অসম আৰক্ষীৰ ‘ৰাইড অৱ প্ৰাইড’ শীৰ্ষক বাইক ৰেলী বাক্সাত উপস্থিত

 আনন্দ মিশ্ৰক বিপুল আদৰণী

0 6

শতাব্দ প্ৰতিনিধি, বাক্সা ,৩ মেঃ যুদ্ধ আৰু শান্তিৰ সময়ত ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ব্যতিক্ৰমী আৰু অসাধাৰণ সেৱাৰ বাবে অসম আৰক্ষীলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিচান বঁটা ।’ এক যুগান্তকাৰী সৃষ্টিৰে এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষী হৈছে দেশৰ ভিতৰত দশমটো ৰাজ্যিক আৰক্ষী বাহিনী । এই সন্মানক লৈ গৌৰাম্বিত অসম আৰক্ষী তথা দেশবাসী । জানিবপৰা মতে অহা দহ মে’ত অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক এই বঁটাটি প্ৰদান কৰিব । বঁটা লাভৰ পিছৰে পৰা আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱানে তেওঁলোকৰ খাকী পোচাকৰ বাওঁফালে পৰিধান কৰিব লাগিব গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰপতিৰ নিচান । বঁটাটি লাভৰ কথা ঘোষণা হোৱাৰ লগে লগে উৎফুল্লিত হৈছে অসম আৰক্ষী । সেয়ে এই গৌৰৱৰ প্ৰতীক লাভৰ প্ৰচাৰ আৰু সজাগতাৰ বাবে ধুবুৰীৰ পৰা শদিয়ালৈ এই বাইক ৰেলীৰ আয়োজন কৰা হৈছে । অসম আৰক্ষীৰ ‘ৰাইড অৱ প্ৰাইড’ শীৰ্ষক এই বাইক ৰেলীয়ে সৰ্বসাধাৰণ ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হয় । আনকি ঠায়ে ঠায়ে বাইক ৰাইডাৰৰ নেতৃত্ব লোৱা অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ মহা পৰিদৰ্শক আনন্দ মিশ্ৰ আৰু তেঁওৰ সহযোগী সকলক বিপুল সম্ভাষণ জনাই আৰক্ষী আৰু বিভিন্ন দল-সংগঠনে । দেওবাৰে ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা বাইক ৰেলীৰ দলটোৱে সোমবাৰে বঙাইগাঁও, বৰপেটা হৈ বাক্সাত প্ৰৱেশ কৰে । বাক্সাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আনন্দ মিশ্ৰসহ বাইক ৰেলীৰ দলটোক সম্ভাষণ জনোৱাৰ পূৰ্বে মুছলপুৰ আৰু বৰমাত সম্ভাষণ জনায় বাক্সা অতিৰিক্ত আৰক্ষী অধিক্ষক উজ্বল প্ৰতিম বৰুৱা, উপ আৰক্ষী অধীক্ষক প্ৰনৱ জ্যোতি কলিতা, বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিতুমনি গোস্বামীকে ধৰি বিভিন্ন দল-সংগঠনে । বৰমা, মুছলপুৰকে অদালবাৰীকে ধৰি বিভিন্ন স্থানত স্থানীয় অন্যান্য দল-সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শীৰ্ষ আই পি এছ বিষয়াগৰাকীক আদৰণি জনায় । অসমৰ প্ৰতিখন জিলাক স্পৰ্শ কৰিবলগীয়া বাইক ৰেলীৰ দলটোৰ লক্ষ্য স্থান হ’ব শদিয়া । ইপিনে সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত অসমক বহুত ভাল পায় বুলি মন্তব্য কৰে আনন্দ মিশ্ৰই । তেঁও লগতে এই ৰেলিৰ জৰিয়তে ৰাইজৰ মাজত অসম আৰক্ষীয়ে লাভ কৰা সন্মানৰ কথা অৱগত হব বুলি উল্লেখ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More