অসমৰ বান পৰিস্থিতি : মৃতকৰ সংখ্যা ১৪লৈ বৃদ্ধি

৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’ : অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত আৰু চাৰিজন লোকৰ মৃত্যু হৈছে বানৰ ফলত। এই চাৰিজনৰ মৃত্যুৰ লগে লগে বৰ্তমান বাৰিষাৰ পূৰ্বে হোৱা বানপানী আৰু ভূমিস্খলনত হোৱা মৃতকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ ৩৪খন জিলাৰ ভিতৰত ২৯খন জিলাত ৮ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াসকলে জনোৱা মতে, চাৰিজন লোকৰ মৃত্যু হৈছে কাছাৰ (২), নগাঁও, আৰু লখিমপুৰ জিলাত। আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ লগতে সাহায্য প্ৰদানৰ বাবে জিলা প্ৰশাসনৰ লগতে সেনা, আছাম ৰাইফলছ, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ বাহিনীয়ে ২৪ ঘণ্টাই কাম কৰি আছে। এছ অ’ পি অনুসৰি বান সাহায্য শিবিৰসমূহ নিৰীক্ষণ কৰাত, স্থল পৰিস্থিতি আৰু প্ৰয়োজনীয়তাৰ মূল্যায়ন কৰাত, কাছাৰ, হোজাই, দৰং, বিশ্বনাথ, নগাঁও, মৰিগাঁও আৰু ডিমা হাচাওৰ ডিডিএমএসমূহক সহায় কৰিবলৈ ইউনিচেফে ৭টা কাৰিকৰী বিশেষজ্ঞ আৰু পৰামৰ্শদাতাৰ দল নিয়োগ কৰিছে। এ এছ ডি এম এৰ এক প্ৰতিবেদন অনুসৰি ২৯ খন জিলাৰ ২৫৮৫ খন গাঁৱৰ ১,৩৯,৭৮০ শিশুসহ ৮, ১২,৬১৯ জন লোক আক্ৰান্ত হৈছে। স্বেচ্ছাসেৱকৰ সহায়ত আৱদ্ধ হৈ থকা মুঠ ২১,৮৮৪ জন লোকক উদ্ধাৰ কৰা হৈছে। মুঠ ৩৪৩টা সাহায্য শিবিৰ আৰু ৪১১টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে। মুঠ ৮৬,৭৭২ জন লোকে সাহায্য শিবিৰত থাকিবলৈ লৈছে। বাৰিষাৰ পূৰ্বে চলি থকা বানপানীত ৮১,৯২০ হেক্টৰতকৈ অধিক শস্য ক্ষতিগ্ৰস্ত হৈছে। নগাঁও, কাছাৰ, কৰিমগঞ্জ, হোজাই, দৰং, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, বজালী, বাক্সা, বিশ্বনাথ, লখিমপুৰ আদি জিলাসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ডিমা হাচাও জিলাৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন এফ আৰ)ৰ পাহাৰীয়া অংশত পৰিস্থিতি সংকটজনক হৈয়েই আছে; কাৰণ অঞ্চলটোত বৰষুণে অব্যাহত আছে, যাৰ ফলত ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু উজনি অঞ্চলক সংযোগ কৰা লামডিং-বদৰপুৰ একক লাইন ৰে’লপথত প্ৰভাৱ পৰিছে দেশৰ বাকী অংশৰ সৈতে অসমৰ এটা অংশ বিচ্ছিন্ন হৈ আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More