অসম কৃষি বিশ্ববিদ্যালয়ত সপ্তাহজোৰা যোগ দিৱসৰ কাৰ্যসূচীৰ সামৰণি 

0 21
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২১ জুনঃ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয়ে আয়োজন কৰা সপ্তাহজোৰা যোগ কাৰ্যসূচীৰ আজি সামৰণি পৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্ববিদ্যালয়খনে ইয়াৰ যোৰহাটস্থ মূল চৌহদৰ ইনডৰ ষ্টেডিয়ামত যোগ কাৰ্যসূচী অনুষ্ঠিত কৰি যোগ দিৱস উদযাপনৰ লগতে সপ্তাহজোৰা কাৰ্যসূচী সমাপ্ত কৰে। বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত যোগ  দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি‍ কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই।যোগ প্ৰাচীন ভাৰতীয় সভ্যতাই আমাক দি যোৱা  এক অমূল্য অৱদান বুলি উল্লেখ কৰি তেখেতে শৰীৰ, মন আৰু আত্মাৰ উৎকৰ্ষ সাধনৰ বাবে যোগৰ যি প্ৰয়োজনীয়তা তাক বৰ্তমান সমগ্ৰ বিশ্বই স্বীকৃতি দিয়া বিষয়ে প্ৰকাশ কৰে আৰু নিয়মিত যোগাভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে।নিয়মিত যোগাভ্যাসে সকলোকে সুস্বাস্থ্যৰে দীৰ্ঘজীৱন প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে। ড° ভাৰত নাথ আৰু মুনমী দেৱীৰ তত্বাৱধানত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই যোগ কাৰ্যসূচীত পঞ্জীয়ক তপন কুমাৰ গোঁহাই, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰাণা প্ৰতাপ ভূঞা,সামূহিক বিজ্ঞানগুৰু ড° ৰূমা ভট্টাচাৰ্য, ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানগুৰু ড° এম কে মোডী, উপাচাৰ্যৰ সহধৰ্মিনী মনালিমা ডেকা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। আনহাতে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিশ্বনাথ কৃষি মহাবিদ্যালয় ,ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়তো একেসময়তে যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয় ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More