অসমৰ ওচৰ চাপিল ঢাকা

৫১৩ কিলোমিটাৰ পথত 'মিতালী এক্সপ্ৰেছ'ৰ সেৱা আৰম্ভ

0 71

শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুন : আমাৰ নিচেই কাষতে থকা ‘বিদেশ’ বাংলাদেশলৈ ভ্ৰমণৰ বাবে যোৱাৰ ইচ্ছা আপোনাৰ আছে নেকি ? অসমৰ লোকসকলৰ বাবেও সুখবৰ যে, কালিৰে পৰা নিউ জলপাইগুৰি আৰু বাংলাদেশৰ ৰাজধানী ঢাকাৰ মাজত এখন নিয়মীয়া ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছে। অসমৰ লোকসকলে এতিয়ালৈকে ঢাকালৈ যাবৰ বাবে হয় কলকাতাৰ পৰা বিমান, ৰে’ল বা বাছেৰে নতুবা আগৰতলাৰ পৰা বাছেৰে যাত্ৰা কৰি আছিল। অসমৰ লোকসকলৰ বাবে এই দুয়োটা ব্যৱস্থাই খৰছী আৰু অতিৰিক্ত সময়ৰ আৱশ্যক। কিন্তু অসমৰ লোকসকলে সহজেই ইয়াৰ পৰা ৰে’লেৰে নিউ জলপাইগুৰিলৈ গৈ নতুনকৈ প্ৰৱৰ্তন কৰা ‘মিতালী এক্সপ্ৰেছ’ত আপেক্ষিক ভাৱে কম খৰছ আৰু সময়ত ঢাকাত উপস্থিত হ’বগৈ পাৰিব।Mitali Express 1654049069238 1654049069764
কালি প্ৰথমবাৰৰ বাবে যাত্ৰা আৰম্ভ কৰা ‘মিতালী এক্সপ্ৰেছ’ ৰে’লগাড়ীখন সপ্তাহত দুদিনকৈ চলাচল কৰিব। সম্পূৰ্ণ শীতাতপ নিয়ন্ত্ৰিত ৰে’লগাড়ীখনে প্ৰতি দেওবাৰ আৰু বুধবাৰে নিউ জলপাইগুৰিৰ পৰা পুৱা ১১:৪৫ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু একেদিনাই নিশা ১০:৩০ বজাত ঢাকা কেন্টনমেন্ট ষ্টেচনত উপস্থিত হ’বগৈ। তেনেদৰে ঢাকা কেন্টনমেন্ট ষ্টেচনৰ পৰা প্ৰতি সোম আৰু বৃহস্পতিবাৰে নিশা ৯:৫০ বজাত ৰাওনা হ’ব আৰু মঙ্গল আৰু শুকুৰবাৰে পুৱা ৭:১৫ বজাত নিউ জলপাইগুৰিত উপস্থিত হ’বহি। মুঠ ৫১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰোঁতে ৰে’লখনে সময় ল’ব ৯ ঘণ্টা। ৰে’লপথটোত হালদিবাৰী ভাৰতৰ দিশে থকা শেষ আৰু চিলাহাটী বাংলাদেশৰ দিশে থকা প্ৰথমটো ষ্টেচন। চালক-পৰিচালক আদি সলনি হোৱাৰ বাবে হালদিবাৰীত দহ মিনিট বিৰতি লোৱাৰ বাহিৰে ৰে’লগাড়ীখন যাত্ৰাপথত আন কোনো ঠাইতে ৰখাৰ ব্যৱস্থা নাই। ৰে’লগাড়ী খনত যাত্ৰীসকলৰ বাবে LHB coach ৰ AC 1st(cabin) sleeper, AC 1st(cabin) seat আৰু AC Chair Car এই তিনিটা শ্ৰেণী থাকিব। প্ৰতিজন যাত্ৰীৰ ভাড়া হ’ব ক্ৰমে ৪৪, ৩৩ আৰু ২২ আমেৰিকান ডলাৰ। টিকট উপলদ্ধ হ’ব কেৱল কলকাতা আৰু নিউ জলপাইগুৰি ষ্টেচনত। ৰে’লগাড়ীখনত অৱশ্যে খোৱা-বোৱাৰ কোনো সুবিধা নাথাকিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More