অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী-অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ দেহাৱসান

0 18
শতাব্দ প্রতিনিধি,মাজুলী,১৯ মেঃ মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বোধেশ্বৰ শইকীয়াৰ আজি পুৱা নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।মাজুলীৰ কমলপুৰ গাঁৱৰ নিবাসী, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰৰ নিৰৱ সাধক শইকীয়া কিছুদিন ধৰি অসুস্থ হৈ আছিল। ৬৮ বছৰ বয়সত মৃত্যুক আঁকোৱালি লোৱা শইকীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে কমলাবাৰী অঞ্চলৰ লগতে মাজুলীৰ বিভিন্ন ঠাইত শোকৰ ছাঁ পৰে। মাজুলীৰ বিভিন্ন দল-সংগঠন তথা অগনণ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত শেষ কৃত্য সমাপন কৰা হয়। অতি সৰল জীৱন যাপন কৰা এই গৰাকী স্বনামধন্য ব্যক্তিয়ে ছাত্ৰ অৱস্থাৰ পৰাই বিপ্লৱী সত্বাৰে সামাজিক কামত আত্মনিয়োগ কৰে। অসম আন্দোলনৰ সময়ত মাজুলীৰ পৰা গণসংগ্ৰাম পৰিষদক নেতৃত্ব দি এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অসম সাহিত্য সভাৰ লগত দীৰ্ঘ দিন ধৰি সম্পৰ্ক ৰক্ষা কৰাৰ লগতে কমলাবাৰী ৰামধেনু শাখা সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল আৰু মাজুলী জিলা সাহিত্য সভাৰ লগত ওত:পোত ভাবে জড়িত আছিল। কবিতা আৰু চিন্তা শীল লেখনীৰে সাহিত্য ক্ষেত্ৰত অৰিহণা যোগোৱা শইকীয়া দেৱে কেইবাখনো স্মাৰক গ্ৰন্থ সম্পাদনা আৰু নিজাববীয়াকৈ গ্ৰন্থ প্ৰকাশ কৰিছিল। মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি অবসৰ গ্ৰহণ কৰা এই গৰাকী শিক্ষকে জিলা কৃতি শিক্ষকৰূপে ভূষিত হৈছিল। মৃত্যুৰ আগমুহুৰ্তলৈকে মাজুলীৰ সাহিত্য সংস্কৃতিৰ বহু কেইটা অনুষ্ঠান আৰু মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ লগত জড়িত হৈ আছিল। বহুগুণ সম্পন্ন  এই গৰাকী লোকৰ মৃত্যুত মাজুলীৰ বিভিন্ন দল-সংগঠনে‌ শোক প্ৰকাশ কৰিছে। মাজুলী জিলা সাহিত্য সভা, মাজুলী জিলা সাংবাদিক সন্থা, সদৌ মাজুলী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুবছাত্ৰ পৰিষদ, মাজুলী জিলা জেষ্ঠ নাগৰিক সন্থা, পেঞ্চনাৰ সন্থা, মাজুলী জিলা ভাওনা সন্মিলন, মাজুলী জিলা সাংস্কৃতিক মহাসভা, মাজুলী জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ, কোচ ৰাজবংশী ছাত্ৰ সন্থা, আপকু জিলা সমিতি, মাজুলী জিলা মহিলা সমিতি, লেখিকা সমাৰোহ সমিতি, কমলপুৰ গাঁও পৰিচালনা সমিতি, ৰামধেনু শাখা সাহিত্য সভা, মাজুলী মিলন সংঘ, সন্মিলনীত শিল্পী সমাজৰ, মাজুলী মহাবিদ্যালয়, মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমলাবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়কে ধৰি অসমৰ বিভিন্ন ঠাইৰ বিশিষ্ট লোকে শোক প্ৰকাশ কৰিছে। পত্নী সহ এগৰাকী পুত্ৰ আৰু দুগৰাকী কন্যা ইহ সংসাৰত এৰি যায়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More