অসম কৃষি বিশ্ববিদ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ উচ্চস্তৰীয় কৰ্মশালা

 জিলা প্ৰশাসনৰ লগতে যোৰহাটৰ আগশাৰীৰৰ শিক্ষানুষ্ঠানৰ বিষয়া-কৰ্মচাৰীৰ অংশগ্ৰহণ

0 23

শতাব্দ প্ৰতিনিধি,যোৰহাট ,২ মে : অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি যোৰহাটস্থ মূল চৌহদত তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপ আৰু কনক চন্দ্ৰ শৰ্মাই তথ্য জনাৰ অধিকাৰ আইনৰ কাৰিকৰী দিশৰ ওপৰত বিস্তৃতভাবে বাখ্যা আগবঢ়ায় ।যুটীয়া পঞ্জীয়ক ড° অনুপ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটোত দৃশ্যশ্ৰব্য উপস্থাপনেৰে আয়ুক্ত দুগৰাকীয়ে এই আইনৰ জৰিয়তে তথ্য প্ৰদানৰ দিশৰ সুবিধা সমুহ আৰু জটিল বিষয়সমুহৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় । এই কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইৰ লগতে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল, বিভাগীয় অধ্যাপকসকলৰ লগতে যোৰহাট চৌহদৰ এই দিশৰ লগত জৰিত সংযুক্ত বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে । লগতে অসম মহিলা বিশ্ববিদ্যালয়, প্ৰিন্স অৱ ৱেলচ কাৰিকৰী প্ৰতিষ্ঠান, যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু যোৰহাট জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়েও অংশ গ্ৰহণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাজ্যৰ অন্য জিলাত থকা মহাবিদ্যালয়কেইখন আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে অনলাইনযোগে এই কৰ্মশালাত অংশ গ্ৰহণ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More