অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখীৰ পাঁচদফীয়া বিশেষ আলোচনা : শিক্ষাৰ্থীৰে মত বিনিময়

0 11

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩০ মে  : অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেচাৰ জগদীশ মুখীয়ে আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে পাঁচদফীয়া গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ লগতে শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে । ৰাজ্যপালে বিশ্ববিদ্যালয়ৰ বৰ্ড ৰূমত প্ৰথমে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা আৰু বিশ্ববিদ্যালয়ৰ সঞ্চালক তথা আটাইকেইজন বিজ্ঞান গুৰুৰ সৈতে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক তথা আন্ত:গাঁথনিগত দিশৰ ওপৰত আলোচনা কৰে আৰু কৃষি শিক্ষা আৰু গৱেষণা তথা সম্প্ৰসাৰণৰ দিশত ল’বলগীয়া ভূমিকা সম্পৰ্কে কেতবোৰ পৰামৰ্শ আগবঢ়ায় । বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপকসকলৰ সৈতে শৈক্ষিক দিশৰ ওপৰত পৰ্যালোচনা কৰাৰ উপৰি ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয়ৰ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে প্ৰশাসনিক আন্ত:গাঁথনি আৰু পৰিকাঠামোৰ শেহতীয়া ব্যৱস্থাৱলীৰ সম্পৰ্কত আলোচনাত মিলিত হয় । বিশ্ববিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ সৈতেও এক পৃথক আলোচনাত মিলিত হৈ শিক্ষাৰ্থী সকলৰ প্ৰত্যাশা সম্পৰ্কতো আলোচনা কৰে ৰাজ্যপালে।এই অনুষ্ঠানৰ পাছত বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত শিক্ষাৰ্থী সকলৰ সৈতে মুকলি মত বিনিময় কৰে ।
এই সমূহ কাৰ্যসূচীত জিলা উপায়ক্ত অশোক কুমাৰ বৰ্মন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ লগতে পঞ্জীয়ক তপন কুমাৰ গোহাঁই , গৱেষণা সঞ্চালক(কৃষি) ড° অশোক ভট্টাচাৰ্য, গৱেষণা সঞ্চালক পশুচিকিৎসা) ড° নিৰঞ্জন কলিতা,কৃষি অনুষদৰ বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা , পশুপালন আৰু পশুচিকিৎসা বিজ্ঞানগুৰু ড° বিবেকানন্দ শইকীয়া , সামূহিক বিজ্ঞানগুৰু ড° ৰুমা ভট্টাচাৰ্য, স্নাতকোত্তৰ শিক্ষা সঞ্চালক অজিত বৈশ্য , ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা , উত্তৰ পূৱ জৈৱপ্ৰযুক্তি কেন্দ্ৰৰ সঞ্চালক ড° বিদ্যুত কুমাৰ শৰ্মা প্ৰমুখ্যে বিষয়াসকল উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More