অসম-অৰুণাচল সীমা বিবাদ অন্ত পৰাৰ দিশে : মন্ত্রী অতুল বৰাৰ সংবাদমেল

0 20

দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতিয়ে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদ মান এলেকা ৩১ আগষ্টৰ ভিতৰত পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হৈ বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱকলৈ বিবাদ আছে। ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে মন্ত্রী অতুল বৰাৰ পৰ্যালোচনা বৈঠক।

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১১ আগষ্টঃ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা সীমা বিবাদ মীমাংসাৰ দিশে আগবাঢ়িছে। মেঘালয়ৰ দৰে অসম আৰু অৰুণাচলৰ সীমা বিবাদ দূৰ কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত ১৫ ছেপ্তেম্বৰৰ পাছত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত বৈঠক অনুষ্ঠিত হ’ব। সেই বৈঠকতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আলোচনা কৰি মেঘালয়ৰ দৰে বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি মন্ত্রী অতুল বৰাই এই কথা সদৰি কৰে। সংবাদমেলৰ পূৰ্বে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত ১২ খন আঞ্চলিক সমিতিৰ অধ্যক্ষ, ৮ জিলাৰ অভিভাৱক মন্ত্ৰী, বিধায়ক আৰু জ্যেষ্ঠ সচিবৰ লগতে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম-অৰুণাচলৰ সীমা বিবাদ সম্পৰ্কত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰ্যায়ত ১৫ জুলাইত হোৱা বৈঠকৰ ‘নামচাই ঘোষণা পত্র’ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। পৰ্যালোচনা বৈঠক সন্দৰ্ভত মন্ত্রী অতুল বৰাই কয় যে অসম-অৰুণাচল সীমা বিবাদ সন্দৰ্ভত ইতিমধ্যে দুটা পৰ্যায়ত বৈঠক অনুষ্ঠিত হৈছে। ইতিমধ্যে ১৫ জুলাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পৰ্যায়ত হোৱা আলোচনাত ‘নামচাই ঘোষণা পত্র’ স্বাক্ষৰিত হৈছে। অৰুণাচলৰ লগত ৮০০ কিলোমিটাৰ এলেকাক লৈ বিবাদ আছে। ইতিমধ্যে দুয়োখন ৰাজ্যৰ ১২ খনকৈ আঞ্চলিক সমিতি গঠন কৰা হৈছে। এই সমিতি কেইখনে যুটীয়াভাৱে সংশ্লিষ্ট বিবাদ মান এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব। মন্ত্রী বৰাই কয় যে ৩১ আগষ্টৰ ভিতৰত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি কেইখনে সংশ্লিষ্ট বিবাদমান এলেকা পৰিদৰ্শন কৰি ১৫ ছেপ্তেম্বৰৰ ভিতৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে সেই প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰ‍াজ্যৰ মুখ্যমন্ত্রী আলোচনাত মিলিত হ’ব আৰু বিবাদ মীমাংসাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। মন্ত্রী বৰাই কয় যে বৰ্ত্তমান অসম আৰু অৰুণাচলৰ মাজত ৮৬ খন গাঁৱকলৈ বিবাদ আছে। ৮৬ খন গাঁৱৰ ৰাইজৰ মতামত গ্ৰহণ কৰাৰ লগতে ভৌগোলিক দিশো পৰ্যবেক্ষণ কৰা হ’ব। যুটীয়া পৰিদৰ্শনৰ অন্তত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতে সিদ্ধান্ত গ্ৰহণ কৰিব দুই ৰাজ্যই বুলি মন্ত্রী বৰাই কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More