অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল আহমেদাবাদলৈ ৰাওনা

শ্ৰীসত্য সাই হাৰ্ট হস্পিতালত চিকিৎসাৰ বাবে যাত্ৰাৰ প্ৰাকক্ষণত  শিশু-অভিভাৱকক শুভেচ্ছা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

0 21

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জানুৱাৰী : অসম চৰকাৰ আৰু আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত সম্পাদিত হোৱা বুজাবুজি চুক্তিৰ আধাৰত অসমৰ শিশু হৃদৰোগীৰ প্ৰথমটো দল বিশ্বমানৰ চিকিৎসা সেৱা গ্ৰহণৰ বাবে আজি গুজৰাটৰ আহমেদাবাদলৈ ৰাওনা হয়। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তত্বাৱধানত অভিভাৱকৰ সৈতে প্ৰেৰণ কৰা শিশু হৃদৰোগীৰ দলটোত আছে জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত ১৯টি শিশু। আহমেদাবাদলৈ বিমানেৰে ৰাওনা হোৱাৰ প্ৰাকক্ষণত শনিবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ লগতে অভিভাৱকসকলক দেখা কৰি চিকিৎসাৰ বাবে শুভেচ্ছা জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সাক্ষাৎকালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিশুসকলৰ অভিভাৱকেৰে মত বিনিময় কৰি আহমেদাবাদত এই শিশুসকলক সম্পূৰ্ণ বিশ্বমানৰ, অত্যাধুনিক চিকিৎসা উপলব্ধ কৰোৱা হ’ব বুলি আশ্বাস দিয়ে। তেওঁলোকৰ চিকিৎসাৰ লগতে যাতায়াতী আৰু খোৱা-বোৱাকে ধৰি আনুষংগিক খা-খৰছৰ বাবে অভিভাৱকসকলো কোনো চিন্তা বা শংকাত পৰাৰ প্ৰয়োজন নাই বুলিও মন্ত্ৰী মহন্তই অভিভাৱকসকলক আশ্বস্ত কৰে। ৰাজ্য চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত হোৱা বুজাবুজি অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ চি এন চেণ্টাৰৰ অভিজ্ঞ চিকিৎসকৰ বিশেষ তত্বাৱধানত প্ৰেৰণ কৰা এই হৃদৰোগাক্ৰান্ত শিশুসকলৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ ব্যয়ৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়ছোৱাত প্ৰতিদিনে খোৱা-বোৱাৰ সমস্ত খৰছ শ্ৰীসত্য সাই হাৰ্ট হস্পিতাল পৰিচালনা ন্যাসে বহন কৰিব। ইয়াৰ বিপৰীতে ৰোগী-অভিভাৱকৰ যাতায়তী খৰছকে ধৰি আন আনুষংগিক খা-খৰছ বহন কৰিব অসম চৰকাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More