অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

0 8

গুৱাহাটী,৪ জুন : অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ আই পি আৰ চেল আৰু প্ৰতিষ্ঠানৰ উদ্ভাৱন পৰিষদে আয়োজন কৰা ঔদ্যোগীকৰণ আৰু পেটেণ্ট সম্পৰ্কীয় দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ ৪ জুনত সামৰণি পৰে। এই অনুষ্ঠানত অনুঘটক আৰু সহযোগিতা আগবঢ়ায় অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পেটেণ্ট তথ্য কেন্দ্ৰ (পিআইচি)ই । ২৮ মে’ আৰু ৪ জুন তাৰিখে অনুষ্ঠিত হোৱা কৰ্মশালাখনত পেটেণ্টৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে, অঞ্চলটোৰ পৰা পেটেণ্ট দাখিল কৰা বৃদ্ধিৰ বাবে, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বনিয়োজন মনোভাৱক উৎসাহিত কৰাৰ বাবে অনুষ্ঠিত কৰা হয়। কৰ্মশালাৰ প্ৰথম দিনা গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যসূচী সমন্বয়ক অচিন্ত্য কুমাৰ বৰুৱাই ‘উদ্যমিতা’ বিষয়ত বক্তৃতা প্ৰদান কৰে, ইলেক্ট্ৰ’ভ’ প্ৰাইভেট লিমিটেড, বেংগালুৰুৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ৰাতুল বৰাই “ইলেক্ট্ৰিক বাহন খণ্ডত ব্যৱসায়িক সুযোগ” বিষয়ত বক্তৃতা প্ৰদান কৰে আৰু পাৰ্থ প্ৰতিম পাঠকে “ছাত্ৰ প্ৰকল্পক ব্যৱসায়িক উদ্যোগলৈ ৰূপান্তৰ কৰা: এটা সফলতাৰ কাহিনী” বিষয়ত বক্তৃতা প্ৰদান কৰে। কৰ্মশালাৰ দ্বিতীয় দিনা ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসমৰ সহযোগী অধ্যাপক ড° জুপি গগৈয়ে “Basics of Patents and Patent Registration In India” বিষয়ত বক্তৃতা প্ৰদান কৰে, বেংগালুৰুৰ নিউ হৰাইজন কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ অধ্যাপক আৰু আৰ এণ্ড ডিয়ে সহযোগী মুৰব্বী ড° ভি.অগল্যাই “আই পি চিনাক্তকৰণ আৰু গৱেষণা/প্ৰকল্পৰ কামক পেটেণ্টলৈ ৰূপান্তৰ কৰা” বিষয়ত বক্তৃতা প্ৰদান কৰে আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ পেটেণ্ট তথ্য কেন্দ্ৰ (পিআইচি)পেটেণ্ট তথ্য কেন্দ্ৰৰ বিজ্ঞানী সিদ্ধাৰ্থ দেৱনাথে পেটেণ্টৰ খচৰা কেনেকৈ প্ৰস্তুত কৰা তাৰ বিষয়ে ভাষণ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More