অসম চৰকাৰৰ ‘মিছন ভূমিপুত্ৰ’ৰ জৰিয়তে লক্ষাধিক ভুৱা জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ গুৰুতৰ অভিযোগ

অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ আন্দোলন ঘোষণা

0 29

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ৮ মেঃ অসম চৰকাৰে ‘মিছন ভূমিপুত্ৰ’ নামৰ কোটি কোটি টকা ব্যয় সাপেক্ষ আঁচনিখনৰ জৰিয়তে জাতিগত প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰি অনুসূচীত জাতিৰ লোক সকলৰ বাবে এক অভিশাপ কঢ়িয়াই আনিলে। মিছন ভূমিপুত্ৰই ভুৱা জাতিগত প্ৰমাণ পত্ৰক বৈধতাহে প্ৰদান কৰিলে। আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে । অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নৱ কুমাৰ দাস , কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য ক্ষীৰেন দাস, প্ৰান্ত কুমাৰ দাস আৰু তথ্য সম্পাদক মাইনা দাস উপস্থিত থকা সংবাদ মেলখনিত কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীৰ অভিযোগ – চৰকাৰে আঁচনিখনৰ জৰিয়তে অনুসূচীত জাতিৰ ৪০ লক্ষাধিক লোকৰ ভৱিষ্যৎ প্ৰজন্মক নিঃশেষ কৰাৰ অভিসন্ধি কৰিছে। মিছন ভূমিপুত্ৰৰ জৰিয়তে চৰকাৰে দিয়া ২লাখ ৩৪ হেজাৰ ৬৮৯ খন প্ৰমাণ পত্ৰৰ ভিতৰত ১ লাখৰো অধিক ভুৱা প্ৰমাণ পত্ৰ আছে বুলি অভিযোগ তোলে। তেওঁলোকৰ অভিযোগ -চৰকাৰে পিতৃৰ জাতিগত প্ৰমাণ পত্ৰ, নাইবা ৰাজ্য চৰকাৰৰ অনুমোদিত জাতি, জনজাতি , সম্প্ৰদায় সংগঠনৰ প্ৰস্তাব পত্ৰৰ জৰিয়তে প্ৰদান কৰা প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত কোনো ভেৰিফিকেচনৰ ব্যৱস্থা কৰা হোৱা নাই। পৰিষদৰ দাবী – অসম চৰকাৰে মিছন ভূমিপুত্ৰত থকা বিসংগতি দূৰ কৰক আৰু প্ৰমাণ পত্ৰৰ ভেৰিফিকেচনৰ ব্যৱস্থা কৰক । অসমৰ কামৰূপ গ্ৰাম্য, বৰপেটা, আৰু নলবাৰী ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ কেন্দ্র লৈ পৰিণত হৈছে বুলি অভিযোগ কৰে। চৰকাৰে নিযুক্তি, পদোন্নতি আদিৰ ক্ষেত্ৰত সংবিধান প্ৰদত্ত সংৰক্ষণ আইন মানি চলা নাই বুলি উল্লেখ কৰি অহা সপ্তাহৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে মাতবৰী ভাবে অনুসূচীত জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি সমালোচনা কৰি অৱস্থান ধৰ্মঘট , ধৰ্ণা আদি আন্দোলনৰ কাৰ্যসূচী অহা সপ্তাহৰ পৰা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে । সংবাদ মেলত পৰিষদৰ লখিমপুৰ জিলা সমিতিখন ৰমণী কুমাৰ দাসক সভাপতি, মহেন্দ্ৰ দাসক সাধাৰণ সম্পাদক, দীপক কুমাৰ দাস, প্ৰশান্ত দাসক উপ সভাপতি, কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে ক্ষীৰেন দাস,আৰু প্ৰান্ত কুমাৰ দাসক লৈ ৩১ জনীয়া সমিতি গঠন কৰা হয় বুলি ঘোষণা কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More