অসমৰ বৰ্তমানৰ সাংবাদিকতা !

0 183

– বিনয় কৃষ্ণ তামুলী ফুকন

বিষয়টোত হাত দিবলৈ আমাৰ দৰে নদাই-ভদায়ে মৰসাহ কৰা উচিত নহয় যদিও অসহনীয় হৈ কিছু কথা লিখিবলৈ মন গ’ল। পৰিণতি কি হ’ব নাজানো।

বিষয়টো হ’ল বৰ্তমান অসমৰ সংবাদ জগত। ছপা মাধ্যমটোক তেহেলৈ থৈ ছেটেলাইট চেনেল, নিউজ পৰ্টেলবোৰৰ কথা হে ক’ব খোজা হৈছে। বাতৰি মানে কি? ই সম্প্ৰচাৰযোগ্য হয় নে নহয়? দৰ্শকৰ মনোজগতত ই কি সু বা কুপ্ৰভাৱ পেলাব তাক এবাৰো ভাবি নোচোৱাকৈ সম্প্ৰতি অসমৰ এচাম সাংবাদিকে (?), ছেটেলাইট চেনেল, পৰ্টেল মিলি যি মন যায় তাকে কৰি আহিছে।
বৰ্তমান সময়ত অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হ’ল ব্যক্তিৰ মানসিক স্বাস্থ্য। কাৰণ মানুহ শব্দটোৰ লগত মন শব্দটো জড়িত হৈ আছে। সেই মনৰ দ্বাৰা পৰিচালিত বাবেই আমি মনুষ্য। সৰল ভাষাত মানুহ।
কিন্তু দেখা গৈছে বৰ্তমান ব্যক্তিগত মালিকানাধীন ছেটেলাইট টেলিভিচন চেনেলেই হওত বা পৰ্টেলেই হওক (সকলো নহয় কিন্তু সৰহ সংখ্যকেই) মানুহৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিছে।

ইয়াৰ কাৰণ কি বুলি ভাবি ভাবি মোৰ মনলৈ অহা কথাবোৰ হ’ল-
১। সংবাদ মানে কি তাৰ ন্যূনতম ধাৰণা নথকা এচামক সংবাদ যোগান ধৰিবলৈ দিয়া।
২। ম’বাইল ফোনৰ কেমেৰাৰ ব্যৱহাৰ।

(এই বিষয়টো অলপ বাখ্যা কৰোঁ ৰ’ব। মই সাংবাদিকতা আৰম্ভ কৰিছিলোঁ লেণ্ড লাইন টেলিফোন, ফেক্স, ক’ডাক কেমেৰা, ডাৰ্ক ৰূমত কেমেৰাৰ ৰীল কাটি ফটো পঠিওৱা, উন্নয়ন সম্পৰ্কীয় বাতৰি কুৰিয়াৰ চাৰ্ভিছত পঠিওৱা, সংলগ্ন ফটো সমূহ ফটো চফ্টৰ সলনি ব্লেড, কেঁচি, চেলু টেপেৰে এডিট কৰাৰ দিনবোৰৰ পৰা। তেতিয়াৰ বাতৰিৰ মৰ্যাদা আছিল। সাংবাদিকৰ সন্মান আছিল। যেতিয়াই স্মাৰ্ট ফোনৰ ফটো, ভিডিঅ, ৱাটচএপ ব্যৱহাৰ কৰি হাতৰ টিপতে বাতৰি প্ৰেৰণৰ ব্যৱস্থা হ’ল তেতিয়াৰে পৰা সংবাদৰ মান অতি নিম্নগামী হৈ হৈ আজিৰ এই অৱস্থা পাইছেহি।)
৩। সম্পাদকৰ জ্ঞানৰ অভাৱ।
৪। পৰ্টেল আৰু youtube ত বাতৰি কৰা সকলে View Time দীঘলীয়া কৰিবৰ বাবে আমনিদায়ক তথা অযথা কথা বাৰে বাৰে কৈ দৰ্শকক মূৰ্খ সাজি আহিছে।
৫। ইফালে ছেটেলাইট টেলিভিচনৰ চেনেলসমূহ ভিন্ন ৰাজনৈতিক দলৰ নেতাৰ মালিকানাধীন হোৱাৰ বাবে নিৰপেক্ষ হোৱাৰ সলনি নিজৰ নিজৰ অভীষ্ট সিদ্ধিত নামি পৰিছে।
৬। ৫ নম্বৰৰ কথাটোৰ বাবে বাতৰি পৰিৱেশন নকৰি নিজ নিজ চেনেলৰ মালিকে মল-মূত্ৰ ত্যাগ কৰাৰ বাতৰিৰ বাদে, কি খালে-নেখালে ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি মালিকক তোষামোদ কৰি আহিছে।
৭। আগত উল্লেখ কৰা মতে সম্প্ৰতি মানুহক মানসিক শান্তি লাগে। কিন্তু কিছুমান বাতৰি পৰিৱেশকৰ পৰিৱেশনৰ কণ্ঠ আৰু আচৰণ ইমান ”ভয়ংকৰ সুন্দৰ” যে বুকু কঁপি হে যায়। এনে লাগে যেন তেওঁলোকে পুৱা কৃত কৰ্ম কৰিবলৈ পাহৰি ষ্টুডিঅ’ত বহি দিলে। আৰু অলপ বল দিলেই দুৰ্গন্ধ বাহিৰ হ’ব।

এনে তথাকথিত সাংবাদিক সকলো কম নহয়। ৫ মিনিট আগতে দুৰ্ঘটনাত নিহত পুত্ৰৰ মাতৃৰ সাক্ষাৎকাৰ লয়। নাম কমাব – বাতৰিটোৰ আমি প্ৰথম কৰিছোঁ। অমানবীয় কথা। ইহঁত সাংবাদিক নহয়, পিশাচ।
পৰামৰ্শৰ – পদলেহন কৰি ব্যক্তিগত উন্নয়ন কৰিম বুলি ভৱাসকলে সাংবাদিকতা ত্যাগ কৰক।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More