অসমৰ সাম্প্ৰতিক ধৰ্মীয় অসহিষ্ণুতাত ক্ষোভ প্ৰকাশ দেৱালয় সংঘ সহ তিনি সংগঠনৰ

জনাৰ্দন দেৱগোস্বামীলৈ মুকলি সমৰ্থন

0 96

শতাব্দ প্ৰতিনিধি,তেজপুৰ, ২৯ অক্টোবৰঃ অসমত আজি কিছুদিনৰ পৰা আৰম্ভ হোৱা ধৰ্মীয় অসহিষ্ণুতা আৰু এটা পন্থাই অন্য পন্থাক হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম দেৱালয় সংঘৰ লগতে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ আৰু অসম বৈদিক ধৰ্ম আৰু সত্ৰ মহাসভাই।  এক যৌথ বিবৃতিত সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, সম্পাদক প্ৰধান কৈলাস শৰ্মা, মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সংঘাধিকাৰ প্ৰণৱ কুমাৰ শৰ্মা, সংঘাধিকৰ্তা হৰ্ষবৰ্দ্ধন কাশ্যপ আৰু অসম বৈদিক ধৰ্ম আৰু সত্ৰ মহাসভাৰ সম্পাদক তীৰ্থৰঞ্জন গোস্বামীয়ে ধৰ্মীয় অসহিষ্ণুতাত চৰম পৰ্যায় অতিক্ৰম কৰা এই বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অসমত পুৰাতন বৈদিক পৰম্পৰাক এচামে নস্যাৎ কৰি নিজ ইচ্ছাৰে বিকৃত ইতিহাসৰ আঁত ধৰি প্ৰকৃত সনাতনীয় লোকৰ মাজত বিভেদৰ বীজ সিঁচি ধৰ্মীয় আৰু সাংস্কৃতিক দিশত অসমীয়া সমাজ বিভাজন ঘটাবলৈ উঠি পৰি লাগি থকা কাৰ্য্যক গৰিহণা প্ৰদান কৰিছে সংগঠন কেইটাই। বিবৃতিটোত সংগঠনসমূহৰ বিষয়ববীয়া সকলে কয় যে ভাৰতবৰ্ষৰ বৈশিষ্ট হ’ল দেশখনৰ ঐতিহ্যপূৰ্ণ সভ্যতা-সংস্কৃতি, বেদ-বেদাঙ্গাদি শাস্ত্ৰসমূহ তথা অতি প্ৰাচীন কালৰে পৰা মঠ-মন্দিৰ, দেৱালয় সমূহৰ মাজেৰে সমাজত পালন হৈ অহা আচাৰ-নীতি, সংস্কাৰ আদি। ধৰ্ম শব্দৰ বুৎপত্তিগত অৰ্থ হ’ল ধাৰণ কৰা আৰু ধৰ্মৰ অন্যতম অঙ্গ হ’ল আত্মসন্তুষ্টি। সেয়েহে যুগ যুগ ধৰি ভাৰতবৰ্ষত সনাতনৰ বিভিন্ন ঋষিমুনি, গুৰু আৰু সমাজ কাণ্ডাৰীসকলে বেদ বিশ্লেষণেৰে বিভিন্ন দৰ্শন সৃষ্টি কৰিছিল আৰু অতীজৰে পৰা বিভিন্ন দৰ্শনৰ অনুগামী সকলে বেদ অপুৰুষেয় বুলি বিশ্বাস কৰি বিভিন্ন পন্থাৰ পৰিচয়ৰে এক সনাতনী হিচাপে বসবাস কৰি আহি আছে। ভাৰতবাসীৰ এই বৈশিষ্টৰ কাৰণেই পৃথিবীৰ আন আন দেশ তথা দেশবাসীয়ে ভাৰত আৰু ভাৰতীয়ৰ ওচৰত শ্ৰদ্ধাৰে শিৰ নত কৰি আহিছে। মধ্যযুগৰ অসমত কেইবাগৰাকীও মহাপুৰুষে পূৰ্বৰ পৰা চলি অহা সনাতনৰ এই ধাৰাক কিছু সৰলীকৰণেৰে নিজ নিজ উপাসনা পদ্ধতিৰে জ্যোতিস্মান কৰি গৈছে। মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ দেৱে সত্ৰানুষ্ঠান স্থাপন কৰি সনাতনক এক নব্য উপাসনাস্থলি উপহাৰ দি গৈছে। সেই ‘সত্ৰ’ই আজি অসমৰ ধৰ্মীয় আৰু সমাজ জীৱনত এক বিশেষ স্থান লাভ কৰিছে। সত্ৰৰ জৰিয়তে মহাপ্ৰভু দেৱদামোদৰ দেৱে জনজাতীয় পৰম্পৰাসমূহো সামৰি লৈছিল আৰু বৰ্তমানৰ বজালী জিলাৰ গোবিন্দপুৰ সত্ৰৰ ‘পাওৰা তোলা’ উৎসৱ ইয়াৰ বৃহৎ উদাহৰণ। কিন্তু সনাতনৰ হাজাৰ বছৰীয়া সভ্যতা আৰু অসমৰ পাঁচশ বছৰীয়া বৰ্ণিল ইতিহাসক ভৰিৰে মোহাৰি একাংশই অসমত যি ধৰণৰ ধৰ্মীয় গোড়ামীৰ সূত্ৰপাত ঘটাইছে এয়া দুৰ্ভাগ্যজনক আৰু ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগতে দেশৰ সংবিধানৰ প্ৰতিও ভাবুকি স্বৰূপ বুলি মন্তব্য কৰিছে। বিবৃতিটোত সংগঠন কেইটাৰ বিষয়ববীয়া কেইগৰাকীয়ে দেৱদামোদৰীয় দৰ্শনৰ  সত্ৰীয়া জনাৰ্দন দেৱগোস্বামীৰ এক মন্তব্যৰ পিছত একাংশই হাজাৰ বছৰীয়া সনাতনী সভ্যতাক হেয় কৰাৰ লগতে সত্ৰীয়া গৰাকীৰ ধৰ্মীয় স্বাধীনতাকো খৰ্ব কৰাৰ চেষ্টাত লিপ্ত হোৱা বুলি অভিযোগ কৰিছে। দক্ষিণপাট সত্ৰৰ লগতে মাজুলীত স্বৰ্গদেউৰ দিনৰ পৰা প্ৰচলিত দুৰ্গাৰ উপাসনাক বহল ভিত্তিত কোনোবাই পূজা হিচাবে উদ্‌যাপন কৰিব বিচাৰিলে আপত্তি নাই বুলি কোৱা বাবেই সত্ৰীয়া গৰাকীক সামাজিক ভাৱে বৰ্জনৰ লগতে কোনো কোনোৱে গোচৰ দিয়া কাৰ্য সনাতন বিৰোধী আৰু সংবিধান বিৰোধী বুলিও সংগঠন কেইটাই মন্তব্য কৰে। বিবৃতিটোত বিষয়ববীয়াসকলে জনাৰ্দন দেৱগোস্বামীৰ মন্তব্যত কোনো মহাপুৰুষকে অপমান কৰা পৰিলক্ষিত হোৱা নাই বুলি কৈ তৎকালে প্ৰতিক্ৰিয়াশীল চক্ৰসমূহক সনাতন বিৰোধী আৰু সংবিধান বিৰোধী কাৰ্যকলাপৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।
যৌথ বিবৃতিটোত সংগঠন কেইটাই বিতৰ্কৰ মাজতে দেৱদামোদৰীয় দৰ্শনৰ ৰাজসত্ৰ গড়মূৰ সত্ৰৰ ৰান্ধনিশালত বিধৰ্মী ব্যক্তিৰ প্ৰৱেশৰ খবৰটোত আশ্চৰ্য প্ৰকাশ কৰে আৰু সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ পৰা এই ক্ষেত্ৰত স্পষ্টতা দাবী কৰিছে। আহোম সম্প্ৰদায়ৰ পবিত্ৰ ‘চকলং’ প্ৰথাকলৈ বিতৰ্কৰ সূত্ৰপাত কৰা কাৰ্যও সনাতনবিৰোধী বুলি সংগঠনকেইটাই মন্তব্য কৰিছে। বৰ্তমান অসমত আৰম্ভ হোৱা এই অশুভ বাতাবৰণ সম্পৰ্কে আলোচনা কৰিবলৈ শীঘ্ৰে সনাতনী সংগঠন কেইটাই যৌথ সভা আহ্বান কৰি এক আলোচনাতো মিলিত হ’ব বুলিও বিবৃতিটোৰ জৰিয়তে প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More