অসমীয়াৰ কামেট আৰোহণৰ গৌৰৱোজ্জ্বল ২৫ বছৰ

0 176

ৰুবী বৰা

শিখৰৰ শিখৰ বুলিয়েই কওক কিম্বা সোণালী শিখৰ বুলিয়েই কওক আটাইতকৈ ডাঙৰ কথাটো হ’ল ’ভাৰতৰ এভাৰেষ্ট’ বুলি নাম পোৱা শৃংগটোৱেই হৈছে ’মাউন্ট কামেট’।কামেটৰ মূল উৎস হৈছে তিব্বেতিয়ান শব্দ ’কাং-মেড’ অৰ্থাৎ ’জ্বলন্ত শিখৰ’ (Burning Mountain)। সূৰ্য্যৰ ৰশ্মি পৰিলে শিখৰটোৱে যি মোহনীয়া ৰূপ ধাৰণ কৰে, শৃংগটোৰ এই নামকৰণৰ আঁৰৰ মূলতে সেইটোৱে কথা।
উত্তৰাখণ্ডৰ গাড়োৱাল হিমালয়ত অৱস্থিত ২৫,৪৪৭ ফুট উচ্চতাৰ এই কামেট হ’ল ভাৰতৰ তৃতীয় উচ্চ আৰু পৃথিৱীৰ ২৯ত্বম উচ্চ শৃংগ। একেবাৰে গাতে লাগি থকা (১.৬ কি.মি. দূৰত্বত) মাউন্ট আবি গামিনক কামেটৰ ভাতৃ বুলি কোৱা হয়। দুয়োটি শৃংগ ভাৰত আৰু তিব্বতৰ প্ৰায় সীমাতেই অৱস্থিত। হিমালয়ৰ বাকী শৃংগ বোৰতকৈ সম্পূৰ্ণ পৃথক আৰু অতি বিপজ্জনক পথৰ বাবেই ই পৰ্বতাৰোহীসকলৰ বাবে সদায় এক সাথৰ হিচাপে পৰিগণিত হৈ আহিছে।IMG 20220905 WA0008
১৮৫৫ চনত এই শিখৰলৈ প্ৰথম অভিযান আৰম্ভ হৈছিল যদিও ১৯৩১ চনত এটা বৃটিছ অভিযানৰ জৰিয়তে ফ্ৰেংক স্মিথ, এৰিক চিপ্টন, আৰ.এল. হলচৱৰ্থ, ডা. ৰেমণ্ড গ্ৰীন, বিল ব্ৰিন আৰু লেৱা চেৰপাই শিখৰটোত প্ৰথম বিজয়ৰ নিচান উৰুৱাবলৈ সক্ষম হৈছিল। বিশ্বৰ প্ৰথম ২৫,০০০ ফুট উচ্চতাৰ ওপৰত পৰ্বতাৰোহণ অভিযানৰ সফলতাৰ এই ৰেকৰ্ড ইয়াৰ পাঁচ বছৰৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ ’নন্দা দেৱী’ৰ সফল আৰোহণ হোৱালৈকে জিলিকি আছিল।
১৯৭২ চনত পোনপ্ৰথমবাৰৰ বাবে অসমৰ পৰা অতনু প্ৰসাদ বৰুৱা দেৱৰ নেতৃত্বত কামেট শিখৰলৈ অভিযান চলায়। অতি কষ্টৰে অভিযানটোত আগুৱাই গৈ মাত্ৰ ৩০০ ফুট উচ্চতা বগাবলৈ বাকী থকা অৱস্থাত ২৩ জুন তাৰিখে দলটি উভতি আহিবলগীয়া হয়। বতৰৰ প্ৰতিকূলতাৰ বাবে এনেদৰে উভতিবলগীয়া হোৱাত অসম পৰ্বতাৰোহণ সন্থাৰ জন্মদাতা তথা অসমত পৰ্বতাৰোহণৰ ন দিগন্ত সূচনা কৰা প্ৰয়াত ৰোহিনী কুমাৰ ভূঞাৰ মন ভাঙি পৰিছিল, তেখেতৰ বাবে এই শিখৰ জয় সপোন হৈয়ে থাকি গ’ল। উল্লেখ্য, ১৯৭৯ চনত কেদাৰডোম অভিযান সফল কৰি উভতি আহোতে অতি কম বয়সতে ৰোহিনী কুমাৰ ভূঞাই মৃত্যুক সাৱতি চিৰদিনৰ বাবে পাহাৰৰ বুকুত বিলীন হৈ গ’ল।IMG 20220905 WA0009
১৯৮৯ চনত পুনৰ কামেট অভিযানৰ আয়োজন কৰা হ’ল অজিত কলিতাৰ নেতৃত্বত। কিন্তু প্ৰতিকূল বতৰৰ বাবে সেইবাৰো অভিযান সফল নহ’ল। ১৯৯১ চনত অসম পৰ্বতাৰোহণ সন্থাৰ পৰা কামেট অভিযান হৈছিল। অসম এডভেন্সাৰ ফাউণ্ডেচনৰ এটা দল মঃ মামুন ৰচিদৰ নেতৃত্বত কামেট অভিমুখে যাত্ৰা কৰে যদিও সেই একেই বতৰৰ প্ৰতিকূলতাৰ বাবে ৫ নং শিবিৰৰ পৰা উভতি আহিবলগীয়া হয়।
সকলো জল্পনা কল্পনা, বহুকেইটা বিফল অভিযানৰ অন্তত ১৯৯৭ চনত অসম এড্ভেন্সাৰ ফাউণ্ডেচনৰ পৰা মাউন্ট কামেট আৰু মাউন্ত আবি গামিনলৈ বুলি নতুন উদ্যমেৰে অভিযান আৰম্ভ হ’ল। ৩০ জুলাই তাৰিখে দলটো গুৱাহাটীৰ পৰা দিল্লী অভিমুখে ৰাওনা হয়। দলনেতা মঃ মামুন ৰচিদকে ধৰি বাকী সদস্যসকল আছিল জয়ন্ত ৰয়, মানস বৰুৱা, উপেন চক্ৰৱৰ্তী, প্ৰতুল চন্দ্ৰ দাস, দিগন্ত ৰয় আৰু অপূৰ্ব বসু। লগত আছিল ভাৰতীয় পৰ্বতাৰোহণ সন্থাৰ ফালৰ পৰা সংযোগ বিষয়া হিচাপে অনুপম ডেকা।
তাৰ কিছুদিন আগতে উত্তৰাখণ্ডত হৈ যোৱা প্ৰৱল বানত ঠায়ে ঠায়ে বাট পথ নিশ্চিহ্ন হোৱাৰ চূড়ান্ত প্ৰত্যাহ্বানকে ধৰি অতি দুৰ্গম পথেৰে, প্ৰচণ্ড সোঁত আৰু অত্যন্ত চেচা পানীৰ দুখনকৈ নদী অতিক্ৰম কৰি ১৪ আগষ্ট তাৰিখে ১৬,০০০ ফুট উচ্চতাত এটা ডাঙৰ হ্ৰদৰ পাৰত অভিযানৰ মূল শিবিৰ তথা বেচ কেম্প প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ৰাইকানা হিমবাহৰ বসুন্ধৰা তাল নামে খ্যাত সেই ঠাইৰ পৰা দলটোৱে প্ৰথমবাৰলৈ খালী চকুৰে কামেট শৃংগ দৰ্শন কৰিবলৈ সক্ষম হৈছিল যিয়েই দলটোৰ উৎসাহত দুগুণে ৰং সানিছিল।IMG 20220905 WA0010
কামেট অভিযানত সাধাৰণতে মূল শিবিৰৰ পিছত আৰু ছটা শিবিৰ পতা হয়। বতৰৰ পৰা সম্পূৰ্ণ সঁহাৰি পায় দলটো ক্ৰমান্বয়ে ওপৰলৈ আগুৱাই গৈ আছিল।দলটোৰ সদস্য সকলৰ কঠোৰ পৰিশ্ৰম, সাহস আৰু একাগ্ৰতাৰে এটাৰ পিছত এটাকৈ শিবিৰ স্থাপন কৰি কৰি ৬ ছেপ্টেম্বৰৰ দিনা ষষ্ঠ শিবিৰত গৈ উপস্থিত হয়গৈ।
৭ ছেপ্তেম্বৰৰ পুৱা ৫ বজাত ক্ৰমাৎ বেয়া হৈ অহা বতৰৰ মেঘাচ্ছন্ন আকাশকে সাৰথি কৰি ঈশ্বৰক চিন্তি বৰফৰ বিশাল পথাৰৰ মাজেৰে, কম কমকৈ হৈ থকা তুষাৰ পাতৰ মাজেৰে দলটো আগবাঢ়িছিল কামেটৰ দিশেৰে। দলৰ সদস্য মানস বৰুৱাৰ ভাষাৰে, ”পুৱতি নিশা ৩ বজাত টেন্টৰ পৰা ওলাই দেখিছিলো সম্পূৰ্ণ মেঘাচ্ছন্ন আকাশ। টৰ্চ লাইটৰ পোহৰত তুষাৰপাত বেছ স্পষ্টভাৱে জিলিকিছিল।মেঘৰ মাজেৰে এটা মাত্ৰ তৰা অস্পষ্টভাৱে ওলাই আছিল।সেমেকা মনেৰেই মাত্ৰ একাপ শুদা চাহ খাই পুৱা ৫ বজাত যাত্ৰা আৰম্ভ কৰিছিলো। ৰোহিনীদাৰ স্বপ্নৰ শিখৰ মাউন্ট কামেটলৈ…”
অক্সিজেনৰ উপস্থিতি একেবাৰে কম হোৱা হেতুকে দলৰ সদস্যসকল কম সময়তে ভাগৰি পৰিছিল। ৮ মান বজাত সূৰ্য্য দেৱে এবাৰ ভুমুকি মাৰি আকৌ অন্তৰ্ধান হৈছিল। নতুনকৈ পৰা বৰফত অত্যন্ত কষ্টৰে প্ৰায় ৬ ঘন্টা যোৱাৰ অন্তত ২ বজাত প্ৰথম দলটো বহু প্ৰত্যাশিত কামেট শিখৰত গৈ উপস্থিত হয়গৈ। অৱশেষত কামেটৰ বুকুত অসমৰ পৰ্বতাৰোহীয়ে অসমীয়াৰ স্বাভিমান গামোচা উৰুৱাবলৈ সক্ষম হ’ল।

   কামেটৰ এই সফল অভিযানে আজি ২৫ টা বছৰ অতিক্ৰম কৰিলে। অসমৰ যুৱক-যুৱতী পৰ্বতাৰোহণৰ লগতে দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত ইটোৰ পিছত সিটোকৈ নিতৌ নতুন সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতৰ বাটকটীয়া সংগঠন অসম পৰ্বতাৰোহণ সন্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসম পৰ্বতাৰোহণৰ ক্ষেত্ৰখনত উজ্বলি উঠক, ইয়াৰে আকাশে বতাহে পৰ্বতাৰোহণৰ কথা চৰ্চিত হওক, পৰ্বতাৰোহণৰ যাত্ৰাত থকা প্ৰত্যাহ্বানবোৰ নোহোৱা হওক (পাহাৰসৃষ্ট প্ৰত্যাহ্বানবোৰ বাদ কৰি) তাকে লৈ প্ৰতিজন অসমীয়া পৰ্বতাৰোহী আশাবাদী ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More