অসমীয়া জাতি পুনৰ গঠনৰ প্ৰয়োজন আছে

0 253

বিমল বৰগোহাঁই

স্বৰ্গদেউ চাওল্যুং চুকাফাই বিভিন্ন জাতি-জনজাতি, উপজাতি সমূহক লৈ যি বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্রক্রিয়াত আগভাগ লৈছিল, সেই কথা বুৰঞ্জীৰ পাত লুটিয়ালেই সকলোৱে অনুধাৱন কৰিব পাৰিব। সেয়েহে, তেখেতক অসমীয়া জাতিৰ নিৰ্মাতা বুলিও কোৱা হয়। এটা জাতিৰ জাতীয় একতা আৰু চহকী গুণবোৰ বিশেষকৈ বাৰে ৰহণীয়া সাহিত্য, সংস্কৃতি, ঐতিহ্য, কলা-কৃষ্টি আদিয়ে জাতিটোৰ নাম আৰু মান বিশ্বৰ ভিতৰতে জিলিকাবলৈ সক্ষম হয়। আমাৰ অসমীয়া জাতিটোও এনে এটা চহকী জাতি য’ত পাহাৰ-ভৈয়ামত বাস কৰা বিভিন্ন সৰু সৰু জনজাতি বা উপজাতি সমূহ চামিল হৈ গঠন হোৱা বিশ্বৰ ভিতৰতে এটা চহকী জাতি। আমাৰ এই বিভিন্ন জনজাতি বা উপজাতি সমূহৰ প্রত্যেকৰে এক সুকীয়া সুকীয়া পৰিচয় আছে যদিও, তেওঁলোকে নিজকে গৌৰৱেৰে অসমীয়া বুলি কবলৈ অকণো কুন্ঠাবোধ নকৰে। সেয়েহে, আমি যদি ইতিহাস পঢ়ি চাওঁ, তেন্তে দেখিম যে অসমীয়া জাতিটোয়ে সময়ে সময়ে নিজৰ ভাষা বা অস্তিত্ব ৰক্ষাৰ বাবে যি যুঁজ বা সংগ্রাম কৰি আহিছে, সেয়া সফল হৈছে। ইয়াৰ অৰ্থ এইটোৱেই যে আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিব বিচাৰো।pepa player silhouette from assamese bihu the pepa is a hornpipe musical instrument that is used in traditional music in assam india buffalo horn is used as a music instrument 700 222052114 এটা জাতিৰ ঐক্য জাতিটোৰ গৌৰৱ আৰু সন্মান। আহোম ৰাজত্বৰ কালতে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাপুৰুয শ্রীমন্ত শঙ্কৰদেৱৰ সৃষ্টিৰাজিয়ে অসমীয়া ভাষা, সংস্কৃতি, ধৰ্ম আৰু জীৱনৰ ওপৰত সুদূৰ প্রসাৰী প্ৰভাব পেলায়। মহাপুৰুষ শঙ্কৰদেৱৰ অৱতাৰে অসমীয়া জাতিক সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ কৰি, মুক্ত-নিকা সাংস্কৃতিক জীৱনৰ সন্ধান দিছিল। গতিকে, আমি সহজে অনুমান কৰিব পাৰো যে অসমীয়া জাতি সকলো ফালৰ পৰা এটা কিমান চহকী জাতি।

কিন্তু, সাম্প্রতিক সময়ত অসমীয়া জাতিটো এক গভীৰ সংকটৰ মাজেৰে গতি কৰিছে বুলি চৰ্চা হোৱা দেখা গৈছে। অসমীয়া ভাষা আৰু জাতিটোৰ ওপৰত অসমতে বসবাস কৰা এচাম লোকে নানান বিৰূপ মন্তব্য কৰা শুনা গৈছে। বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ প্রচেষ্টাত বিদ্যালয়ত দশম শ্ৰেণীৰলৈকে অসমীয়া ভাষা লোৱাটো বাধ্যতামূলক কৰিছে, যদিও কেতিয়াবা কেতিয়াবা আমাৰ এই মাতৃ ভাষাটোৰ ওপৰত এতিয়াও বহুতে যেন বেয়া দৃষ্টিৰে চায়। যোৱা বছৰ শিলচৰত চৰকাৰী অসমীয়া ভাষাৰ ফলকত দুষ্কৃতিকাৰীয়ে কলা ৰং সানি অসমীয়া ভাষাক ঘোৰ অপমান কৰাৰ লগতে আমাৰ জাতিটোকো লজ্জিত কৰিলে। অথচ আমাৰ অসমৰ প্রাক্তন মুখ্যমন্ত্রী আৰু বৰ্তমানৰ ভাৰত চৰকাৰৰ কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্রতিটো ভাষণত বৰাক-ব্ৰহ্মপুত্র, পাহাৰ ভৈয়ামৰ লোকসকলক উদ্দেশি একতা আৰু সম্প্ৰীতিৰ এনাজৰী ডাল সদায় কটকটীয়া কৰিবলৈ প্রয়াস কৰিছিল। কিন্তু, অসমতে থাকি অসমীয়া জাতিটোক বা অসমীয়া ভাষাক নি:শেষ কৰিবলৈ আমাৰ সমাজৰ এচাম লোকে সদায় যেন সুযোগ লৈ আছে। এই কথাবোৰ শুনিলে মোৰ দৰে বোধকৰো প্রতিজন অসমীয়াৰ বুকুত এপাত শেলে বিন্ধাৰ দৰে লাগে। কিয় বাৰু এনে হোৱা যেন লাগে ? এটা চহকী জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি, কলা-কৃষ্টি আদিবোৰ কি হঠাতে নাইকিয়া হৈ যাব পাৰে নেকি? আজি প্রতিজন অসমীয়াই এই কথাবোৰ চিন্তা কৰি চাইছেনে? সেয়ে, এই জটিল সন্ধিক্ষণত অসমীয়া জাতিটোৰ ভাষা, সংস্কৃতি, কৃষ্টি আদিত যদি কিবা সংকট হৈছে বা আশংকা প্রকাশ কৰা হৈছে, তেন্তে মই ভাবো প্রতিটো জাতীয় বা জনগোষ্ঠীয় সংগঠন লগ হৈ অসমীয়া জাতিটোক একত্রিত কৰি স্বৰ্গদেউ চাওল্যুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা সেই বৃহত্তৰ অসমীয়া জাতি পুনৰ গঠনৰ প্রক্রিয়া আৰম্ভ কৰিব নোৱাৰি নে? য’ত নাথাকিব কোনো সাম্প্রদায়িকতা, ভেদা-ভেদ, হিংসা আদিৰ দৰে শব্দ। য’ত থাকিব মাথো বন্ধুত্ব, স্নেহ, সম্প্রীতি, একতা আৰু পৰস্পৰৰ প্রতি আন্তৰিকতা, যিয়ে সৃষ্টি কৰিব পাৰিব এখন সমন্বয় আৰু সাংস্কৃতিক সেঁতু। এই সেঁতুৱে অসমীয়া জাতিটোৰ সৈতে চামিল হৈ থকা বিভিন্ন জাতি-উপজাতিসকলৰ সৈতে সংযোগ স্থাপন কৰি আমাৰ সাংস্কৃতিক যাত্রাৰ পথ মসৃণ কৰি তুলিব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে,  অসমৰ সকলো জাতীয় বা জনজাতীয় সংগঠন বিশেষকৈ, মটক ছাত্র সন্থা ইয়াৰ ভাতৃ সংগঠন সমূহ, মৰাণ ছাত্র সন্থা আৰু ইয়াৰ ভাতৃ সংগঠন সমূহ, টাই আহোম ছাত্র সন্থা আৰু ইয়াৰ ভাতৃ সংগঠন সমূহ, চুতীয়া ছাত্র সন্থা আৰু ভাতৃ সংগঠন সমূহকে আদিকে কৰি কোঁচ, বড়ো, কাৰ্বি, ডিমাছা, চিংফৌ, মিচিং, দেউৰী, চাহ-জনজাতিৰ লগতে সৰু বৰ যিমানবোৰ জনগোষ্ঠীয় সংগঠন আছে, সেই সকলোবোৰে ঐক্যবদ্ধ হৈ অসমীয়া জাতি পুনৰ গঠনত এক বিশেষ পদক্ষেপ লবৰ বাবে আগবাঢ়ি আহিব লাগে। তেতিয়া, নিশ্চয় আমাৰ মাজত শংকা থকা জাতীয় অস্তিত্বৰ সংকট, ভাষা-সাহিত্য, সংস্কৃতিৰ সংকট আদি দূৰ হৈ এক বৃহত্তৰ অসমীয়া জাতিয়ে পুনৰ ঠন ধৰি উঠিব আৰু বিশ্বৰ ভিতৰতেই অসমীয়া জাতিয়ে এক সুকীয়া পৰিচয় লাভ কৰি জিলিকি থাকিবলৈ সক্ষ্যম হব। অৱশ্য এইখিনি কৰিবলৈ যাওতে আমাৰ বিভিন্ন জনগোষ্ঠীয় লোক সকলৰ নৃগোষ্ঠীয় স্বকীয় বৈশিষ্ট সমূহ যাতে অটুট থাকে বা সেইবোৰত কোনো আঘাত নালাগে , তাৰবাবে আমি প্রতিজন অসমীয়াই চিন্তা কৰিব লাগিব।

আমাৰ, অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আদি ৰক্ষাৰ বাবে যি সকল মহান তথা নমস্য ব্যক্তিৰ অৱদান আছে, সেই শ্রদ্ধাৰ ব্যক্তিসকলক আমি পাহৰিলে নহব। এনে, বহু মহান ব্যক্তি আছে সেই সকলোৰে নাম ইয়াত উল্লেখ কৰাটো সম্ভৱ নহয়| তথাপি, কেইগৰাকীমান বৰেণ্য সাহিত্যিক ও সাংস্কৃতিক জগতৰ লগত জড়িত শিল্পী আমাৰ সকলোৰে শ্রদ্ধাৰ কেইজনমান মহান পুৰুষৰ নাম ইয়াত উল্লেখ কৰিব বিচাৰো। মহাপুৰুষ শঙ্কৰদেৱ-মাধৱদেৱৰ পিছৰ পৰ্যায়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, আনন্দৰাম বৰুৱা, ডক্টৰ বাণীকান্ত কাকতি, গুণাভিৰাম বৰুৱা, ডক্টৰ লীলা গগৈ, পাৰ্বতিপ্রসাদ বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, ভাষা ওজা আৰু হেমকোষ প্রণেতা হেমচন্দ্র বৰুৱা, হোমেন বৰগোহাঞি, লক্ষীনন্দন বৰা, বিষ্ণুপ্রসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, দীপালী বৰঠাকুৰ আদি শ্রদ্ধাৰ সাহিত্যিক, শিল্পীসকলে আমাৰ জাতিটোৰ বাবে দি থৈ যোৱা অৱদান আৰু মহান ত্যাগক আমি কেতিয়াওঁ পাহৰিব নোৱাৰো। বৰ্তমান সময়তো এনে ভালেমান শ্রদ্ধাৰ সাহিত্যিক, লেখক, বুদ্ধিজীৱী আৰু শিল্পী সকলে নিজৰ নিজৰ সৃষ্টিৰে অসমীয়া জাতিৰ উন্নতি আৰু গৌৰৱৰ ধব্বজা উৰুৱালৈ সদায় চেষ্টা কৰি আহিছে। গতিকে, অসমীয়া জাতিৰ মান, মৰ্যাদা আৰু সন্মান পুনৰ ঘূৰাই আনিবলৈ হলে তথা অসমীয়া জাতিক এক শক্তিশালী কৰি পুনৰ গঠন কৰিবলৈ হলে আমাৰ সকলো জাতীয় আৰু জনজাতীয় সংগঠনসমূহ ঐক্যবদ্ধ হবই লাগিব। তেতিয়াহে, আমাৰ অসমীয়া ভাষাৰ লগতে আমাৰ জাতিটো বিশ্বৰ ভিতৰতেই সকলো ফালৰ পৰা এটা চহকী জাতি হিচাবে পৰিচয় পাব লগতে সুৰক্ষিত হৈ থাকিব। নহলে আমাৰ জাতিটো যে এদিন নি:শেষ হব, সেই সময় পিছে সমাগত।শেষত, শ্রদ্ধাৰ ভূপেন দাৰ গীতৰ ভাষাৰেই কওঁ-

‘আমি অসমীয়া নহওঁ দুখীয়া’

বুলি সান্ত্বনা লভিলে ন’হব

আজিৰ অসমীয়াই নিজক নিচিনিলে

অসম ৰসাতলে যাব

 

(লেখকৰ ঠিকনাঃ বৰদলৈ নগৰ, তিনিচুকীয়া, ফোন নং:৯৪৩৫০৩৫১৭৭)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More