অসম অৰুণাচল সীমান্তত যুদ্ধংদেহী মনোভাৱেৰে সাজু অৰুণাচলী-প্ৰশাসনঃ পুনৰ উত্তেজনা

ঐতিহাসিক গোহাই কমল-ৰাজগড় আলি পৰ্যন্ত অৰুণাচলী সীমা দাবী

0 70
  • কাকৈ সংৰক্ষিত বনাঞ্চলৰ ৫০ বিঘাৰো অধিক গছ-গছনি কাটি তহিলং অৰুণাচলী দুবৃৰ্ত্তৰ
  • সীমান্তত অসমৰ ভূমিত স্থাপন কৰা বন শিবিৰ উঠাই নিয়াৰ হুংকাৰ অৰুণাচলীৰ
  • ঘনে ঘনে সীমান্তত লখিমপুৰৰ উপায়ুক্ত-দণ্ডাধীশ
  • অসমৰ ভূমিত থকা গছৰ শুকান ডাল এটা আনিবলৈয়ো অসমৰ লোকে অৰুণাচলীৰ অনুমতি ল’ব লাগে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ এপ্ৰিলঃ IMG 20230424 WA0013অসম আৰু অৰুণাচলৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সন্দৰ্ভত শুকুৰবাৰে দুয়োখন ৰাজ্যৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতো সীমা সমস্যাৰ সমাধান হোৱা নাই৷ দুদিন পূৰ্বে লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে অসমৰ ৩০ হেক্টৰ ভূমিৰ বনাঞ্চলৰ গছ পুলি, ফেনচিং কাটি নিঃশেষ কৰাৰ পিছত লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত এইবাৰ অৰুণাচলীয়ে ধবংস যজ্ঞ আৰম্ভ কৰিছে৷ কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুবৃৰ্ত্তই প্ৰায় ৭ হেক্টৰ [৫০ বিঘাৰো অধিক ভূমি]  অধিক ভূমিত থকা অসমৰ বনাঞ্চল ধবংস কৰি ঐতিহাসিক ৰজাদিনীয়া ৰাজগড় আলি তথা গোঁহাই কমল আলি পৰ্যন্ত অৰুণাচলীয়ে সীমা দাবী কৰিছে৷ অৰুণাচলীয়ে হাতে হাতে দা, কুঠাৰ, লাঠি জোঙৰ উপৰি বন্দুক লৈ ৰাজগড় আলিলৈকে অৰুণাচলৰ সীমা বুলি দাবী কৰি অহাত দুয়োখন ৰাজ্যৰ মাজত এক যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছে৷ ইতিমধ্যে সীমান্তৰ কাকৈ সংৰক্ষিত বনাঞ্চলত লখিমপুৰৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু লখিমপুৰ ৰাজহ চক্ৰ বিষয়া ঘনে ঘনে উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে শনিবাৰে লখিমপুৰ জিলা প্ৰশাসনে কাকৈত এটা বন শিবিৰ স্থাপন কৰে৷ ৭-৮ জন অসম আৰক্ষী বেটেলিয়ানৰ জোৱানৰ লগতে ২-৩জন বনকৰ্মীক এই শিবিৰত মোতায়ন কৰি নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ সময়তে অসমৰ উক্ত বন শিবিৰটো উঠাই নিয়াৰ তীব্ৰ হুংকাৰ দিছে অৰুণাচলী তথা প্ৰশাসনে৷ আজি সন্ধিয়া পৰ্যন্ত কাকৈ ৰাজগড়ত অৰুণাচলীয়ে এই দাবী উত্থাপন কৰাত লখিমপুৰ প্ৰশাসনে নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰিবলৈ বাধ্য হয়৷ সমান্তৰাল ভাৱে আজি অৰুণাচল প্ৰশাসনেও অৰুণাচলৰ পাপুমপাৰে জিলাৰ উপায়ুক্তৰ উপস্থিতিত অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈ ৰাজগড়ত তেওঁলোকৰ নিৰাপত্তাৰক্ষী মোতায়ন কৰাত সমগ্ৰ অঞ্চলটোত এক যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছে৷ অৱশ্যে অৰুণাচল প্ৰশাসনে তেওঁলোকৰ নিৰাপত্তাৰক্ষীক অৰুণাচল এলেকাত সংস্থাপিত কৰিছে যদিও অৰুণাচল প্ৰশাসনৰ পৃষ্ঠপোষকতাত অসমৰ দিশে বিশেষকৈ অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিৰ্ত হৈ ৰাজগড় আলিলৈ আহি উক্ত ভূমি তেওঁলোকৰ বুলি দাবী কৰাত অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ইফালে দুলুং সংৰক্ষিত বনাঞ্চলতো অৰুণাচলীৰ এনে আগ্ৰাসন অব্যাহত আছে৷ একেদৰে ৰঙা সংৰক্ষিত বনাঞ্চলত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত অসমৰ বাসিন্দাই অসমৰ বনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পৰিতাপৰ কথা যে ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমিত থকা গছৰ শুকান ডাল অথবা খৰি লুৰিবলৈ হলেও এতিয়া অৰুণাচলীৰ অনুমতি ল’ব লগা পৰিৱেশৰ সূচনা হৈছে৷ অতি পৰিতাপৰ কথা যে অসমৰ সীমান্তৱৰ্তী বাসিন্দাৰ পোহনীয়া জীৱ-জন্তু বনাঞ্চলত প্ৰৱেশ কৰিলেও অৰুণাচলীৰ ৰোষত পৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More