অসমৰ বাবে ৪০৭.৫০ কোটি টকা মুকলি কেন্দ্রৰ

ৰাজহ ঘাটিৰ অনুদান 

0 12

 

ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয় বৰ্ষত অসমে লাভ কৰিব ৪,৮৯০ কোটি টকা। পঞ্চদশ বিত্ত আয়ােগৰ পৰামর্শমর্মে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রতিমাহে ৪০৭.৫০ কোটি টকাকৈ উক্ত বুজন পৰিমাণৰ ধন মােকলাই দিব। অসমে লাভ কৰিলে দ্বিতীয় কিস্তিৰ ধন।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ৭ মে’ : ৰাজহ ঘাটিৰ অনুদান হিচাপে কেন্দ্ৰই অসমলৈ ৪০৭.৫০ কোটি টকা মােকালাই দিছে। ২০২২-২৩ বিত্তীয় বর্ষৰ এয়া আছিল দ্বিতীয় কিস্তি। ইয়াৰ পূর্বে এপ্রিল মাহত অসমে কেন্দ্ৰৰ পৰা অনুৰূপ অনুদান লাভ কৰিছিল। মন কৰিবলগীয়া যে ৰাজহ ঘাটিৰ অনুদান হিচাপে চলিত বিত্তীয় বৰ্ষত অসমে লাভ কৰিব ৪,৮৯০ কোটি টকা। পঞ্চদশ বিত্ত আয়ােগৰ পৰামর্শমর্মে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে প্রতিমাহে ৪০৭.৫০ কোটি টকাকৈ উক্ত বুজন পৰিমাণৰ ধন মােকলাই দিব। লক্ষণীয়ভাৱে বিত্ত মন্ত্রালয়ে শুকুৰবাৰে অসমকে ধৰি দেশৰ মুঠ ১৪খন ৰাজ্যৰ বাবে ৰাজহ ঘাটিৰ অনুদান মােকলাই দিয়ে। চৰকাৰী পৰিভাষাত ৰাজহ ঘাটিৰ অনুদানক কোৱা হৈছে ‘পােষ্ট ডিভলিউচন ৰেভিনিউ ডেফিচিট গ্রেন্ট’। উল্লেখ্য যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ বিজ্ঞপ্তি অনুসৰি চলিত বিত্তীয় বৰ্ষত অর্থাৎ ২০২২-২৩ চনৰ বাবে দেশৰ ৰাজ্যসমূহক মুঠ ৮৬,২০১ কোটি টকাৰ ৰাজহ ঘাটিৰ অনুদান প্রদানৰ পৰামৰ্শ আগবঢ়াইছে পঞ্চদশ বিত্ত আয়ােগে। ইয়াৰ ভিতৰত অসমৰ প্ৰাপ্তি হৈছে ৪,৮৯০ কোটি টকা। অর্থাৎ চলিত বিত্তীয় বৰ্ষত দেশৰ ৰাজ্যসমূহৰ ৰাজহ ঘাটিৰ মুঠ অনুদানৰ মাত্র ৫.৬৭ শতাংশহে লাভ কৰিব অসমে। আনহাতে অসমৰ বাহিৰে ৰাজহ ঘাটিৰ অনুদানৰ দ্বিতীয় কিস্তি লাভ কৰা আন আন ১৩খন ৰাজ্য হৈছে ক্ৰমে অন্ধ্রপ্রদেশ (৮৭৯.০৮ কোটি টকা), হিমাচল প্রদেশ (৭৮১.৪২ কোটি টকা), কেৰালা (১,০৯৭.৮ কোটি টকা), মণিপুৰ (১৯২.৫০ কোটি টকা), মেঘালয় (৮৬.০৮ কোটি টকা), মিজোৰাম (১৩৪.৫৮ কোটি টকা), নাগালেণ্ড (৩৭৭.৫০ কোটি টকা), পাঞ্জাৱ (৬৮৯.৫০ কোটি টকা), ৰাজস্থান (৪০৫.১৭ কোটি টকা), ছিকিম (৩৬.৬৭ কোটি টকা), ত্ৰিপুৰা (৩৬৮.৫৮ কোটি টকা), উত্তৰাখণ্ড (৫৯৪.৭৫ কোটি টকা) আৰু পশ্চিমবংগ (১,১৩২.২৫ কোটি টকা)।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More