অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী আৰু ভূগোল : মুখ্যমন্ত্রী

0 10

শতাব্দ গুৱাহাটী,১৩ আগষ্টঃ আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্রত সংযোজিত হ’ব বুৰঞ্জী আৰু ভূগোল। অষ্টম শ্ৰেণীৰ পৰা ভাৰত বুৰঞ্জীৰ লগতে অসম বুৰঞ্জী বাধ্যতামূলক হ’ব। লগতে বাধ্যতামূলক হ’ব ভূগোল। এইক্ষেত্রত পাঠ্যক্ৰম প্ৰস্তুত কৰি থকা হৈছে। এই কথা সদৰি কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।DSC 6710 উল্লেখ যে ৰাজ্যৰ অন্যতম ভূমিপুত্র মৰাণ জনগোষ্ঠীৰ আধাৰত ৰচনা কৰা ‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থখন আজি জনতা ভৱনত উন্মোচন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উন্মোচনী ভাষণত মুখ্যমন্ত্রী শৰ্মাই বুৰঞ্জীৰ প্ৰসংগত কয় যে আমি আমাৰ বুৰঞ্জী নজনাৰ বাবেই জাতি-জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ অভাৱ ঘটিছে। ভাষণ প্ৰসংগত তেওঁ কয় যে অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী আৰু ভূগোল বিষয় বাধ্যতামূলক হ’ব। তেওঁ লগতে কয় যে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত কেইবাটাও জাতি-জনগোষ্ঠীৰ ইতিহাস জড়িত হৈ আছে। শিক্ষাৰ্থীসকলৰ মাজত বুৰঞ্জীৰ চৰ্চা কমকৈ হোৱাৰ ফলতে সামাজিক বিশৃংখলতাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আমি আমাৰ ইতিহাস নজনাৰ বাবে বিতৰ্কিত কথাৰে পৰিৱেশ বিনষ্ট কৰোঁ। তেওঁ কয় যে এইখন অসমতে পৃথুৰ দৰে ৰজা আছিল যিজনে প্ৰথম মুছলমানৰ শাসন উফৰাই দিছিল। ৰাজ্যখনত অসম বুৰঞ্জী পঢ়াৰ ক্ষেত্রত শিক্ষাৰ্থীৰ অভাৱ থকাৰ কথা তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰি কয় যে বুৰঞ্জীৰ ওপৰত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। ভাষণ প্ৰসংগত তেওঁ মৰাণ জনগোষ্ঠীৰ গৌৰৱোজ্বল ইতিহাসৰ কথা উল্লেখ কৰি কয় যে গ্ৰন্থখনে মৰাণ জনগোষ্ঠীৰ ইতিহাস, পৰম্পৰা, ঐতিহ্য, সংস্কৃতি, ৰাজনৈতিক দিশ উন্মোচন কৰিছে। ছাত্ৰ ছাত্ৰী, গৱেষকসকলৰ বাবে গ্ৰন্থখন এখন দস্তাবেজ হ’ব বুলি তেওঁ সদৰি কৰে। অনুষ্ঠানত সাংসদ পবিত্র মাৰ্ঘেৰিটা, বিধায়ক বলিন চেতিয়া, বিধায়ক সুৰেন ফুকন, গ্ৰন্থখনৰ সম্পাদক ডঃ নিৰোদ বৰুৱা, মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More