অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষৰ আৰম্ভণি

তেজপুৰত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ উদ্যোগত সভা

0 61
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২জুলাইঃ ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতাৰ শতবৰ্ষ আৰম্ভণি অনুষ্ঠানৰ সতে সংগতি ৰাখি আজি তেজপুৰতো শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কাৰ্যালয়ত এই বিশেষ কাৰ্যসূচী উদযাপন কৰে জিলাখনৰ সাংবাদিক সংগঠনটোৱে।ইউনিয়নৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি দিনৰ ১১বজাৰ পৰা আৰম্ভ হোৱা আৰু সাংবাদিক অৰ্ণব নাথে আঁত ধৰা এই অনুষ্ঠানতে আজি পালন কৰা বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰো শুভেচ্ছা জনোৱা হয়। প্ৰবীণ ক্ৰীড়াবিদ তথা চিকিৎসক বিশ্বৰঞ্জন কলিতা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰে এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। প্ৰবীন ক্ৰীড়াবিদ কলিতাই অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ দীঘলীয়া যাত্ৰাত প্ৰতিগৰাকী সাংবাদিকৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰি কয় যে ১৯০৩ত তেজপুৰত অনুষ্ঠিত এখন ফুটবল খেলৰ বিষয়ে তেওঁ কিছু বছৰ পূৰ্বেহে কাকততে পঢ়িবলৈ পাইছিল। এনে ক্ষেত্ৰত সেই সময়ত তথ্য আছিল যদিও প্ৰকাশ পাবলৈ তেনে ক্ৰীড়া সাংবাদিকতা নথকাৰ বিপৰীতে বৰ্তমান ৰাজ্যৰ প্ৰতিখন কাকত আলোচনীত এটা ক্ৰীড়া পৃষ্ঠা থকাটো অতি গুৰুত্বপূৰ্ণ কথা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে,ইয়াৰ বাবেই বৰ্তমান ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব দিয়া লোকৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমান ক্ৰীড়া সাংবাদিকতাৰ গুৰুত্বৰ বাবেই ৰাজ্যৰ বহু পিছপৰা অঞ্চলৰ ক্ৰীড়া প্ৰতিভাৰ লগতে ক্ৰীড়া সম্পৰ্কীয় খৱৰ সমূহো লাভ কৰা সহজ হৈ পৰা বুলি তেওঁ কয়। আনহাতে তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰে অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ আৰম্ভণিৰ ক্ষেত্ৰত চন্দ্ৰ কুমাৰ আগৰৱালাৰ অসমীয়া নামৰ কাকতখনৰ পৰা অভিৰুচি তথা প্ৰান্তিক, বিস্ময় আদি আলোচনি আৰু অসমীয়া কাকতৰ এই ৯৯বছৰীয়া যাত্ৰাই এক বিশেষ তাৎপৰ্য বহন কৰা বুলি কয়। তেওঁ বৰ্তমান বহু লোকে কেবল ক্ৰীড়া পৃষ্ঠাটোৰ বাবেই বাতৰি কাকত পঢ়াৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ দৰেই ক্ৰীড়া পৃষ্ঠাৰো বিশেষ গুৰুত্ব থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে,এখন খেলৰ বাতৰি এটা পঢ়াৰ সময়ত পঢ়ুৱৈয়ে খেলখন চাই থকাৰ দৰেই অনুভৱ কৰাটোৱেই ক্ৰীড়া সাংবাদিকতাৰ সাফল্য বুলিও তেওঁ কয়। ৰাধাগোবিন্দ বৰুৱাৰ অৱদানৰ লগতে বলেন চক্ৰৱৰ্তী,পুলিন দাস,পুলক লাহিড়ি, জিতেন গগৈ,সুবুধ মল্ল বৰুৱা,পূৰ্বজ্যোতি চুতীয়া তথা অগ্ৰজ আৰু অনুজ ৰাজ্যখনৰ প্ৰতিগৰাকী সাংবাদিক এই শতবৰ্ষীয় ক্ৰীড়া সাংবাদিকতাৰ যাত্ৰাৰ সফলতাৰ অংশীদাৰ বুলি মন্তব্য কৰি বৰঠাকুৰে তেজপুৰৰ প্ৰয়াত বিবুধ ডেকা, নৰেন্দ্ৰ দেৱ শাস্ত্ৰীৰ পৰা প্ৰশান্ত কুমাৰ নাথ আৰু বৰ্তমানৰ প্ৰতিজন সংবাদিকৰ ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা,সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়কে ধৰি বহুকেইজন সাংবাদিক উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More