অসম চিকিৎসা মহাবিদ্যালয় : শীঘ্ৰেই মুকলি হ’ব স্মৃতি ডাকটিকট

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব এটা স্মৃতি ডাকটিকট। কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা ডিব্রুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক পত্ৰযোগে এই কথা জনাইছে কেন্দ্রীয় ৰে’ল, যোগাযোগ আৰু বৈদ্যুতিন আৰু তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী অশ্বিনী বৈষ্ণৱে। ২০২২ চনৰ ১ এপ্ৰিলত অসমৰ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে এটা স্মৃতি ডাকটিকট জাৰি কৰাৰ সন্দৰ্ভত তেলীয়ে বৈষ্ণৱলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। পত্ৰখনত বৈষ্ণৱে তেলীক জনাইছে যে, স্মৃতি ডাকটিকট প্ৰদানৰ প্ৰস্তাৱ অনুমোদন কৰা হৈছে। সংবাদ মাধ্যমৰ সতে হোৱা কথা-বতৰাত এ এম চি এইচৰ অধ্যক্ষ সহ মুখ্য অধীক্ষক সঞ্জীব কাকতিয়ে এ এম চি এইচৰ স্মৃতি ডাকটিকটত অনুমোদন লাভ কৰাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয়— ‘‘এইটো এ এম চি এইচ আৰু ডিব্ৰুগড়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। চিকিৎসা ইতিহাসত বহু কৃতিত্ব অৰ্জন কৰা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানটোৰ বাবে এইটো এটা ডাঙৰ মুহূৰ্ত।’’ উল্লেখ্য যে,১৯৪৭ চনৰ ৩ নৱেম্বৰত স্থাপন হোৱা অসম চিকিৎসা মহাবিদ্যালয় (AMC) উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More