অসম কৃষি বিশ্ববিদ্যালয়ত স্কীল ডেভলপমেন্টৰ ৰাষ্ট্ৰীয় কৰ্মশালা আৰম্ভ

0 14

শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৩ মে : ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ) ৰ অৰ্থসাহায্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা অনুজীৱবৈজ্ঞানিক ব্যাঘাত ব্যৱস্থাপনাৰ দ্বাৰা শস্য পৰজীৱীৰ জৰিয়তে মাটিৰ গুণাগুণ বৃদ্ধি বিষয়ক এখন স্কীল ডেভলপমেন্টৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ শস্যকৃমি বিভাগৰ উদ্যোগত অনুষ্ঠিত আৰু বিভাগৰ মুৰব্বী ড° ভবেশ ভাগৱতীয়ে আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেখেতে জৈৱিক ব্যৱস্থাৰে শস্যকৃমিৰ ব্যৱস্থাপনাৰ দ্বাৰা ক্ষুদ্ৰ পৰিসৰৰ কেপচ্যুল উদ্ভাৱনৰ দিশত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। এই দিশত গৱেষণা তথা উৎকৰ্ষতাৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পোৱা বুলি উল্লেখ কৰে । স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ ৩০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত আই আই এইছ আৰ(IIHR) বাংগালোৰৰ মুৰব্বী অধ্যাপক ড° এম এছ ৰাও আৰু আই এ আৰ আই (IARI) নতুন দিল্লীৰ মুখ্য বিজ্ঞানী ড° টি কে দত্তই মুখ্য সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিব । কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই কৰ্মশালাৰ বিষয়ে সবিশেষ বাখ্যা আগবঢ়োৱা আৰম্ভণি অনুষ্ঠানত নাহেপৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সমন্বয়ক ড° কিশোৰ কুমাৰ শৰ্মা, মুৰব্বী অধ্যাপকসকল ড° পলাশ দেৱনাথ, ড° সমিন্দ্ৰ বৈশ্য, ড° কল্যাণ পাঠক আৰু ড° বাদল ভট্টাচাৰ্যয়ো অংশগ্ৰহণ কৰে ।অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই ড° নিবেদিতা বৰগোহাঁয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More