অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্তক অপ্ৰাকৃতিক আৰু অ বিজ্ঞান সন্মত আখ্যা বিশিষ্ট বুদ্ধিজীৱীৰ

বিদ্যালয় পৰিদৰ্শনৰ ব্যৱস্থা নথকা অসমত গুণোৎসৱ তৎকালীনভাৱে বন্ধ কৰিবলৈ দাবী

0 68

তৰুণ অসম সংঘৰ “অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা আৰু সমাধান” শীৰ্ষক গুৰুত্বপূৰ্ণ আলোচনা সত্ৰঃ চৰকাৰে ক’লেই নহ’ব সত্যটোক আমি দাঙি ধৰিব লাগিব -ড° অৱনী কুমাৰ ভাগৱতীঃ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষা মাধ্যমৰ প্ৰাথমিক শিক্ষাত গুৰুত্ব দিয়াৰ পিছত অসম চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য হ’ব নোৱাৰে – ড০ সুস্মিতা প্রিয়দর্শিনী

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ অক্টোবৰ: অসমত ৰাজ্য চৰকাৰখনে পৰিকল্পিত ভাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহক গুৰুত্বহীন কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰাৰ ক্ষেত্ৰত বহুতে এক ৰহস্যৰ উমান পোৱাৰ এক বিস্ফোৰক কথা আজি তেজপুৰত সদৰী কৰে ৰাজ্যখনৰ বিশিষ্ট বিজ্ঞান লেখক, কটন মহাবিদ্যালয়ৰ এসময়ৰ অধ্যাপক তথা যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ প্ৰাক্তন সঞ্চালক ড° দিনেশ চন্দ্র গোস্বামীয়ে ।IMG 20221016 WA0069উল্লেখ্য যে, ১৯৩০ চনতেই তেজপুৰত গঢ় লৈ উঠা সামাজিক – সংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান “তৰুণ অসম সংঘ” ই শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অংক আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পঢ়োৱাৰ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজ্যজুৰি বিদ্বৎ সমাজে বিৰোধিতা কৰাৰ পিছত এই গুৰুত্বপূৰ্ণ বিষয়টোৰ উহ উদ্ঘাটনৰ বাবেই আজি আয়োজন কৰে” অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ সমস্যা আৰু সমাধান” শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ। তেজপুৰৰ গৰিষ্ঠসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰা আজিৰ এই আলোচনা চক্ৰত এগৰাকী আলোচক হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট বিজ্ঞান লেখক ড° দিনেশ চন্দ্ৰ গোস্বামীয়ে আৰম্ভণিতে চৰকাৰে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰয়াস কৰোঁতেই ৰাজ্যখনৰ সৰ্বস্তৰৰ লোক জাঙুৰ খাই উঠিব লাগিছিল বুলি মন্তব্য কৰি বহুতে ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে এই ভয়ানক সিদ্ধান্তত নিশ্চুপ হৈ থাকিলেও সমাজখনে ভিতৰৰ পৰা এই সিদ্ধান্ত কেতিয়াও গ্ৰহণ কৰা নাই বুলি কৈ তেজপুৰৰ “তৰুণ অসম সংঘ” এই ক্ষেত্ৰত আগবাঢ়ি অহাত প্ৰশংসা কৰে। ড০ শৰ্মাই এই গুৰুত্বপূৰ্ণ বিষয়টোৰ জেৰটানি কয় – চৰকাৰখনে শেহতীয়াকৈ অধিক ইংৰাজী মাধ্যমৰ প্ৰতি গদগদ হৈ পৰাৰ আচৰণৰ বাবে বহুতে সন্দেহ কৰিছে যে, অচিৰেই সকলো বিদ্যালয় ইংৰাজী মাধ্যমৰ কৰা হ’ব আৰু এটা সময়ত এই মাধ্যম অতি কঠিন বুলি দাবী উঠিব আৰু তেতিয়া সকলো হিন্দী মাধ্যমৰ বিদ্যালয় কৰি ইয়াৰ শিক্ষক সমূহ উত্তৰ ভাৰতৰ পৰা আমদানি কৰিব পাৰিব বুলি বিস্ফোৰক মন্তব্য কৰে। চৰকাৰৰ শেহতীয়া এই সিদ্ধান্ত অপৰিণামদৰ্শী আৰু অ বিজ্ঞান সন্মত বুলি মন্তব্য কৰি ড০ গোস্বামীয়ে সমগ্ৰ বিশ্বৰ লগতে আনকি বৃটিছ কাউন্সিলেও মাতৃভাষা মাধ্যমৰ প্ৰাথমিক শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব দিছে যদিও কি যুক্তিত অসম চৰকাৰে এনে সিদ্ধান্তত নাচোৰ বান্দা হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰি এ পি জে আব্দুল কালাম, ৰাধা কৃষ্ণনৰ দৰে মণিষী ইংৰাজী মাধ্যমৰ আছিল নেকি বুলি কয়।IMG 20221016 WA0068প্ৰাথমিক শিক্ষাত ইংৰাজী মাধ্যমৰ প্ৰয়োগ হ’লে আমাৰ প্ৰজন্মৰ নিজস্ব কৃষ্টি – সংস্কৃতি, ভাষা – সাহিত্যৰ প্ৰতি এক ছিন্নমূল ধাৰণাৰ সৃষ্টি হ’ব বুলি কৈ এই সিদ্ধান্তৰ ফলত প্ৰাথমিক বিদ্যালয়তেই স্কুল এৰি যোৱা শিক্ষাৰ্থীৰ সংখ্যা অধিক বৃদ্ধি পোৱাতো নিশ্চিত হ’ব বুলিও মন্তব্য কৰে। আনহাতে ৰাজ্যখনৰ পৰা গুণোৎসৱ তৎকালীনভাৱে বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰি ড০ গোস্বামীয়ে ইয়াত গুণোৎসৱ পতা হৈছে কিন্তু বিদ্যালয় পৰিদৰ্শনৰ কোনো ব্যৱস্থা নাই। এতিয়াও বহু বিদ্যালয়ত শিক্ষকৰ পদ খালী হৈ আছে। তাৰ মাজতে আকৌ শিক্ষকক লগোৱা হৈছে এন আৰ চি, বিভিন্ন ধৰণৰ ছেনছাচ আদি কামত। বিদ্যালয় একত্ৰিকৰণৰ সলনি শব্দটো সংলগ্নকৰণহে হ’ব লাগিছিল বুলি কৈ আমি নিজৰ ভাষাটোক ৰক্ষা কৰি থাকিবৰ বাবে সদায় সজাগ হৈ থাকিব লাগিব বুলিও মন্তব্য কৰে। ড০ শৰ্মাই এই নিৰ্দিষ্ট বিষয়ৰ ওপৰত সাৰগৰ্ভ ভাষণ প্ৰদান কৰি চৰকাৰক এনে অদৰকাৰী সমস্যাৰ সৃষ্টি কৰাৰ সলনি আগৰদৰেই থাকিবলৈ দাবী উত্থাপন কৰি আগৰ সমস্যা সমূহ সমাধানত গুৰুত্ব দিবলৈ আহ্বান জনায় কয় – ৰাজ্যখনত গণিত, বিজ্ঞান, সুখ, দুখ মাতৃ ভাষাতেই হ’ব লাগিব ।উল্লেখ্য যে, তৰুণ অসম সংঘৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাৰ সঞ্চালনাত আৰু উপ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াৰ সহ সঞ্চালনাত অধ্যাপিকা ড০ স্বপ্নালী কাকতিয়ে আঁত ধৰা এই আলোচনা চক্ৰৰ আন এগৰাকী আলোচক তথা আন এগৰাকী ৰাজ্যখনৰ বিশিষ্ট বিজ্ঞান লেখক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ক্ষীৰধৰ বৰুৱাই অতি তাৎপৰ্যপূৰ্ণ ভাবে বিষয়টোৰ সন্দৰ্ভত বিশ্বনাথ জিলাৰ ৪২ খনকৈ বিদ্যালয়ৰ ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে তথ্যসহ আজি আলোকপাত কৰি উপস্থিত ৰাইজক আশ্বস্ত কৰে নিজৰ মনোজ্ঞ ভাষণত। আৰম্ভণিতে জনপ্ৰিয় বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাই চৰকাৰৰ শেহতীয়া সিদ্ধান্ত অবিজ্ঞান সন্মত আৰু অপ্ৰাকৃতিক বুলি মন্তব্য কৰি তেওঁ ক্ষেত্ৰ অধ্যয়ন কৰা অধিকাংশ বিদ্যালয়েই চৰকাৰৰ এই ব্যৱস্থাৰ বিৰোধী বুলি কৈ সকলোৱে অসমীয়া মাধ্যমহে বিচাৰিছে বুলি কয়। আনকি নিজে বিভিন্ন শিশু অনুষ্ঠানত কোনো বিষয়লৈ ভাষণ দিব লগা হ’লে ইংৰাজী মাধ্যমৰ শিক্ষাৰ্থীয়েও অসমীয়াত ক’লেহে আমি ভালকৈ বুজি পাম বুলি কোৱাৰ প্ৰসংগও উথ্থাপন কৰে। উল্লেখ্য যে, ক্ষীৰধৰ বৰুৱাই ভাষণ প্ৰসংগত অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় বুলিলে বিশেষকৈ অসমীয়া, বঙালী, বড়ো আৰু হিন্দী ভাষাৰ চৰকাৰী বিদ্যালয় সমূহকেই বুজোৱা হয় বুলি উল্লেখ কৰি এই বিদ্যালয় সমূহৰ সমস্যা মূলতঃ একেধৰণৰ আৰু তাৰ সমাধান বিশেষকৈ চৰকাৰে নীতি অনুসৰি আগবঢ়োৱা অনুদান আৰু সা সুবিধাৰ নিৰ্ভৰশীল যদিও শিক্ষক – শিক্ষয়িত্ৰী, শিক্ষাৰ্থী – অভিভাৱক সকলৰ দায়িত্বও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। সমস্যাবোৰ বুনিয়াদী সুবিধামূলক আৰু বিদ্যায়তনিক সুবিধামূলক বুলি ভাগ কৰি ১৩ টা মূল প্ৰশ্নৰে চলোৱা এই ক্ষেত্ৰ অধ্যয়নত বিদ্যালয় সমূহৰ মূৰব্বী তথা সহকৰ্মী শিক্ষক সকলৰ উত্তৰ সমূহৰ তথ্য, বিশ্লেষণ আৰু মন্তৱ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল বুলি কৈ প্ৰাথমিক স্তৰত শিক্ষাৰ্থীক যিকোনো বিষয়ৰ শিক্ষাদান মাতৃভাষাত কৰিলেহে যে বিষয়টোৰ সাধাৰণ তথা বুনিয়াদী জ্ঞান লাভ কৰাত সুবিধা হয় সেই কথা প্ৰতীয়মান হোৱাৰ কথা এই ক্ষেত্ৰ অধ্যয়নৰ তথ্য সহ সদৰী কৰে। উল্লেখ্য যে, এই ক্ষেত্ৰ অধ্যয়নৰ সময়ছোৱাত বিজ্ঞান লেখক বৰুৱাই জিলাখনৰ পূব প্ৰান্তৰ লোহিত মুখৰ পৰা পশ্চিম প্ৰান্তৰ দিকৰাই নৈ লৈকে ৪২ খন বিদ্যালয় বাছি লৈছিল। ইয়াৰে নিম্ন বুনিয়াদী আৰু মধ্য ইংৰাজী বিদ্যালয় আছিল ১২ খন, উচ্চ মাধ্যমিক আৰু একত্ৰিত নিম্ন বুনিয়াদী ২৩ খন, উচ্চতৰ মাধ্যমিক ৭ খন, বড়ো মাধ্যমৰ উচ্চ মাধ্যমিক ১ খন আৰু চাহবাগিছা আদৰ্শ বিদ্যালয় ২খন আছিল বুলি মন্তব্য কৰে। আনহাতে এই আলোচনা চক্ৰখনৰ আৰু এগৰাকী আলোচক ৰাজ্যখনৰ বিশিষ্ট ভূগোল বিজ্ঞানী, প্ৰাবন্ধিক ড° অৱনী কুমাৰ ভাগৱতীয়েও চৰকাৰে গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্ত অ বিজ্ঞান সন্মত বুলি মন্তব্য কৰি ইউনেস্কো, জাপানকে ধৰি সমগ্ৰ বিশ্বতে মাতৃভাষা মাধ্যমৰ উপকাৰিতাৰ প্ৰসংগ সজোৰে উথ্থাপিত হৈ অহাৰ পিছত অসমত তাৰ বিপৰীতে সিদ্ধান্ত কি যুক্তিত হ’ব পাৰিব বুলি মন্তব্য কৰি মাতৃভাষাক উলাই কৰি কেনেকৈ বিশ্ব মানৱৰ কথা আহিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে। অসম, অসমীয়াকে যদি নেজানে বিশ্ব মানৱৰ গৰাকী আকৌ কেনেকৈ হ’ব পাৰিব? মাতৃভাষাত যদি এটা বিষয়বস্তু স্বত:স্ফুত ভাবে শিকি ল’ব পাৰে তেতিয়া বিজ্ঞান, অংক যিয়েই নহওঁক সোনকালে আয়ত্ব কৰিব পাৰে বুলি মন্তব্য কৰি চৰকাৰে ক’লেই নহ’ব, সত্যটোক আমি দাঙি ধৰিব লাগিব বুলি কয়। সমগ্ৰ পৃথিৱী স্বীকৃত কথাবোৰ আমি হীন দেঢ়ি হ’বলৈ কেতিয়াও নেলাগিব। অৱশ্যে ইংৰাজীও ভালকৈ জানিব লাগিব বুলি কৈ ড° ভাগৱতীয়ে মাতৃভাষা জানিলেহে ক্ৰিটিকেল থিংকিঙত সহায় হ’ব বুলিও দেশৰ গ্ৰহণযোগ্য সকলো মানুহেই মাতৃভাষা মাধ্যমৰ বুলি মন্তব্য কৰে। আনহাতে আলোচনা চক্ৰখনৰ আহ্বায়ক ড০ ভূপেন শইকীয়াই আটাইকেইগৰাকী আলোচকৰ জীৱন পৰিচিতি দাঙি ধৰা আলোচনা চক্ৰখনৰ আন এগৰাকী আলোচক যোৰহাটৰ দেৱীচৰণ কন্যা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা তথা বিশিষ্ট লেখিকা ড০ সুস্মিতা প্রিয়দর্শিনীয়ে নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোকপাত কৰি কয় – অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ ওপৰত সম্পূৰ্ণ তথ্য আজিলৈকে চৰকাৰী ভাবে পোৱাৰ ব্যৱস্থাই নাই। চৰকাৰী ভাবে মাত্ৰ চৰকাৰী – বেচৰকাৰী বিদ্যালয়ৰ তথ্যহে পাব পাৰি। বৰ্তমান সময়ত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু সেইখিনি সময়তে চৰকাৰে ইংৰাজী মাধ্যমৰ পোষকতা কৰিছে। আনহাতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৪. ১৪ দফাত মাতৃভাষা মাধ্যমৰ গুৰুত্ব উল্লেখ কৰা হৈছে আৰু সেইখিনি সময়তে চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অংক আৰু বিজ্ঞান ইংৰাজী মাধ্যমৰ পোষকতা কৰাৰ কাৰণ কি হ’ব পাৰে? অসমৰ ৮২. ৫ শতাংশ শিক্ষাৰ্থীৰ অভিভাৱক প্ৰথমৰ পৰা মাথো ষষ্ঠ শ্ৰেণী উত্তীৰ্ণ। সেই সকল অভিভাৱকৰ সন্তানক হঠাৎ ইংৰাজী মাধ্যমত পঢ়োৱাৰ ব্যৱস্থা কৰিলে হীতে বিপৰীত হৈ স্কুল এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিহে পাব বুলি আশংকা ব্যক্ত কৰি ড০ প্ৰিয়দৰ্শিনীয়ে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা উচিত বুলি মন্তব্য কৰে। উল্লেখ্য যে, এই আলোচনা চক্ৰৰ বাবে তৰুণ অসম সংঘইও নিজাববীয়াকৈ চলোৱা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ প্ৰতিবেদনতো মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ এশ এবুৰি সমস্যা দেখা পোৱাৰ পিছত আজি আলোচনা চক্ৰৰ অন্তত সেই প্ৰতিবেদনো দাখিল কৰে সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More