অসমৰ মাটি অৰুণাচলক দিয়া নহবঃ আছুসহ একাধিক সংগঠনৰ হুংকাৰ

0 33

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ ছেপ্টম্বৰঃ সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ আৰু সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে এক  বিবৃতি যোগে জনায় যে আজি লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত  জিলা ছাত্ৰ সন্থা, টি,এম, পি,কে লখিমপুৰ জিলা সমিতি,গোর্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতি,ঠেঙাল কছাৰী ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ মাজত অসম -অৰুণাচলৰ সীমা সমস্যাৰ ওপৰত এখনি সভা অনুষ্ঠিত হয়।অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন আৰু অসমৰ মাটি অৰুণাচলক দিয়া নহব বুলি সকলোৱে হুংকাৰ দিয়ে।সভাৰ শেষত সকলোৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সভাত উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পুলক বৰা,সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্ত,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কোঁৱৰ,টি,এম পি,কে জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিজিত পায়েং,গোর্খা জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক যুৱৰাজ কটুৱাল, শিক্ষা সম্পাদক কুমাৰ তামাং আদি।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More