অসম গণিত শিক্ষায়তন,শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 18

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১৯ছেপ্টেম্বৰঃ অসম গণিত শিক্ষায়তন, শোণিতপুৰ জিলা শাখাৰ প্ৰতিষ্ঠা দিৱস  তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ ৰিমনি নেওগ বৰাৰ সভাপতিত্বত আজি অনুস্থিত হয়। তেজপুৰ চৰকাৰী উচ্চতৰ বহুমুখী মাধ্যমিক কন্যা বিদ্যালয়ৰ ছাত্ৰী সকলে অসম গণিত শিক্ষায়তনৰ প্ৰতিকী গীতেৰে সভাখন আৰম্ভ কৰে । সভাৰ উদ্দেশ্য ব্যাখা কৰাৰ লগতে অসম গণিত শিক্ষায়তন জন্মৰ বিষয়ে অবগত কৰে শশী উপাধ্যায়ে । প্ৰতিষ্ঠা দিৱসৰ প্ৰথম বক্তৃতানুষ্ঠান “ জ্যামিতিৰ সাধাৰণ কথা” শীর্ষক আলোচনা ড° ৰামচৰন ডেকাই সকলোৰে মনোগ্ৰাহী হোৱাকৈ বক্তব্য দাঙি ধৰে। তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° ভীম প্ৰসাদ শৰ্মাই “ গণিতৰ যাদু” শীৰ্ষক দ্বিতীয় বক্তৃতানুষ্ঠানৰ আলোচনা কৰে গণিত কেৱল যোগ-বিয়োগেই নহয় গণিতৰ জৰিয়তে আমি আনন্দ লাভ কৰিব পাৰো বুলি জনাই। তেখেতে নেওঁতাৰ যাদু আৰু গণিতৰ আমোদজনক খেলো দেখুৱাই । অসম গণিত শিক্ষায়তন শোণিতপুৰ শাখাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী চিন্ময়ী কাকতি আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী কন্যা বিদ্যালয়ৰ শিক্ষয়ত্রী অনামিকা গগৈক তেওঁলোকৰ নিজ নিজ বিদ্যালয়ত গণিতৰ লেৱৰেটৰী বনোৱাত বিশেষ পদক্ষেপ লোৱাৰ বাবে দুয়োগৰাকীকে সম্বৰ্দ্ধনা জনায়। অসমৰ চৰকাৰী বিদ্যালয়ত এই দুটাই হৈছে প্ৰথম গণিতৰ লেৱৰেটৰী,যাক পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মনোগ্ৰাহী হোৱাকৈ বনোৱা হৈছে। সভাত সম্পাদিকা অনামিকা গগৈয়ে অসম গণিত শিক্ষায়তনে পাতি অহা অলিম্পিয়াদ পৰীক্ষাৰ সম্বন্ধে জনোৱাৰ লগতে ইয়াৰ প্ৰশিক্ষণৰ বিষয়েও অৱগত কৰে সভাপতি ৰিমনি নেওগে অসম গণিত শিক্ষায়তনৰ সকলো কর্মকর্তাক ধন্যবাদ জনোৱাৰ লগতে এই বক্তৃতানুষ্ঠানৰ বাবে ছাত্ৰসকল বহু ধৰণে উপকৃত হৈছে বুলি জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More