অসমত ৭১.১৬ লাখ শিশুক পেলু দৰৱ খুওৱাৰ লক্ষ্য

বাদ পৰা শিশুক সামৰিবলৈ পুনৰ ১৭ মাৰ্চত অভিযান

0 27

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১০ মাৰ্চ : অসমৰ ১ৰ পৰা ১৯ বছৰৰ বয়সৰ ভিতৰৰ শিশুসকলক পেলুৰ সংক্ৰমণৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী পালন কৰে। শুক্ৰবাৰে আগবেলা মহানগৰীৰ দিশপুৰস্থিত ৰাজধানী ৰাজ্যিক চিকিৎসালয়ৰ পৰা ৰাজ্যিক পৰ্যায়ত এই কাৰ্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ পৰিষদৰ সদস্য অসীম শইকীয়া, এনএইচএমৰ ৰাজ্যিক সঞ্চালক ডা়ঃ এম এছ লক্ষ্মীপ্ৰিয়া, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, এনএইচএমৰ কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ধ্ৰুৱজ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ কন্দৰ্প দাস আৰু জিলা সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমো উপস্থিত থকা এই অনুষ্ঠানত মন্ত্ৰী মহন্তই কেইগৰাকীমান শিশু তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত পেলু প্ৰতিৰোধকাৰী দৰৱ ‘এলবেণ্ডাজল’ টেবলেট সেৱন কৰাই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক অভিযান উদ্বোধন কৰে। ৰাজ্যিক পৰ্যায়ত এই কাৰ্যসূচী মুকলি কৰি দিয়া ভাষণত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘এবছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশুৰ শৰীৰত মাটিৰ পৰা হ’ব পৰা কিমি পেলু (হেলমিন্থ)ৰ সংক্ৰমণৰ বিষয়টো দেশৰ স্বাস্থ্যখণ্ডৰ বাবে এক চিন্তাৰ কাৰক হৈ আহিছে। বিশেষকৈ, দেশত ১-১৪ বছৰ বয়সসীমাৰ ভিতৰৰ ৬৮ শতাংশ শিশুৱেই কৃমিবা ফিটা পেলুৰ দ্বাৰা আক্ৰান্ত হোৱা পৰিলক্ষিত হয়। পেলুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ফলত শিশুৰ শৰীৰ দুৰ্বল হৈ পৰাৰ লগতে এনে শিশু পুষ্টিহীনতা আৰু ৰক্তহীনতাত ভোগে। পেলুৰ সংক্ৰমণৰ বাবে শিশুৰ স্বাস্থ্য অতি দুৰ্বল হোৱাৰ উপৰি তেওঁলোক অমনোযোগীও হৈ পৰে। সেয়ে, ১ৰ পৰা ১৯ বছৰৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পেলুৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবেই ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ জৰিয়তে স্বাস্থ্য বিভাগে বিশেষ অভিযান চলায়।’ পেলু প্ৰতিৰোধৰ দৰৱ এলবেণ্ডাজল অতি নিৰাপদ বুলি দোহাৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে সন্তানৰ অভিভাৱকসকলক নিৰ্ভয়ে এই টেবলেট নিজৰ সন্তানক খুৱাই পেলুৰ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবে আহ্বান জনায়। পেলুৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্যসন্মত জীৱনশৈলীৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশ অতি প্ৰয়োজনীয় বুলিও দোহাৰে মন্ত্ৰী মহন্তই। প্ৰতিগৰাকী অভিভাৱককে নিজৰ সন্তানে ভালকৈ চাবোনেৰে হাত ধুইহে সদায় আহাৰ গ্ৰহণ কৰে আৰু শৌচাগাৰ ব্যৱহাৰৰ পাছতো চাবোনেৰে হাত পৰিষ্কাৰ কৰে, সেই অভ্যাস যাতে সৰুৰে পৰাই আহৰণ কৰে সেই দিশত গুৰুত্ব দিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। পুষ্টিহীনতা, অমনোযোগিতা, ৰক্তহীনতা আৰু দুৰ্বলতা আদি বিভিন্ন কাৰকৰ পৰা শিশু সকলক মুক্ত কৰাৰ বাবে পেলুনাশক ঔষধ সেৱন অভিযান সফল কৰাৰ বাবে সকলোকে অনুৰোধ জনায় মন্ত্ৰী মহন্তই।
উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি ২০২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ প্ৰথম পৰ্যায় সম্পন্ন হোৱাৰ এমাহ পাছত আজি দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই দিৱসৰ কাৰ্যসূচীৰ জৰিয়তে এইবাৰ ৰাজ্যখনৰ ৭২.১৬ লাখ শিশুক পেলুৰ ঔষধ সেৱন কৰোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্যৰ সকলো জিলাতে খণ্ড স্বাস্থ্যকেন্দ্ৰ, উপ-স্বাস্থ্যকেন্দ্ৰ, চৰকাৰী-বেচৰকাৰী বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰসমূহত ১ৰ পৰা ১৯ বছৰৰ প্ৰতিগৰাকী শিশু তথা ছাত্ৰ-ছাত্ৰীক এলবেণ্ডাজল টেবলেট খুওৱাৰ বাবে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে। আজি এই দৰৱ সেৱনৰ পৰা কোনো কাৰণত বাদ পৰি যোৱা শিশুসকলৰ বাবে অহা ১৭ মাৰ্চত পুনৰ স্বাস্থ্য বিভাগে অভিযান চলাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More