অসমৰ বাবে এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম উদ্বোধন

শক্তি খণ্ডলৈ বৃহৎ সম্ভাৱনা কঢ়িয়াই ডব্লিউ আৰ আই ইণ্ডিয়াঃ এ ই ডি এ-ৰ যুগান্তৰকাৰী পদক্ষেপ

0 89

গুৱাহাটী, ৩১ আগষ্ট : বিশ্ব সম্পদ প্ৰতিষ্ঠান, ভাৰতবৰ্ষ অৰ্থাৎ ৱৰ্ল্ড ৰিছ’ৰ্চেছ ইনষ্টিটিউট, ইণ্ডিয়া (WRI India)-ই এ ই ডি এ (AEDA) অৰ্থাৎ অসম শক্তি উন্নয়ন সংস্থাৰ সৈতে অংশীদাৰিত্বৰে আজি দিনৰ ১০ বজাত মহানগৰীৰ হোটেল তাজ ভিভাণ্টাত ৰাজ্যখনৰ বাবে ‘এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰ প্লেটফৰ্ম’ শীৰ্ষক এটি অনলাইন, মু্ক্ত উৎসৰ, আন্তঃক্ৰিয়াযুক্ত ভূ-আকাশী অভিকল্প (Geo-spatial platform) উদ্বোধন কৰে৷ আশা কৰা হৈছে এই ই এ ই অৰ্থাৎ এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰে অসমৰ স্বাস্থ্য, শিক্ষা, আৰু জীৱিকাৰ আন্তঃগাঁথনিত শক্তিৰ প্ৰৱেশাধিকাৰ তথা ব্যৱহাৰৰ পৰিসৰ বৃদ্ধিত সহায় কৰিব। ইয়াৰদ্বাৰা পৰৱৰ্তীকালত ৰাজ্যখনত সম্ভৱপৰ আটাইতকৈ কাৰ্যক্ষম, বহনক্ষম খৰচৰ আৰু বহনক্ষম পদ্ধতিৰে শক্তিৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ বাবে সংহত আৰু প্ৰভাৱশালী সিদ্ধান্ত লোৱাত নীতি নিৰ্ধাৰক, নৱীকৰণযোগ্য শক্তি উদ্যোগৰ উদ্যোগী, বিনিয়োগকাৰী আৰু উন্নয়ন খণ্ডৰ গৱেষকসকলক ই এ ইয়ে সহায় কৰিব৷ ভাৰতবৰ্ষত বিদ্যুৎ শক্তিৰ প্ৰয়োজনীয়তা ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে৷ শেহতীয়া বছৰবোৰত সমগ্ৰ দেশতে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে শক্তিৰ সুবিধা বৃদ্ধিৰ বাবে নীতিগতভাৱে উল্লেখযোগ্য উদ্যোগ গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। দেশে প্ৰায় সম্পূৰ্ণ ঘৰুৱা বৈদ্যুতিকীকৰণ পাবলৈ সক্ষম হৈছে যদিও স্বাস্থ্যসেৱা, শিক্ষা আৰু জীৱিকাৰ ক্ষেত্ৰৰ দৰে বহুতো গুৰুত্বপূৰ্ণ ৰাজহুৱা আন্তঃগাঁথনিত বিৰতিবিহীন, নিৰ্ভৰযোগ্য, বহনক্ষম আৰু সুলভ দামৰ বিদ্যুৎ
যোগান আজিও সম্ভৱ হৈ উঠা নাই৷ সংশ্লিষ্ট বিভাগসমূহে এই সমস্যাসমূহ মাণ্ডলিক পৰ্যায়ত সমাধানৰ বাবে চেষ্টা চলায় যদিও ইবোৰৰ আন্তঃসম্পৰ্কসমূহ বুজি এই প্ৰত্যাহ্বানসমূহৰ কিছুসংখ্যক সমাধানৰ বাবে এক সংহত পদ্ধতি গ্ৰহণ কৰাৰ জৰুৰী প্ৰয়োজন আছে। কঠিন পাৰিস্থিতিতান্ত্ৰিক পৰিৱেশ আৰু বতৰৰ সঘন চৰম বিধি-পথালিৰ মাজতো অসমে বিগত দশকত ঘৰুৱা বিদ্যুৎ যোগানৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও গ্ৰাম্য অসমৰ ৩৭.৭ শতাংশ স্বাস্থ্য উপকেন্দ্ৰ আৰু ৪১ শতাংশ বিদ্যালয়ত এতিয়াও নিৰ্ভৰযোগ্য শক্তিৰ যোগান আৰু সুবিধা নাই আৰু এই কথা বিশ্বজোৰা কোভিড ১৯ মহামাৰীৰ সময়ত অধিক স্পষ্ট হৈ পৰে৷ অনুষ্ঠানত ভাষণ দি অসমৰ শক্তি বিভাগৰ প্ৰধান সচিব শ্ৰীযুত নীৰজ বাৰ্মা
(আই এ এছ)ই ভিতৰুৱা, আওহতীয়া আৰু দূৰৱৰ্তী বিস্তীৰ্ণ অঞ্চলত বসবাস কৰা  জনগোষ্ঠীসমূহলৈ বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ৰাজ্যৰ শেহতীয়া সাফল্যৰ ৰূপৰেখা দাঙি ধৰি কয়— “ভাৰত চৰকাৰৰ আৰ ডি এছ এছ প্ৰকল্পই নগৰ আৰু গাঁও উভয় ক্ষেত্ৰৰ বাবে গুণমান সম্পন্ন আৰু নিৰ্ভৰযোগ্য শক্তি প্ৰদানৰ প্ৰয়াস কৰিছে। এনাৰ্জী একচেছ এক্সপ্ল’ৰাৰে আমাক এই আঁচনিখন সম্প্ৰসাৰণৰ ক্ষেত্ৰত চাহিদা অনুসৰণ কৰাত নিশ্চিতভাৱে সহায় কৰিব৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ই আমাক শক্তি সম্ভাৱনাৰ ক্ষেত্ৰত থকা আমাৰ দাবীসমূহৰ বৈধতা প্ৰদান কৰাত সহায় কৰিব আৰু আমাক মধ্যৱৰ্তীকালীন সংশোধনীৰ নিশ্চয়তাও দিব।” অনুষ্ঠানত ডব্লিউ আৰ আই ইণ্ডিয়াৰ মুখ্য কাৰ্য্যবাহী বিষয়া ডঃ অ’ পি আগৰৱালাই কয়, “ই এ ইয়ে উপগ্ৰহীয় চিত্ৰৰ সক্ষমতাৰে শক্তিৰ যোগান আৰু চাহিদাক স্থানীয় তথ্যৰ লগত যুক্ত কৰি প্ৰৱেশাধিকাৰ সমৰ্থৱান কৰি তোলে আৰু বৈদ্যুতিক আহিলাৰ পৰিকল্পনাকাৰী, বিনিয়োগকাৰী আৰু স্বচ্ছ শক্তিৰ উদ্যোগীসকলক প্ৰৱেশাধিকাৰৰ ব্যৱধান বন্ধ কৰিবলৈ প্ৰয়োজনীয় তথ্যৰে সাজু কৰি তোলে৷ আমি কেনিয়া, জাম্বিয়া, উগাণ্ডা, টাঞ্জানিয়া, ইথিওপিয়া আৰু অন্যান্য ভাৰতীয় ৰাজ্যত প্ৰায় একেধৰণৰ প্লেটফৰ্ম ইতিমধ্যে নিৰ্মাণ কৰিছোঁ।” সুস্বাস্থ্য, গুণমানযুক্ত শিক্ষা, পৰিষ্কাৰ পানী, অনাময় আৰু পৰিশেষত আৰ্থ- সামাজিক প্ৰগতিৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (এছ ডি জি) লাভৰ বাবে বিদ্যুতৰ সা-সুবিধা লাভ কৰা হ’ল এক প্ৰাথমিক পূৰ্বচৰ্ত। সভাত ই এ ইৰ কাম-কাজ আৰু ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰসমূহ প্ৰদৰ্শন কৰি ডব্লিউ আৰ আই ইণ্ডিয়াৰ শক্তি কাৰ্য্যসূচীৰ জি আই এছ বিশেষজ্ঞ তথা অনুষ্ঠান কাৰ্য্যবাহী বিষয়া আকাংক্ষা ছাকলানীয়ে কয়— “ই এ ইয়ে আমাক এই সংযোগসমূহ বুজিবলৈ সহায় কৰিব আৰু এই তথ্য-সংহতিসমূহৰপৰা বিকাশমান অনুসিদ্ধান্তসমূহ গ্ৰহণত সক্ষম কৰি তুলিব। তদুপৰি ই এই তথ্যসমূহ সকলোৰে বাবে সহজলভ্য কৰি তুলিব আৰু সময়ৰ লগে লগে বিদ্যুৎ আৰু উন্নয়ন সেৱা প্ৰদান সূচকৰ অগ্ৰগতি অনুসৰণ সম্ভৱ কৰি তুলিব৷” এই অনুষ্ঠানৰ পূৰ্বে ৩০ আগষ্টত গুৱাহাটীত ইয়াৰ অংশীদাৰসকলৰ বাবে এক প্ৰশিক্ষণ আলোচনা-সত্ৰ অনুষ্ঠিত হৈছিল আৰু আন এক প্ৰশিক্ষণ কাৰ্য্যসূচী অহা ২ ছেপ্টেম্বৰত ধুবুৰীতো অনুষ্ঠিত হ’ব। ৰাজ্যৰ আৰ ই খণ্ডৰ বিকাশৰ বাবে এ ই ডি এ হৈছে অসমৰ ন’ডেল এজেন্সী৷ এ ই ডি এ-ৰ সঞ্চালক মৃণাল কৃষ্ণ চৌধুৰীয়ে অনুষ্ঠানত কয়— “ডব্লিউ আৰ আই ইণ্ডিয়াৰ ই এ ই প্লেটফৰ্মলৈ আমাৰ সমৰ্থন আগবঢ়াই আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ— আমি বিশ্বজুৰি হোৱা শক্তি পৰিৱৰ্তনৰ সমুখত অৱস্থান কৰি আছোঁ আৰু এ ই ডি এয়ে এয়া নিশ্চিত কৰিব যে অসম এইক্ষেত্ৰত কোনো কাৰণতেই পাছ পৰি নাথাকে। আমি বিচাৰোঁ যে আৰ ই উদ্যোগীসকল ই এ ইয়ে প্ৰদান কৰা তথ্য-সংহতিসমূহৰপৰা লাভান্বিত হওক, নবীকৰণযোগ্য শক্তিৰ বাবে উত্তম ব্যৱহাৰৰ ক্ষেত্ৰসমূহ চাওক আৰু ইয়াক নিজৰ বাবে কাৰ্য্যক্ষম আৰু তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে সুলভ কৰি তোলক।” ডব্লিউ আৰ আই ইণ্ডিয়া হৈছে ইণ্ডিয়া ৰিছ’ৰ্চেছ ট্ৰাষ্ট হিচাপে পঞ্জীয়নভুক্ত এক স্বতন্ত্ৰ দাতব্য সংস্থা যিয়ে পৰিৱেশগতভাৱে সুস্থ আৰু সামাজিকভাৱে সমতাপূৰ্ণ উন্নয়নৰ বাবে বস্তুনিষ্ঠ তথ্য আৰু ব্যৱহাৰিক প্ৰস্তাৱ প্ৰদান কৰে। আমি মনোনিৱেশ কৰোঁ বহনক্ষম আৰু বাসযোগ্য চহৰ গঢ়ি তোলাত আৰু কম কাৰ্বনযুক্ত অৰ্থনীতিৰ দিশত গুৰুত্ব আৰোপ কৰি কাম কৰাত। গৱেষণা, বিশ্লেষণ, আৰু পৰামৰ্শৰ জৰিয়তে ডব্লিউ আৰ আই ইণ্ডিয়াই পৃথিৱীখনক সুৰক্ষিত কৰিবলৈ, জীৱিকাৰ প্ৰসাৰ আৰু মানৱ কল্যাণ বৃদ্ধিৰ বাবে পৰিৱৰ্তনশীল সমাধান গঢ়ি তোলাৰ বাবে ধাৰণাসমূহ কাৰ্য্যকৰী কৰে। আমি বিশ্ব সম্পদ প্ৰতিষ্ঠান (WRI) নামৰ এটা বিশ্বব্যাপী গৱেষণা সংস্থাৰদ্বাৰা অনুপ্ৰাণিত আৰু ইয়াৰ সৈতে জড়িত ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More