অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি প্ৰযুক্তি উষ্মায়ক কেন্দ্ৰ (নীতিহাব)ৰ উদ্যোগত ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১•৫১ কোটি টকাৰ চেক বিতৰণ

0 17
শতাব্দ প্ৰতিনিধি, যোৰহাট, ২৫ এপ্ৰিলঃ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অৱস্থিত নীট ই হাব তথা  অটল ইনক্যুবেশ্যন চেন্টাৰে ২০২০-২১ বৰ্ষৰ কৃষি আৰু আনুষংগিক খণ্ডৰ ১৭ গৰাকী সম্ভাৱনাপূৰ্ণ উদ্যোগীক ১ কোটি ৫১ লাখ টকাৰ অৰ্থসাহাৰ্য প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ কৃষি সমবায় তথা কৃষক কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ দ্বাৰা কৃষি আৰু আনুসংগিক খণ্ডসমুহৰ পুনৰ উজ্জীৱিত উদ্দেশ্যে প্ৰৱৰ্তিত ‘ৰাফটাৰ’ ৰ অধীনত  ২০ এপ্ৰিল তাৰিখে এই অৰ্থসাহাৰ্যৰ চেক প্ৰদান কৰা হয়। উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ ভিতৰত নিৰ্বাচিত সম্ভাৱনাপূৰ্ণ উদ্যোগীসকলক ইশ্বান্যাৰ আঁচনিৰ অধীনত ৮ জনক প্ৰত্যেককে ৫ লাখ টকাৰ চেক  আৰু স্বাৰেন্যা  অধীনত  ৯  জনক ২০ লাখ টকাকৈ এই ধনৰাশিৰ চেক বিতৰণ কৰা হয়। বিশ্ববিদ্যালয়ৰ নীটীহাবৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা আৰু সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে চেকসমুহ বিতৰণ কৰে। নীতিহাবৰ সঞ্চালক ড° ডানিছ তামুলীয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে  বক্তব্যত ড° ডেকাই উদ্যোগীসকলক নিয়োগকৰ্তা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি নিৱনুৱা সমস্যা সমাধানৰ দিশত পদক্ষেপ লবলৈ আহ্বান জনায়। নতুন উদ্যোগী সৃষ্টিৰ ক্ষেত্ৰতো তেখেতসকলৰ কৰণীয় থাকিব বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে উদ্যোগীক সম্ভাৱনাপূৰ্ণ এই ক্ষেত্ৰলৈ স্বাগতম জনাই আৰু IMG 20220425 WA0009 1ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক কলাসন্মত উদ্যোগী গঢ়াৰ ক্ষেত্ৰ হিচাপে আগবঢ়াই নিয়াৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনায়। অনুষ্ঠানত কেন্দ্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া ড° কে কাৰ্তিকায়নেও বক্তব্য আগবঢ়ায়। উল্লেখ্য যে নীতিহাবে ইশ্বান্যাৰ আৰু স্বাৰেন্যা আচনিৰ জৰিয়তে উত্তৰ পূৱৰ কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ সম্ভাৱনাপূৰ্ণ উদ্যোগীক সকলো ধৰণৰ সহায় সহযোগিতাৰে উদ্যোগৰ আন্তগাঠনি সবল কৰাত চেষ্টা চলাই আহিছে । ইতিমধ্যে এই কৰ্মসূচীয়ে কৃষি উদ্যোগীৰ নতুন ধাৰণা সৃষ্টি কৰাই নহয় উত্তৰ পূব ভাৰতৰ কৃষি উদ্যোগ, কৃষি উদ্যোগী আৰু কৃষি অৰ্থনীতিৰ দিশত নতুন সম্ভাৱনীয়তাৰ প্ৰতিশ্ৰুতি বহণ কৰিছে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More