমস্ত নক্ষত্রকেই নিয়ন্ত্রণ কৰিব পাৰে।1653832146086 এই সভ্যতাৰ ইমানেই ক্ষমতা থাকিব যি সহজেই গ্রহৰ দিশে ধাৱমান কোনো গ্রহাণুক নিমিষতে ধ্বংস কৰিব পাৰিব। টাইপ-৩ সভ্যতাৰ মানুহৰ সম্পূৰ্ণ বিশ্বব্রহ্মাণ্ডৰ শক্তি সম্পর্কে ধাৰণা থাকে। তদুপৰি এই সভ্যতাত বিশ্বব্রহ্মাণ্ডৰ সমস্ত শক্তিকেই নিয়ন্ত্রণ কৰা সম্ভৱ। এই সভ্যতাৰ প্রাণীবোৰ জৈৱিক আৰু যান্ত্রিক সংমিশ্রণত সৃষ্ট। যাক ‘চাইবর্গ’ বোলা হয়। এই সভ্যতাৰ মানুহে এটা নক্ষত্রমণ্ডলৰ পৰা অন্য নক্ষত্রমণ্ডললৈ সহজেই যাতায়াত কৰিব পাৰে। সমান্তৰালভাৱে এই সভ্যতাৰ প্রাণীবোৰে চিন্তা-ভাবনাযুক্ত ৰবট তৈয়াৰ কৰিবলৈয়ো সক্ষম। কার্দাচেভে বিশ্বাস কৰে যে, টাইপ-৪ সভ্যতা খুব বেছি উন্নত। তেওঁ অনুমান কৰিছিল, এই সভ্যতাৰ প্রজাতিসমূহৰ ক্ষমতা অপৰিসীম হ’ব। টাইপ-৪ সভ্যতাৰ মানুহ মহাবিশ্বৰ সমস্ত শক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম আৰু এই সভ্যতাৰ মানুহ কৃষ্ণগহ্বৰৰ মাজতো অনায়াসে বসবাস কৰিব পাৰিব।
  •  কল্পনাতীত টাইপ-৫ সভ্যতা
    কার্দাচেভে মন নকৰিলেও আৰু অনেক জ্যোতির্বিজ্ঞানীয়ে অনুমান কৰে যে টাইপ-৪ সভ্যতাৰ পিছতো আৰু এক সভ্যতাৰ অস্তিত্ব থাকিব পাৰে। কল্পনাতীত উন্নত এই সভ্যতা টাইপ-৫ সভ্যতা। এই সভ্যতাৰ মানুহবোৰ অসীম ক্ষমতাৰ অধিকাৰী হ’ব। ইচ্ছেমতে মহাবিশ্বক পৰিচালনা কৰাৰ ক্ষমতা থাকিব টাইপ-৫ সভ্যতাৰ মানুহৰ। এই সভ্যতাত মানুহ নিমিষতে উপনীত হ’ব পাৰিব এঠাইৰ পৰা আন এঠাইত। পিছে জ্যোতির্বিজ্ঞানীসকলে অনুমান কৰে যে, বর্তমান সভ্যতাৰ মানুহ উন্নত সভ্যতালৈ যোৱাটো ইমান সহজ নহয়। তাৰ বাবে অৱশ্যেই পৃথিৱী আৰু পৰিৱেশৰ যত্ন ল’ব লাগিব। যত্ন ল’ব লাগিব হবে প্রকৃতিৰ পৰা পোৱা ক্ষমতাৰ উৎসবোৰৰো।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More