অসম-অৰুণাচলৰ সীমা সমস্যাৰ বৈঠক আধৰুৱাঃ নোলাল কোনো সামাধান সূত্ৰ

অৰুণাচলৰ মেপত অসমৰ বৃহৎ সংখ্যক ভূমিঃ ক্ষেত্ৰভিত্তিক সীমান্ত পৰিদৰ্শন

0 12

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ আগষ্টঃ নামচাই ঘোষণা পত্ৰৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ আজি এখন গুৰুত্বপূৰ্ণ বৈঠক গেৰুকামুখৰ এন এইচ পি চিত অনুষ্ঠিত হয় ৷ ইয়াৰ পূৰ্বে দুয়োখন ৰাজ্যৰ যুটীয়া সমিতিখনে সীমান্ত তথা দুলুং সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে ৷ বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজা পৰ্যন্ত অনুষ্ঠিত হোৱা এই সীমা সমস্যা সমাধানৰ বৈঠকখন আধৰুৱা হৈ ৰয় ৷IMG 20220827 WA0033 অৰুণাচল প্ৰদেশৰ কৃষি মন্ত্ৰী¸ টাগে তাতিকে ধৰি কেবাজনো উচ্ছপদস্থ বিষয়াৰ লগতে অসমৰ শ্ৰম মন্ত্ৰী তথা লখিমপুৰ-ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ, লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন, লখিমপুৰ আৰু কামেং জিলাৰ দুই জিলা বন সংমণ্ডল বিষয়া, লখিমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক মানৱ ডেকা আদিৰ উপস্থিতিত সীমান্ত এলেকাত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰাৰ পিছত এন এইচ পি চিৰ প্ৰকল্প চৌহদত বিয়লি অনুষ্ঠিত হোৱা বৈঠকখনত সীমা সমস্যা সামাধানৰ বিষয়ত বিশেষ ভাৱে আলোচনা কৰা হয় যদিও অৰুণাচল চৰকাৰে প্ৰদৰ্শন কৰা মেপত অসমৰ বৃহৎ সংখ্যক ভূমি সোমাই পৰাৰ ফলতে একপ্ৰকাৰে আজিৰ আলোচনা আধৰুৱা হৈ ৰয় ৷ ফলত অচিৰেই দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সীমান্ত পৰিদৰ্শনেৰে আগন্তুক সময়ত সীমা সমস্যাৰ সমাধান সূত্ৰ উলিওৱা হ’ব বুলি লখিমপুৰৰ বন বিভাগৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে ৷ তেওঁ আৰু জানিবলৈ দিয়া অনুসৰি অসম তথা লখিমপুৰ জিলাৰ বৃহৎ সংখ্যক ভূমি অৰুণাচলে নিজৰ বুলি দেখুৱাইছে বুলিও কয় ৷ তদুপৰি লখিমপুৰৰ দুলুং, কাকৈ, ৰঙা আদি কেবাখনো সংৰক্ষিত বনাঞ্চল সীমা সমস্যাৰ আউটিত সোমাই পৰাৰ বাবেও আজিৰ বৈঠক আধৰুৱা হয় ৷ ইফালে অৰুণাচলৰ কৃষিমন্ত্ৰীজনে কয় যে অসম-অৰুণাচলৰ মানুহৰ মাজত কোনো বিভেদ নাই ৷ সীমাক লৈ এই বিভেদ সৃষ্টি কৰিছে অসমৰ বন বিভাগেহে ৷ শীঘ্ৰে দুয়োখন ৰাজ্যৰ প্ৰতিনিধি পুনৰ আলোচনাত বহি সমাধানৰ সূত্ৰ উলিওৱাৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে৷ ইফালে অসমৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ ভূমিত যোৱা নিশা অৰুণাচল চৰকাৰে এখন আদৰণি তোৰণ স্থাপন কৰে ৷ অসমৰ ৫ কিলোমিটাৰ ভূমিৰ ভিতৰলৈ আগুৱাই আহি যোৱা নিশা অৰুণাচলে এই তোৰণখন স্থাপন কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More