অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং : দুই স্নাতকোত্তৰ ছাত্ৰক নিলম্বিত

অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীব কাকতিয়ে কয় যে এজন কনিষ্ঠ ছাত্ৰ আৰু তেওঁৰ পৰিয়ালৰ অভিযোগ পোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৱে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে।

0 34

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰি থকা দুগৰাকী চিকিৎসকক ৰেগিঙত লিপ্ত হোৱাৰ অভিযোগত ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰাৰ লগতে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ২৯ নৱেম্বৰ মঙলবাৰে এগৰাকী বিষয়াই সদৰী কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২৮ নৱেম্বৰ সোমবাৰে মেৰুদণ্ড আৰু হাত ভাঙি ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি হোৱা এম.কমৰ ছাত্ৰ এজনক ৰেগিং কৰাৰ অভিযোগত ১৮ জন ছাত্ৰক বহিষ্কাৰ কৰাৰ পিছত যোৱা দুদিনত ৰেগিং বিষয়ক এইটো দ্বিতীয়টো কাণ্ড। অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীব কাকতিয়ে কয় যে এজন কনিষ্ঠ ছাত্ৰ আৰু তেওঁৰ পৰিয়ালৰ অভিযোগ পোৱাৰ লগে লগে প্ৰতিষ্ঠানটোৱে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। “যদি ফ্লেছপইণ্টত উপনীত হোৱাৰ আগতেই কথাবোৰ চম্ভালিব পৰা যায়, তেন্তে বহু কথা ৰোধ কৰিব পৰা যাব। কনিষ্ঠ ছাত্ৰ-ছাত্ৰীক ৰেগিং বা হাৰাশাস্তিৰ যিকোনো ঘটনা সন্দৰ্ভত আমি অতি কঠোৰ আৰু এনে কোনো কাম আমি সহ্য নকৰোঁ।’’— কাকতিয়ে কয়। তেওঁ আঙুলিয়াই দিয়ে যে উত্তৰ-পূবৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খনৰ এণ্টি ৰেগিং কমিটীয়ে অৰ্থপেডিক বিভাগৰ দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক কনিষ্ঠ পি জি ছাত্ৰ-ছাত্ৰীক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে। “এয়া গুৰুতৰ অসৎ আচৰণ। সেয়েহে কমিটীৰ পৰামৰ্শ মতে দোষী পি জি শিক্ষাৰ্থীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা আৰোপ কৰা হ’ল।’’— কাকতিয়ে কয়। ২১ নৱেম্বৰত এক নিৰ্দেশ জাৰি কৰা হৈছে আৰু এই যুটিটোক তৎক্ষণাত হোষ্টেলৰ পৰা বহিষ্কাৰ কৰি ছমাহৰ বাবে শ্ৰেণী আৰু শৈক্ষিক বিশেষাধিকাৰৰ পৰা নিলম্বিত কৰা হৈছে বুলি তেওঁ কয়। ‘‘আমি কিছুদিন পূৰ্বে এই চিকিৎসা মহাবিদ্যালয়খনৰ প্লেটিনাম জয়ন্তী উদযাপন কৰিছিলোঁ। এয়া কেৱল এটা প্ৰতিষ্ঠান নহয়, এক আৱেগ। এই প্ৰতিষ্ঠানটোৰ নাম আৰু খ্যাতি কলংকিত কৰিব পৰা কোনো কামৰে আমি অনুমতি দিব নোৱাৰোঁ।’’— অধ্যক্ষগৰাকীয়ে কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More