অসম-উত্তৰ পূবৰ প্ৰথমজন পৰ্বতাৰোহী-স্বীয়াৰ খগেন্দ্ৰ নাথ বৰাৰে অন্তৰংগ আলাপ

নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ "মাহটোৰ অতিথি"

0 193

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰ, সময় পুৱা ৯.২৫ বজা।সেই দিনটোৰ সেই মাহেন্দ্ৰ ক্ষণটো আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্বতাৰোহণৰ ইতিহাসৰ এখিলা সোণালী পৃষ্ঠা।সেইদিনটোতে অসমৰ পৰা যোৱা প্ৰথমটো ৬ জনীয়া পৰ্বতাৰোহীৰ  দলৰ দুজনে বেথাৰতলী শৃংগ আৰোহণ কৰিছিল। সেইদিনা পুৱা ৯.২৫ বজাত শৃংগটোত প্রথমে ভৰি দিছিল খগেন্দ্ৰ নাথ বৰাই। লগে লগে পিছৰজন পৰ্বতাৰোহী ৰোহিনী কুমাৰ ভূঞাই বেথাৰতলী শৃংগ আৰোহণ কৰাৰ লগে লগেই ৰচিত হৈছিল অসমৰ প্ৰথম পৰ্বতাৰোহণ ইতিহাস। ৫০ বছৰ পূৰ্বে সেই পৰ্বতাৰোহণ বাট কাটি দিয়া প্ৰসিদ্ধ পৰ্বতাৰোহী খগেন্দ্ৰ নাথ বৰা আছিল আজিৰ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ “মাহটোৰ অতিথি”।IMG 20220904 WA0014প্ৰেছ ক্লাবৰ নিয়মীয়া অনুষ্ঠানটো সঞ্চালনা কৰে ক্লাবৰ সভাপতি কুমুদ বৰুৱাই।আজিৰ অনুষ্ঠানৰ মধ্যমণি খগেন্দ্ৰ নাথ বৰাক পোনতে গামোচা, সম্বৰ্ধনা পত্ৰ, কলম, ডায়েৰী আদিৰে সাদৰ সম্ভাষণ জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ক্লাবৰ প্ৰাক্তন সভাপতি শৈলেন বৰুৱাই বাটকটীয়া পৰ্বতাৰোহীজনৰ জীৱন আৰু কৰ্মৰ সন্দৰ্ভত আলোকপাত কৰে। উল্লেখ্য যে মাহটোৰ অতিথি খগেন্দ্ৰ নাথ বৰা কেৱল পৰ্বতাৰোহীয়েই নহয়, তেখেত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন স্কী খেলুৱৈ(Skier), একেধাৰে দুঃসাহসিক সাহিত্যৰো লেখক।কৰ্মজীৱনত দমদমা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগত অধ্যপনা কৰা বৰাই ১৯৭০ চনৰ পৰা একেৰাহে লেখক জীৱন আৰম্ভ কৰি ইতিমধ্যে লেখক জীৱনৰো অৰ্ধ শতিকা অতিক্ৰম কৰিছে। শিশু সাহিত্য, গল্প, নাটক আদি ৰচনা কৰা বৰাই সংবাদ সেৱা কৰাৰ সন্দৰ্ভতো আজি তথ্য বেকত কৰে। আজিৰ অনুষ্ঠানত মধ্যমণি খগেন্দ্ৰ নাথ বৰাই কয়- ১৯৪৪ চনত লখিমপুৰৰ বদতিঘাটত তেখেতৰ জন্ম হৈছিল। ককাক লক্ষীনাথ দত্তবৰা ইণ্ডিয়ান নেভিগেচনৰ ছাব এজেণ্ট আছিল বাবে তেতিয়াৰ বিখ্যাত বদতিঘাটৰ ‘বঙলা’তে তেখেতৰ জন্ম। উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬২ চনত তেঁও উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ কটন কলেজত স্নাতক শাখাত নামভৰ্তি কৰে। ১৯৬৩ চনত বৰাই বন্ধু মাণিক মহন্ত(সেই সময়ৰ কটনৰ সাধাৰণ সম্পাদক আৰু পিছলৈ সেনাৰ মেজৰ) আৰু বুদ্ধ চুতীয়াৰ সৈতে দাৰ্জিলিঙৰ হিমালয়ান মাউণ্টেইনিং ইন্সটিটিউটত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লয়গৈ। পিছৰ পৰ্যায়ত ১৯৭০ চনত অসম পৰ্তাৰোহণ সন্থাই প্ৰথমবাৰৰ বাবে বেথাৰতলি অভিযানৰ বাবে এক ৬ জনীয়া দল গঠন কৰে আৰু সেই দলত বৰাকো অন্তৰ্ভুক্ত কৰে।সেই দলত আছিল অতনু কুমাৰ বৰুৱা (দলপতি), ৰোহিনী কুমাৰ বৰুৱা (উপ দলপতি), খগেন্দ্ৰ নাথ বৰা (প্ৰবন্ধক), ভগত সিং, অজিত শৰ্মা আৰু ডাঃ প্ৰেম জন ছেৰিয়ন। দলটোৱে ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰত বেচ কেম্পৰ পৰা বেথাৰতলি শৃংগলৈ আৰোহণ কৰে আৰু ৯.২৫ বজাত বৰাই শৃংগত ভৰি দিওতে সামান্য তলৰ পৰা ৰোহিনী কুমাৰ ভূঞাই ফটো তোলে।লগে লগে ৰোহিনী কুমাৰ ভূঞায়ো শৃংগ আৰোহণ কৰে। দলটোৰ এই দুজনেহে শৃংগ আৰোহণ কৰা বুলি আজি বৰাই সদৰী কৰে।ফলত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এই শৃংগ আৰোহণ ‘প্ৰথম’ বুলি স্বীকৃতি লাভ কৰে। সেই চনতে ‘দৈনিক অসম’ৰ মায়াৰাম তামুলীৰ অনুৰোধত বৰাই “আমি কিয় পৰ্বত বগাও” শীৰ্ষক লেখা প্ৰকাশ হয়।পিছত “অসমবাণী”ত “বেথাৰতলি অভিযান” চোৱা চোৱাকৈ প্ৰকাশ পায়। বৰাই ১৯৭৪ চনত বান্দৰপুঞ্জ শৃংগ আৰোহণ কৰে। ১৯৮০ চনত অসম বিজ্ঞান সমিতিৰ উদ্যোগত আয়োজিত নন্দন কানন শীৰ্ষক ভেলী অৱ ফ্লাৱাৰ্ছ অভিযানৰ নেতৃত্ব দিছিল খগেন্দ্ৰ নাথ বৰাই। তদুপৰি বৰাই পিছৰ পৰ্যায়ত ১৫ টামান ৰাষ্ট্ৰীয় ট্ৰেকিং, ২ টা আন্তৰ্জাতিক ট্ৰেকিঙৰো নেতৃত্ব দিছিল। সমান্তৰালভাবে হিমালয়ৰ অভিযানক লৈ বাস্তব অভিজ্ঞতাৰে বৰাই আৰম্ভ কৰিছিল দুঃসাহসিক সাহিত্য ৰচনাৰ। সেইমৰ্মে ১৯৮৫ চনত সাহিত্য সভাই প্ৰকাশ কৰে বৰাৰ “আমি পাহাৰ বগাবলৈ যাও”, প্ৰকাশন পৰিষদে ২০১০ চনত প্ৰকাশ কৰে “মানুহ আৰু প্ৰকৃতি”, ২০১২ চনত শিশু সাহিত্য ন্যাসে প্ৰকাশ কৰে “পানবাৰী গাঁৱত এদিন”, অসম বুক ডিপোৱে প্ৰকাশ কৰে “কাশ্মীৰ হিমালয়ৰ বুকুত” শীৰ্ষক গ্ৰন্থ। বৰাই আজি কয় যে তেঁওৰ অন্তৰংগ বন্ধু তথা অসম পৰ্বাতাৰোহণৰ অন্যতম বাটকটীয়া ৰোহিনী কুমাৰ ভূঞাই ১৯৭৯ চনত কেডাৰনাথ ডুম অভিযানলৈ যাওতে বৰফৰ ধুমুহাত মৃত্যুমুখত পৰে। তেওঁৰ নশ্বৰ শৰীৰ উদ্ধাৰ কৰিব নোৱাৰাত এতিয়াও বৰফৰ মাজতে থকাৰ সম্ভাৱনাই অধিক বুলি তেঁও সদৰী কৰে। ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ আন এক অভিযান চলাবলৈ বৰাই অসম চৰকাৰলৈ পত্ৰ লিখিছিল যদিও কোনো সুফল নাপালে। খগেন্দ্ৰ নাথ বৰাই ১৯৭৫ চনত ক্ৰীড়া সঞ্চালকালয়ৰ তৰফৰ পৰা মনোনীত হৈ গুলমাৰ্গত স্কী খেলি অসমৰ প্ৰথমজন স্কী খেলুৱৈ বুলিও পৰিগণিত হয়।400x225 cmsv2 0d9454c4 0d08 5975 8e59 7c209857a701 6495272 উল্লেখ্য যে স্বাধীনমনা তথা দৃঢ় আত্মবিশ্বাসী বৰাই স্কী খেলিবলৈ যোৱাৰ পূৰ্বে তেওঁ কৰ্মৰত AIDC ৰ পৰা ছুটী বিচাৰিছিল যদিও শীৰ্ষ বিষয়াই ছুটী নিদিয়াত তেঁও চাকৰিকে এৰি দিছিল। আজিও লেখা মেলাত ব্যস্ত হৈ থকা বৰাই নৰ্থ ইষ্ট টাইমছ, নিউজ ষ্টাৰ, ন লখিমী আদি কাকত সংবাদ সেৱা কৰিছিল। তদুপৰি অসমৰ বিভিন্ন কাকত আলোচনীত বৰাৰ গল্প, প্ৰবন্ধ, দুঃসাহসিক লেখা ওলাই আছে। লেখক জীৱনত বৰাই একাধিক পুৰস্কাৰ তথা সন্মানো লাভ কৰি আহিছে। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে তেখেতৰ দীৰ্ঘায়ু কামনা কৰে।
প্ৰেছ ক্লাবত সম্বৰ্ধনা
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ৩ গৰাকী সদস্যই চৰকাৰী বৃত্তি গ্ৰহণ কৰাত আজি তেঁওলোককো আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। ৰুহিতেশ্বৰ বৰা, সঞ্জীৱ বৰা আৰু জুলফিকৰ আলিৰ প্ৰতি আজি ক্লাবে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।IMG 20220904 WA0023 অনুষ্ঠানত সঞ্জীৱ বৰা উপস্থিত থাকে। আনহাতে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ সদস্য জিতুমণি নেওগৰ পুত্ৰ স্বৰাজজ্যোতি নেওগে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত দবা খেলি একাধিকবাৰ সুনাম কঢ়িয়াই অনাত আজি তেওঁক ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ জনাই উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।IMG 20220904 WA0019একেদৰে ক্লাবৰ সদস্য অজিত কুমাৰ মেধিৰ পুত্ৰ অংগৰাগ মেধিয়ে বেডমিণ্টন খেলত পাৰদৰ্শিতা দেখুৱাই অহাৰ বাবে তেঁওকো ক্লাবে সম্বৰ্ধনা জনায় আৰু ভৱিষ্যতে জিলা তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিব 20220904 130158পৰাকৈ ক্ৰীড়া প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাই উৎসাহিত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More