অসম আৰক্ষীয়ে লাভ কৰা নিচান বঁটাক লৈ বাক্সাত অনুষ্ঠান

আৰক্ষী ছাউনিত উৎসৱমুখৰ পৰিৱেশ

0 26
শতাব্দ প্ৰতিনিধি, বাক্সা, ১০ মেঃ সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে আজি এক ঐতিহাসিক দিন । অসম আৰক্ষীয়ে অপৰাধী আৰু অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে নিজৰ দায়িত্ব পালন কৰাৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে  লাভ কৰিলে অসামৰিক ৰাষ্ট্ৰপতি সন্মান  নিচান বঁটা । এই সন্মান লাভ কৰা দেশৰ ভিতৰত অসম দশম স্থানত আছে। আজিৰ এই দিনটো সমগ্ৰ ৰাজ্যৰ আৰক্ষীয়ে এক ঐতিহাসিক দিন হিচাপে পালন কৰে । বাক্সা আৰক্ষীয়েও আজিৰ দিনটো অসম আৰক্ষীৰ বাবে এক ঐতিহাসিক দিন হিচাপে উদযাপন কৰে । বাক্সাৰ বৰবৰী আৰক্ষী ছাউনিত অনুষ্ঠিত অনুষ্ঠানত আৰক্ষী, ভিডিপি, অৱসৰপ্ৰাপ্ত আৰক্ষীৰ লোকসকলে ৰূপালী পৰ্দাৰ জড়িয়তে উপভোগ কৰিলে ৰাষ্ট্ৰপতি নিচান প্ৰদান অনুষ্ঠান। অসম আৰক্ষীৰ ইতিহাসত ৰাষ্ট্ৰপতিৰ নিচান প্ৰদানক লৈ আৰক্ষী, হোম গাৰ্ড আৰু গাঁওৰক্ষী বাহিনীৰ লগতে গৌৰৱাম্বিত সমগ্ৰ অসমবাসী। ৰাষ্ট্ৰপতি সন্মান লাভ কৰাৰ পাছত অসম আৰক্ষীৰ দায়িত্ব পূৰ্বতকৈ বৃদ্ধি হ’ল বুলি উল্লেখ কৰে বাক্সা অতিৰিক্ত আৰক্ষী অধীক্ষক  উজ্বল প্ৰতিম বৰুৱাই । এই গৌৰৱ  মুহুৰ্তত আৰক্ষী বিভাগৰ পৰা অৱসৰ প্ৰাপ্ত বিষয়া-জোৱানসকলক ফুলাম গামোচা আৰু মান পত্ৰৰে সন্মানিত কৰে বাক্সা আৰক্ষীয়ে । আৰক্ষীক সহযোগ কৰা ভিডিপিৰ নিৰ্বাচিত চাৰিখন আঞ্চলিক সমিতিক সন্মান প্ৰদৰ্শন কৰে বাক্সা আৰক্ষীয়ে । অনুষ্ঠানত উপস্থিত থাকে শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্য, বাক্সা জিলা সদৰ উপআৰক্ষী অধীক্ষক প্ৰনৱ জ্যোতি কলিতাকে ধৰি ভালে সংখ্যক আৰক্ষী বিষয়া আৰু গণ্যমান্য ব্যক্তি ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More