অসমৰ চক্ৰ বিষয়া, বনাঞ্চলিক বিষয়াক হাত কাটি দিয়াৰ ভাবুকি অৰুণাচলীৰ

ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসনৰ ঘটনা

0 26
  • লখিমপুৰৰ জিলা আয়ুক্তৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠক
  • অৰুণাচলীৰ ভাবুকিত ফটো ডিলিট কৰিবলৈ বাধ্য হ’ল লখিমপুৰৰ দুই বিষয়া
  • শীঘ্ৰে সীমান্তলৈ যাব আয়ুক্ত-আৰক্ষী অধীক্ষক
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ,২৪ জুনঃ অসম অৰুণাচল সীমান্তৱৰ্তী তথা লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বগীবিলত অৰুণাচলীৰ আগ্ৰাসন, ভাবুকিক লৈ আজিও অঞ্চলটোত তীব্ৰ উত্তেজনা অব্যাহত আছে৷ দেওবাৰে ৰামপুৰ বগীবিলত অৰুণাচলীয়ে নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া আৰু হাৰমতী আঞ্চলিক বন বিষয়াক হাত কাটি দিয়াৰ ভাবুকিৰে অৰুণাচলী আগ্ৰাসনৰ ফটো সংগ্ৰহ কৰা দুই বিষয়াক ফটো ডিলিট কৰিবলৈ বাধ্য কৰায়৷ উল্লেখ্য যে কিছুদিনৰ পৰা উক্ত অঞ্চলত অৰুণাচলীয়ে অসমৰ বনাঞ্চলৰ ভূমিত অৰুণাচলীয়ে পথ নিৰ্মাণ, এক’লেণ্ড নিৰ্মাণ কৰাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছত দেওবাৰে সেই স্থানলৈ যোৱা অসমৰ দুই বিষয়াৰ লগতে আৰক্ষী বাহিনীক বাধা দি অপদস্থ কৰাৰ পিছত আজি লখিমপুৰ জিলা আয়ুক্তই দুই বিষয়াক তেওঁৰ কাৰ্যালয়লৈ তাৎক্ষণিক ভাৱে মাতি আনি ঘটনা সন্দৰ্ভত বিতং ভাৱে বুজ লয়৷ সমগ্ৰ ঘটনাৰ বুজ লৈ জিলা আয়ুক্তই দুই বিষয়াক কয় যে অচিৰেই লখিমপুৰৰ আৰক্ষী অধীক্ষকক লগত লৈ আয়ুক্তই নিজে সেই অঞ্চলত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ সিদ্ধান্ত লয়৷ আজিৰ বৈঠকত জিলা আয়ুক্ত গায়ত্ৰী হায়্যালিংগে, আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন, নাওবৈচাৰ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰা, হাৰমতী আঞ্চলিক বন বিষয়া গুণজিৎ তালুকদাৰ সহ কেবাজনো উচ্চ পদস্থ বিষয়াই আজিৰ এই বৈঠকত অংশগ্ৰহণ কৰে৷ চক্ৰ বিষয়া আৰু বনাঞ্চলিক বিষয়াজনে ৰামপুৰ বগীবিলত অৰুণাচলীৰ আগ্ৰাসনৰ ঘটনা সন্দৰ্ভত জিলা আয়ুক্তক অৱগত কৰাৰ লগতে ২ নং বেলবস্তিত লকাম তাল’ নামৰ অৰুণাচলীজনে কেনেদৰে অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি এক’লেণ্ড নিৰ্মাণ কৰিছে সেই কথাও অৱগত কৰে৷ লক্ষণীয় কথা যে উক্ত অঞ্চলত অৰুণাচলীয়ে অসমৰ ভূমিত বনাঞ্চাল ধবংস কৰি গৃহ তথা পকী পথ নিৰ্মাণ কৰি অসমৰ প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More