অসমত ৭৩ দিনত ৫৯ টা শগুনৰ মৃত্যু

0 52

ধ্ৰুৱ জ্যোতি চেতিয়া  

বৰ্তমান সময়ত অসমত শগুনৰ মৃত্যুৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি হৈছে । বিগত বছৰ বোৰৰ মৃত্যুৰ তথ্যবোৰ যদি লুটিয়াই নাচায় কেৱল এই বছৰৰ জানুৱাৰী ১ তাৰিখৰ পৰা আজি (১৪/০৩/২০২৩) তাৰিখলৈকে তথ্যবোৰলৈ যদি লক্ষ্য কৰো তেতিয়া দেখো যে ৭৩ দিনত ৫৯ টা শগুনৰ মৃত্যু হৈছে (বিভিন্ন ঠাইৰ পৰা পোৱা খৱৰ আৰু বাতৰি তথ্যৰ ভিত্তিত)।
তথ্য :
১) তাৰিখ- ২৩/০১/২০২৩
স্থান:- শিৱসাগৰৰ পানবেচাৰ বৰ বিল অঞ্চলত
মৃত্যুৰ সংখ্যা :- ২৫ টা
অসুস্থ সংখ্যা :- ৮ টা

২) তাৰিখ- ২২/০২/২০২৩
স্থান – মাজুলী জেংৰাইমুখৰ বোকা বিল অঞ্চলত
মৃত্যুৰ সংখ্যা- ৬ টা
অসুস্থ সংখ্যা – ১১ টা

৩) তাৰিখ – ২৪/০২/২০২৩
স্থান- ঢকুৱাখনা বাগিছা গাঁৱৰ পাগলী পথাৰ
মৃত্যুৰ সংখ্যা – ৬ টা
অসুস্থ সংখ্যা- ২ টাWhatsApp Image 2023 03 09 at 9.46.38 PM

৪) তাৰিখ- ১০/০৩/২০২৩
স্থান – কামৰূপৰ ছয় গাঁৱৰ বামুণী গাঁৱত
মৃত্যুৰ সংখ্যা- ২টা
অসুস্থ সংখ্যা- (তথ্য পোৱা নাই)

৫) তাৰিখ- ১৪/০৩/২০২৩
স্থান- ডিব্ৰুগড়ৰ জামিৰা পাত্ৰ গাওঁ
মৃত্যুৰ সংখ্যা- ২০ টা
অসুস্থ সংখ্যা- ৭০ টা

  তথ্য মতে বৰ্তমানলৈকে গোটেই পৃথিৱীত ৯৯ শতাংশ শগুন লুপ্ত হৈছে । বিলুপ্তিৰ পথত থকা এই শগুনৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰণে যি সময়ত গোটেই বিশ্বজুৰি বিভিন্ন ধৰণৰ আঁচনি আৰু কাৰ্যসূচী হাতত লৈ “Save Vulture” আন্দোলন আৰম্ভ কৰিছে ।তদুপৰি বহুত লোকে শগুন সংৰক্ষণৰ কাৰণে নিস্বাৰ্থ ভাবে কাম কৰি আছে । তেনে সময়ত অসমত শেহতীয়াকৈ পুনঃ পুনঃ ঘটা শগুনৰ মৃত্যুৰ ঘটনাই গোটেই বিশ্বত লজ্জিত কৰাই নহয় অসমৰ প্ৰকৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । এনেধৰণৰ ঘটনাই কি বুজাইছে ।
বৰ্তমান সময়ত শগুন সংৰক্ষণৰ কাৰণে অসমত কাম কৰি থকা বিভিন্ন সংগঠন, গোট আৰু ব্যক্তি সকলে নিজৰ কৰ্মৰাজি আত্ম সমালোচনা কৰিব হ’ল । কাৰণ এইক্ষেত্ৰত অসমত শগুন ওপৰত যিমান কাম হ’ব লাগিছিল এতিয়ালৈকে হৈ উঠা নাই । কৰবাত যেন মানুহৰ কাষলৈ শগুনৰ বিষয়টো লৈ যাবলৈ অপাৰগ হৈছো ।
শগুনৰ দুৰ্ঘটনা হ’লে শগুন উদ্ধাৰ কৰি চিকিৎসা কৰিব লাগিব । কিন্তু অপ্ৰিয় সত্য–কৰবাত শগুনৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে উদ্ধাৰ কৰি মুকলি কৰি দিয়ালৈকে নিজৰ নামটো টাইম লাইনত আনি প্ৰজেক্টৰ নামত আমি যিমান হেতাওপৰা কৰো, ঘটনা শেষ হোৱাৰ পিছত সিমানে নিষ্ক্ৰিয় হৈ পৰো । কবলৈ আৰু শুনিবলৈ বেয়া বহুতে নিজকে Wildlife photographer বুলি চিনাকি দি ভাল পোৱা লোকে এইবোৰ ক্ষেত্ৰত এষাৰো মাত নামাতে, তেওঁলোকৰ দায়িত্ব কেৱল এখন ফটো তুলিবলৈ পালে হ’ল । যদি সম্পদে নাথাকে ফটো তুলিব কি ?
বৰ্তমান সময়ত সজাগতাৰ ক্ষেত্ৰত সংবাদ মাধ্যম, ইউটিউবাৰ বোৰে বিশেষ ভূমিকা লব পাৰে । কিন্তু এইবোৰ বিষয় যে বিশেষ ভাইৰেল নহয় সেই বাবে এই বিষয়বোৰ আঁতৰাই চলে ।
অসমৰ বন বিভাগ নামৰ এটা চৰকাৰী বিয়াগোম বিভাগ আছে তেওঁ লোকে ঘটনা সংঘটিত হোৱাৰ পিছতে খবৰ পাই আৰু নো কি কৰিব………… ।
মুঠতে অসমৰ পৰা যে শগুন অতি কম সময়ৰ ভিতৰত নাইকীয়া হৈ যাব সেই কথা বিগত দহ বছৰৰ তথ্য ওপৰত আলোকপাত কৰিলে স্পষ্টকৈ দেখা পোৱা যায় । যি কি নহওঁক আহক আমি হাতে হাত ধৰি শগুনৰ মৃত্যু মুখী যাত্ৰাত আৰু এখোজ আগবঢ়াই দিওঁ ।

ধন্যবাদ মানৱ সমাজ।
এক মিনিট মৌনপ্ৰাৰ্থনা শগুনৰ বাবে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More