অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

0 17

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২২ জুন : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডত কৰ্মৰত অস্থায়ী বিল ক্লাৰ্ক,মিটাৰ ৰিডাৰ সকলৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীৰ সন্দৰ্ভত আজিকোপতি সংশ্লিষ্ট বিভাগ আৰু চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত এই সকল কৰ্মচাৰীৰ মাজত সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে বিগত বহু বছৰ ধৰি তেওঁলোকৰ চাকৰি সমূহ নিয়মীয়াকৰণৰ দাবীক লৈ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক ,মিটাৰ ৰিডাৰ কৰ্মী সন্হাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰতিষ্ঠানটোৰ শীৰ্ষতম বিষয়া অৰ্থাৎ পৰিচালন সঞ্চালক গৰাকীৰ স’তে আলোচনা হোৱাৰ সমান্তৰাল ভাবে চৰকাৰকো অৱগত কৰি আহিছে। কিন্তু অতি পৰিতাপৰ কথা যে, অদ্যাপি তেওঁলোকক কোনো ধৰণৰ মৰ্যাদা প্ৰদান কৰা নহল আৰু উত্থাপিত সমস্যাৱলী সমূহো সমাধান নহ’ল। এনে পৰিপেক্ষিতত অনিচ্ছা স্বত্বেও নিজৰ চাকৰিৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত সন্হাৰ সদস্য সকলৰ মাজত অনুষ্ঠিত আলোচনা সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় বুলি সন্হাৰ কেন্দ্ৰীয় সমিতিয়ে তেজপুৰত সংবাদ মাধ্যমক জানিবলৈ দিছে। সন্হাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি যোৱা ২০জুনৰ এইসকল কৰ্মীয়ে প্ৰতি ঘৰে ঘৰে ৰাজহ সংগ্ৰহ কৰা, প্ৰতি ঘৰে ঘৰে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱা আৰু বাহিৰত ৰাজহ সংগ্ৰহ কৰিবলৈ যোৱা কামৰ পৰা বিৰত থাকিব। তাৰ পিছতো যদি সংশ্লিষ্ট বিভাগে তেওঁলোকৰ দাবী আৰু সমস্যা সমূহ সমাধান নকৰে তেন্তে অহা পহিলা জুলাইৰ পৰা ১৫ জুলাইলৈ কলা বেজ পৰিধানেৰে ঘৰে ঘৰে গৈ বিল প্ৰস্তুত কৰি তেঁওলোকৰ অধিকাৰৰ কথা গ্ৰাহকক অৱগত কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ সন্মুখত ক্ষোভ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ পিছতো যদি সংশ্লিষ্ট বিভাগ আৰু চৰকাৰে কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে গুৱাহাটীস্থ বিজুলী ভৱনৰ সন্মূখত গণতান্ত্ৰিক ভাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰু পৰৱৰ্তী পৰ্য্যায়ত অনশন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব। এনে কাৰ্য্যসূচীত অংশগ্ৰহণকাৰী কোনো সদস্যৰ স্বাস্থ্যজনিত কাৰণত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিলে বা মানসিক ভাৰসাম্য হেৰুৱালে তাৰবাবে সন্হাৰ কোনো বিষয়ববীয়া দায়ী নহয় সকলো দায়িত্ব কৰ্তৃপক্ষই ল’ব লাগিব বুলি সংগঠনটোৰ তৰফৰ পৰা সকীয়নি প্ৰদান কৰি এই অস্থায়ী কৰ্মী সকলৰ দীৰ্ঘদিনীয়া সমস্যাৱলী মানৱীয় দৃষ্টিৰে গ্ৰহণ কৰি সকলোকে স্থায়ী নিযুক্তিৰে সমাধান কৰিবলৈ অনুৰোধ জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More