অসমৰ নাট্য ক্ষেত্ৰত অনন্য সংযোজন ‘অসম নাট্যকোষ’ প্ৰকাশ

গুৱাহাটীৰ ‘প্ৰতিদিন টাইম’ত উন্মোচন 

0 171

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ এক সু-পৰিকল্পনা আৰু তথ্য সংগ্ৰহৰ যোগেদি প্ৰায় চাৰি বছৰৰ শ্ৰমৰ অন্তত অসমৰ নাটকৰ ক্ষেত্ৰখনত এক অনন্য সংযোজন হিচাপে চিহ্নিত হৈ আজি অসমৰ আগশাৰীৰ টেলিভিশ্বন চেনেল ‘প্ৰতিদিন টাইম’ৰ অভিমত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ‘অসম নাট্যকোষ’ৰ প্ৰথম খণ্ডটি উন্মোচন হয়৷ ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই উন্মোচন কৰা নাট্যকোষৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ডিব্ৰুগড. বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্য-গৱেষক ড° পোনা মহন্ত, অভিনেতা, নাট-পৰিচালক গুণাকৰ দেৱগোস্বামী, নাট্যকাৰ, নাট-পৰিচালক ৰবিজিতা গগৈ, নাট্যকাৰ, ‘পথাৰ’, গুৱাহাটী শাখাৰ সঞ্চালক স্বপ্না দত্ত ডেকা আৰু নাট্যকোষৰ লেখক মিণ্টু শইকীয়াই৷ অনুষ্ঠানটিৰ আঁত ধৰি আৰু গ্ৰন্থখনি উন্মোচন কৰি নিতুমনি শইকীয়াই কয়– ‘গৌৰৱোজ্জল ইতিহাস থকা অসমৰ নাটকৰ ক্ষেত্ৰখনত ব্যক্তিগত প্ৰয়াসেৰে প্ৰস্তুত কৰা ‘অসম নাট্যকোষ’ গ্ৰন্থখনে স্বাভাৱিকতে নাট্য ক্ষেত্ৰৰ এক অতি প্ৰয়োজনীয় অভাৱ পূৰণ কৰিব আৰু গ্ৰন্থখনিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ‘অসম সাহিত্য সভা’, ‘অসম নাট্য সন্মিলন’, ‘জাতীয় অনুষ্ঠান’ আদিৰ উপৰি অসম চৰকাৰৰ সহায়-সহযোগ কৰাটো গুৰু দায়িত্ব৷ সমান্তৰালভাৱে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলেও এই গ্ৰন্থখন ক্ৰয় কৰি শিক্ষাৰ্থী সকলৰ উপযোগীকৈ সংৰক্ষণযোগ্য কৰিলেহে নাট্যকোষক প্ৰকৃত সন্মান কৰা হ’ব আৰু পৰৱৰ্তী সময়ত নাট্যকোষৰ অন্যান্য খণ্ডসমূহ প্ৰকাশ কৰা সহায়ক হ’ব৷’ একে প্ৰসংগতে বিশিষ্ট নাট্য গৱেষক, সাহিত্যিক ড° পোনা মহন্তয়ো উল্লেখ কৰি কয়– ‘এই দায়িত্ব অসমৰ প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে লোৱাটোৱে ‘অসম নাট্যকোষ’ আগুৱাই যোৱাত সহায়ক হ’ব৷’ অসমৰ এটি অগ্ৰণী নাট্যানুষ্ঠান দুলীয়াজানৰ ‘পথাৰ’-এ প্ৰকাশ কৰি উলিওৱা ‘অসম নাট্যকোষ’ গ্ৰন্থখন ২০২২ বৰ্ষৰ শেষৰ সময়ছোৱাৰ এক উল্লেখযোগ্য নাট্যকৰ্ম হিচাপে বিবেচিত হৈছে৷ গ্ৰন্থখনিৰ প্ৰথম অধ্যায়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে যি সকল স্বনামধন্য নাট্যকাৰে নাটক ৰচনা কৰি অসমৰ নাটকক সমৃদ্ধ কৰিছে, সেইসকল নাট্যকাৰৰ নাট্য-সৃষ্টিৰাজিৰ তথ্যক সামৰি প্ৰস্তুত কৰা হৈছে৷ ৮৭০ গৰাকী নাট্যকাৰক সামৰি লোৱা হৈছে অধ্যায়টিত৷ দ্বিতীয় অধ্যায়টি ২০১৯ চনৰ পৰা যোৱা চাৰি বছৰত অসমৰ বিভিন্ন প্ৰান্তত মঞ্চায়ন হোৱা নাটক আৰু নাট্য ঘটনা-পৰিঘটনাক সামৰি যুগুত কৰা হৈছে৷ চাৰিটা নাতিদীৰ্ঘ লেখাৰে সজাবলৈ যত্ন কৰা এই অধ্যায়টোত যোৱা চাৰি বছৰত অসমৰ বিভিন্ন মঞ্চত যিবোৰ নাটক মঞ্চস্থ হৈছিল, সেইসমূহ নাটকৰ তথ্যকহে কেৱল সামৰি ল’বলৈ যত্ন কৰা হৈছে৷ তৃতীয় অধ্যায়ত প্ৰকাশিত নাটক আৰু নাট্য গ্ৰন্থৰ কেতবোৰ তথ্য সন্নিবিষ্ট কৰি সজোৱা হৈছে৷ ইয়াৰে কিছু সংখ্যক নাট্য গ্ৰন্থৰ এটি আভাসো দাঙি ধৰিবলৈ যত্ন কৰা হৈছে৷ অধ্যায়টিত নাট্য গ্ৰন্থসমূহৰ পৰিচয়মূলক টোকা উল্লেখ কৰা উপৰি ২৭৯ খন নাট্যগ্ৰন্থৰ বেটুপাতৰ ফটোও সন্নিবিষ্ট কৰিছে৷ চতুৰ্থ অধ্যায়টো প্ৰথম আৰু পঞ্চম অধ্যায়টিক আধাৰ হিচাপে লৈ যুগুতোৱা হৈছে৷ যি সকল নাট্যকাৰে যিবোৰ নাট ৰচনাৰে অসমৰ নাটকৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াইছে, সেইসকল নাট্যকাৰৰ নাটকৰ নামসমূহক বৰ্ণানুক্ৰমিকভাৱে সজাই তাৰ কাষতে নাট্যকাৰগৰাকীৰ নাম উল্লেখ কৰি প্ৰস্তুত কৰা হৈছে৷ ভৱিষ্যতে জ্ঞান-পিপাসু কাৰোবাৰ বাবে যদি এনে হয় যে, একোখন নাটকৰ নাম জনা আছে, কিন্তু নাট্যকাৰ বা নাটকখনৰ প্ৰকাশ কাল জানিবলৈ কোনো উৎস বিচাৰি পোৱা নাই, তেতিয়া এই অধ্যায়ত সন্নিবিষ্ট নাটকৰ তথ্য [নাটকৰ নাম] সমূহত চকু ফুৰালে জানিবলৈ সুবিধা হ’ব৷ পঞ্চম অধ্যায়ত কিছু তথ্য সন্নিবিষ্ট কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ বিষয়ত এটি অৱলোকন যুগুত কৰা হৈছে৷ থিয়েটাৰসমূহৰ প্ৰতিষ্ঠা কাল উল্লেখ কৰাৰ উপৰি থিয়েটাৰসমূহৰ দ্বাৰা প্ৰযোজিত নাটকসমূহ আৰু নাট্যকাৰৰ নাম সংযোজন কৰা হৈছে৷ ১৯৬৩-৬৪ নাট্যবৰ্ষৰ পৰা চলিত ২০২২-২৩ নাট্যবৰ্ষলৈকে নাট্য তথ্যৰ সন্নিবিষ্ট এই অধ্যায়টিত কৰা হৈছে৷ ষষ্ঠ অধ্যায়ত অসমৰ নাটকক বিষয় হিচাপে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিসকলৰ নাম, গৱেষণা পত্ৰৰ বিষয়, বিষয়বস্তুৰ সংক্ষিপ্ত বিৱৰণ আদি উল্লিখনেৰে প্ৰস্তুত কৰা হৈছে৷ সবৰ্মুঠ ৯৭ গৰাকী ব্যক্তিৰ গৱেষণা কাৰ্যৰ তথ্য আৰু আভাস দাঙি ধৰি এই অধ্যায়টি সামৰণি মৰা হৈছে৷ যিসকল নাট্যপ্ৰাণে অসম সাহিত্য সভা আৰু জাতীয় নাট্যানুষ্ঠান হিচাপে অসম নাট্য সন্মিলনৰ সন্মানীয় সভাপতিৰ আসন অলংকৃত কৰিছে, সেইসকল ব্যক্তিক সুকীয়াকৈ এক পৰিচিতিমূলক টোকা সহ উল্লেখ কৰিবলৈ যত্ন কৰা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More