অসম-অৰুণাচলৰ সীমা বিবাদ অন্ত পৰাৰ দিশে

গুৱাহাটীত দুই ৰাজ্যৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

0 19

গুৱাহাটীৰ কইনাধৰাত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ বৈঠক। অসম আৰু অৰুণাচলৰ মাজত ১২২ খন গাঁৱক লৈ বিবাদ। অৰুণাচলৰ দখলত অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২০ এপ্ৰিলঃ মেঘালয়ৰ পাছত এইবাৰ অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্রী বৈঠকত মিলিত হয়। অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পৰ্যায়ৰ বৈঠকখন আজি গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয়। কইনাধৰাত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ বৈঠকখনত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ লগতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকী মন্ত্রী আৰু শীৰ্ষ বিষয়াই অংশ গ্ৰহণ কৰে। এই বৈঠকতে অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ দ্বিতীয়খন বৈঠকত সীমা সমস্যাৰ এক ইতিবাচক সমাধানৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ পৰা জিলা পৰ্যায়ৰ সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ যে সীমা সমস্যাক লৈ দীৰ্ঘদিনে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল যদিও এই সমগ্ৰ প্ৰক্ৰিয়াক চূড়ান্ত ৰূপ দিয়াৰ বাবে আজি দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী বৈঠকত মিলিত হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভিডিঅ’ কনফাৰেন্স যোগে শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ উপায়ুক্তসকলৰ সৈতে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিছিল। বিধানসভাত দিয়া তথ্য মতে অসমৰ প্ৰায় ৮,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলে দখল কৰি ৰাখিছে। ইয়াৰে শোণিতপুৰ জিলাত ১.০৮ হেক্টৰ, বিশ্বনাথত ৪৭৫১ হেক্টৰ, লখিমপুৰত ১৯৭৫.৪১হেক্টৰ, ধেমাজিত ১০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড়ত ১০ হেক্টৰ আৰু চৰাইদেউত ৬০২.০১ হেক্টৰ অসমৰ ভূমি অৰুণাচলৰ দখলত আছে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More